ভয়ংকৰ তথ্য প্ৰকাশ RBI ৰ !

Share This Article

RBI ৰ তথ্যই মুখত ছাই সানিলে প্ৰধানমন্ত্ৰীৰ ।বিমুদ্ৰাকৰণৰ পিছত কিমান সফল হ’ল নৰেন্দ্ৰ মোডী? নগদ ধনৰ লেনদেন বন্ধ কৰাই আছিল মোডীৰ লক্ষ্য। কিন্তু কিমান সফল হ’ল চৰকাৰ?শেহতীয়া RBI ৰ তথ্যই চকু কপালত তুলিব আপোনাৰ।২০২২চনৰ ২১অক্টোবৰত RBI এ প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমান ভাৰতীয়ৰ হাতত থকা নগদ ধনৰ পৰিমাণ ৩০.৮৮ লাখ কোটি ।আনহাতে,বিমুদ্ৰাকৰণৰ আগত অৰ্থাৎ ২০১৬ চনৰ ৪ নবেম্বৰত ভাৰতীয় লোকৰ হাতত নগদ ধনৰ পৰিমাণ আছিল ১৭.৭ লাখ কোটি টকা।অৰ্থাৎ ইয়াৰ পৰা এই কথা স্পষ্ট যে ২০১৬ চনৰ ৮ নবেম্বৰৰ নিশা ১২ বজাৰ পৰা ৫০০ আৰু ১০০০ টকীয়া নিষিদ্ধ ঘোষণা কৰাৰ দিনা ভাৰতত যিমান নগদ ধন আছিল,তাৰ দুগুণ হ’ল বিগত ৬ বছৰ পাছত।মুঠতে দেশত ক’লা ধন নোহোৱা কৰা,নগদ ধন হ্ৰাস কৰি সন্ত্ৰাসবাদীলৈ ধনৰ পুঁজিৰ যোগান বন্ধ কৰাই আছিল বিমুদ্ৰাকৰণৰ উদ্দেশ্য।কিন্তু আটাইকেইটা ইপ্সিত লক্ষ্যতে বাৰুকৈয়ে মুখথেকেঁচা খালে প্ৰধানমন্ত্ৰী মোডী নেতৃত্বাধীন বিজেপি চৰকাৰখনে। দেশলৈ ক’লাধন ঘূৰাই অনাটো দূৰৰ কথা ছুইছ বেংকত ভাৰতীয়ৰ জমা ধনৰ পৰিমাণ বাঢ়িলহে। মেহুল চক্সি,নীৰৱ মোডীকে ধৰি কেইবাজনো ব্যৱসায়ীয়ে বেংকৰ ধন ঘূৰাই নিদি দেশ এৰিলে৷কিন্তু একেটা সময়তে দেশৰ অৰ্থনীতিৰ কামিহাড় ভাঙি পৰিল৷ক্ষুদ্ৰ ব্যৱসায়ী আৰু মধ্যবিত্তৰ জীৱনলৈ অন্ধকাৰ নমাই আনিছিল এই বিমুদ্ৰাকৰণে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.