‘খেলা’ এইবাৰহে হ’ব !

Share This Article

লটাৰীৰ নম্বৰ লাগে কেৱল একেটা পৰিয়ালত? লাগেও লাগে একেবাৰে কোটিৰ ঘৰত ! কি ৰহস্য লুকাই আছে এই লটাৰীত ?এবাৰ যদি পিতৃয়ে নগদ ধন লাভ কৰে,পিছৰ বাৰ লাভ কৰে কন্যাই !ক’ৰ এই ঘটনা?চলিত বৰ্ষৰ জানুৱাৰীত পিতৃৰ নম্বৰত লাগিল এক কোটিৰ লটাৰী ২০২০ বৰ্ষৰ লটাৰীত পিতৃৰ লটাৰীত লাগিল ২৬ লাখ,কন্যাৰ লাগিল ২৫ লাখ ।আচৰিত নহয় নে? কোন এই সৌভাগ্যশালী পৰিয়াল ? এই পৰিয়ালটো আছে পশ্চিমবংগৰ বীৰভূমত।পৰিয়ালটোও এৰাগেৰা পৰিয়াল নহয় দেই। তৃণমূল কংগ্ৰেছৰ বীৰভুম জিলাৰ সভাপতি অনুব্ৰত মণ্ডলৰ পৰিয়াল।২০১৯ বৰ্ষতো মণ্ডলে লটাৰীত লাভ কৰিছিল ১০ লাখ টকা। প্ৰায় ৩ বছৰত ৪ বাৰকৈ লটাৰীৰ ধন লাভ কৰিছে মণ্ডলৰ পৰিয়ালে। এতিয়া পিছে সেই সৌভাগ্যশালী পৰিয়ালটোলৈ নামি আহিছে কাল অমানিশা।পশুধনৰ চোৰাং সৰবৰাহৰ লগত জড়িত থকাৰ অপৰাধত ইতিমধ্যে বিগত ২ টা মাহ কাৰাগাৰতেই আছে অনুব্ৰত মণ্ডল। শেহতীয়াকৈ সঘনাই লটাৰীত মণ্ডলে বৃহৎ ধন লাভ কৰাটোত সন্দেহৰ গোন্ধ পাইছে চিবিআয়ে। এই বিষয়টোক লৈ আৰম্ভ কৰিছে তদন্ত। উল্লেখ্য যে পশ্চিম বংগৰ বিধানসভাৰ নিৰ্বাচনৰ আগত তৃণমূল কংগ্ৰেছৰ শ্লোগান আছিল ‘খেলা হবে’ ,সেই শ্লোগানৰ স্ৰষ্টা আছিল এই অনুব্ৰত মণ্ডল । সেই জনপ্ৰিয় শ্লোগানেৰেই পশ্চিম বংগৰ জনতাৰ হৃদয় জিনিছিল তৃণমূল কংগ্ৰেছে।বৰ্তমান কিন্তু অনুব্ৰত মণ্ডল দলটোৰ বাবে এলাগী।ইয়াকে কয় বোলে একালৰ বৃন্দাবন একালত পৰে চন ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.