পুনৰ সংকটত সিন্দে !

Share This Article

একনাথ সিন্দেক মনত আছে নে? হয়,মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ কথাই ক’ব বিচৰা হৈছে। গুৱাহাটীত থাকি চৰকাৰ গঠনৰ কুচকাৱাজ চলাই সফল হোৱা সিন্দে পুনৰ গুৱাহাটীলৈ আহিব । কিন্তু কিয়?বিপদৰ সময়ত কামাখ্যা মন্দিৰলৈ মনত পৰে সিন্দেৰ । এইবাৰো সিন্দেক নতুন বিপদে লগ দিয়া নাইতো ? তাকে লৈ চলিছে ৰাজনৈতিক মহলত চৰ্চা। বিগত জুন মাহত প্ৰায় এমাহ দিন গুৱাহাটীত বাহৰ পাতিছিল সিন্দেই । লগত ৩৯ জন বিধায়কক লৈ মা কামাখ্যাক দৰ্শন কৰিছিল সিন্দেই। সঁচাকৈয়ে সিন্দেই যিটো বিচাৰিছিল ,তাকেই পাইছিল তেতিয়া।মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিয়েই কামাখ্যা দৰ্শন কৰিছিল সিন্দেই ।সঁচাকৈয়ে কোনেও নভৱাকৈয়ে হিলি গৈছিল মহাপৰাক্ৰমী মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ চৰকাৰ। মা কামাখ্যাৰ আশীৰ্বাদতেই সেই অসম্ভৱ সম্ভৱ হ’ল বুলি ভাবি ল’লে বৰ্তমানৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই।সেয়ে এইবাৰ পুনৰ কামাখ্যা মন্দিৰ দৰ্শনলৈ আহিব সিন্দে। লগত আনিব তেওঁৰ সহযোগী ৩৯ গৰাকী বিধায়কক।মহাৰাষ্ট্ৰৰ শেহতীয়া উপনিৰ্বাচনত উদ্ধৱ থাকৰে গোটৰ ওচৰত ধৰাশায়ী হৈছিল সিন্দে গোট।সেয়ে ৰাজনৈতিক মহলত এতিয়া টিপ্পনী -জনপ্ৰিয়তা হ্ৰাস হোৱা যেন পায় মা কামাখ্যাক পুনৰ দৰ্শন কৰি আশীৰ্বাদ লোৱাৰ মন মেলিছে সিন্দেই।অৱশ্যে সিন্দেৰ যুক্তি পৃথক।ৰাজ্যখনৰ শান্তি আৰু উন্নয়নৰ বাবে তেওঁ প্ৰাৰ্থনা কৰিছিল ।তাত তেওঁ সফল হৈছে৷গতিকে পুনৰ এবাৰ মাৰ আশীৰ্বাদ লাভৰ বাবে আহিব গুৱাহাটীলৈ। ইতিমধ্যে সিন্দেৰ নিৰাপত্তাৰক্ষীৰ দলে কামাখ্যাত নিৰাপত্তাৰ দিশটো পৰ্যবেক্ষণ কৰিছে৷তেওঁৰ লগত অসমৰ ৰাজ্যপালেও কামাখ্যা দৰ্শন কৰিব। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰা নকৰা সম্পৰ্কত কোনো তথ্য ৰাজহুৱা কৰা নাই দুয়ো পক্ষই৷বুধবাৰে গুৱাহাটীত উপস্থিত হোৱাৰ কথা সিন্দে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.