চীন অবিহনে অচল হ’ব ভাৰত?

Share This Article

চীনৰ সামগ্ৰী নহ’লে নচলে ভাৰত! চীনা সামগ্ৰীৰে ভৰিছে ভাৰতৰ সমগ্ৰ বজাৰ ! চীন ভাৰতৰ শত্ৰু নহয়, ব্যৱসায়িক বন্ধু হে প্ৰকৃতাৰ্থত চীন-ভাৰত! চীন ভাৰতৰ শত্ৰু দেশ! সঁচাকৈয়ে নে? চীনা সামগ্ৰী বৰ্জন কৰিব লাগে! সঁচাকৈয়ে নে? কিয়নো এনে বহু প্ৰশ্ন, কথা আৰু গুজবৰ মাজতেই পোহৰলৈ আহিছে চীন-ভাৰতৰ অন্য এক কথা, যিটো শুনিলে আপোনাৰো চকু কপালত উঠিব। ভাৰত-চীনৰ শত্ৰুতাৰ কথা পাতি আপুনি মই সময় অতিবাহিত কৰাৰ সময়তে খোদ চৰকাৰৰ তৎপৰতাতেই দেশ ভৰি পৰিছে চীনা সামগ্ৰীৰে। চীনা সামগ্ৰী নহ’লে নচলে ভাৰত। চীনত নিৰ্মিত মেচিনেৰী সামগ্ৰী নহ’লে কাৰিকৰী দিশেৰে হয়তো বিকলাংগ হৈ পৰিব ভাৰত। সেয়ে হাজাৰ-হাজাৰ কোটি টকা ব্যয় কৰি আমদানি কৰা হৈছে চীনা সামগ্ৰী। ২০২২ বৰ্ষত চীন-ভাৰতৰ সম্পর্কই গঢ়িছে এক নতুন অভিলেখ। ‘২২ বৰ্ষৰ প্ৰথম ৯ মাহতে ৮৯.৬৬ বিলিয়ন ডলাৰৰ সামগ্ৰী চীনৰ পৰা আমদানি কৰিছে ভাৰতে। অৰ্থাৎ ভাৰতীয় টকাৰ মূল্য অনুসৰি ভাৰতে চীন দেশৰ পৰা প্ৰায় ৭৩ হাজাৰ কোটি টকা মূল্যৰ সামগ্ৰী আমদানি কৰিছে। বছৰটোৰ প্ৰথম ৯ টা মাহৰ ভিতৰতেই চীনৰ পৰা সৰ্বাধিক পৰিমাণে সামগ্ৰী আমদানি কৰিছে ভাৰতে। ছেপ্টেম্বৰ মাহৰ ভিতৰতে প্ৰায় ৰেকৰ্ড গঢ়ি তুলি আমদানিৰ পৰিমাণ বৃদ্ধি পাইছেগৈ ৩১শতাংশ পৰ্যন্ত। ১০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে দুয়োখন দেশৰ মাজৰ আমদানি-ৰপ্তানিকৃত সামগ্ৰীৰ মূল্য। ভাৰতবৰ্ষই শেহতীয়াকৈ মাথো ২০২২ বৰ্ষৰ ভিতৰতে চীনৰ পৰা প্ৰায় ৭৩ হাজাৰ কোটি টকাতকৈও অধিক মূল্যৰ সামগ্ৰী আমদানি কৰিছে দেশলৈ। কেৱল এয়াই নহয় বছৰটোৰ মাথোঁ প্ৰথম তিনিটা মাহৰ ভিতৰতে ৬৮.৪৬ বিলিয়ন ডলাৰৰ সামগ্ৰী ক্ৰয় কৰি একপ্ৰকাৰ ৰেকৰ্ড গঢ়িয়েই পেলালে ভাৰতে। শেহতীয়াকৈ ভাৰতে চীনত নিৰ্মিত কাৰিকৰী সামগ্ৰী, ঔদ্যোগিক সামগ্ৰী, চিকিৎসা সামগ্ৰী ধাৰাবাহিকভাৱে আমদানি কৰিবলগীয়া হৈছে। দ্য হিন্দু কাকতত প্ৰকাশিত এক বাতৰিত প্ৰকাশ পাইছে এই তথ্য।  ভাৰত চৰকাৰে আমদানি বৃদ্ধিৰ এই ঘটনাক যোগাত্মক দিশ ৰূপেই বিবেচনা কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.