Investigative reporting with dedication.

ছুপাৰ স্পিচিয়েলিটি হাস্পতালত চিকিৎসা নহয় হৃদ ৰোগত আক্ৰান্ত পি এছ ভি টি ৰোগৰ । এবছৰৰ পূৰ্বে জাক -জমকতাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ সন্মুখত উদ্বোধন কৰা হৈছিল হৃদ বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰ অৰ্থাৎ ছুপাৰ স্পিচিয়েলিটি হাস্পতাল । দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিছিল এই হাস্পতাল । স্বাভাৱিকতে এই হাস্পতালত চিকিৎসা হ’ব লাগিছিল সকলো হৃদ ৰোগৰ। কিন্তু হৃদৰোগৰ ইলেক্ট্ৰিকেল অসমতাৰ চিকিৎসা নহয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত। যাৰ বাবে শিৱসাগৰৰ বিধায়ক অখিল গগৈক নিব লগা হৈছে হাইদৰাবাদৰ নৰায়ণ হৃদয়ালয়লৈ । বিধায়ক হোৱাৰ বাবে অখিল গগৈয়ে চৰকাৰী সাহাৰ্যৰে চিকিৎসা কৰাব পাৰিব কিন্তু সাধাৰণ মানুহৰ পি এছ ভি টি ৰোগ হ’লে কি হ’ব? ৰাজ্য চৰকাৰে চিকিৎসা সেৱাৰ বাবে কেইবাখনো চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় নিৰ্মাণ কৰিছে ঠিকেই। কিন্তু অত্যাধুনিক চিকিৎসা আগবঢ়াব পৰা নাই ।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ১৫ বছৰতকৈও অধিক সময় স্বাস্থ্যমন্ত্ৰী হৈ থাকিল যদিও অসমৰ স্বাস্থ্য খণ্ডলৈ নাহিল বিশেষ পৰিবৰ্তন ।তাৰে উদাহৰণ হ’ল শেহতীয়াকৈ বিধায়ক অখিল গগৈৰ চিকিৎসা ।
এতিয়া উত্থাপন হৈছে প্ৰশ্ন– ৰাজ্যত কেতিয়া হ’ব হৃদ ৰোগৰ সু- চিকিৎসা। ছুপাৰ স্পিচিয়েলিটিৰ নামত বৃহৎ অট্টালিকা চায়েই ৰোগী আৰু ৰোগীৰ পৰিয়ালে লাভ কৰিব লাগিব নেকি সন্তুষ্টি?

