ঊল গুঠিব জানানে,ভাত ৰান্ধিব জানানে …

Share This Article

এগৰাকী মহিলাই বিয়াৰ আগতেই যদি স্বামীৰ ঘৰত কাম কৰাৰ ইচ্ছা নাথাকে জনাই দিয়া উচিত ।বম্বে উচ্চ ন্যায়ালয়ে এগৰাকী মহিলাৰ এক অভিযোগৰ এটা সিন্ধান্ত ঘোষণা কৰাৰ সময়ত এনেদৰে মন্তব্য প্ৰদান কৰে। এগৰাকী মহিলাই তেওঁৰ স্বামী আৰু স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক হাৰাশাস্তিৰ অভিযোগ তুলি গোচৰ ৰুজু কৰিছিল।ন্যায়ালয়ে তেওঁৰ এই আৱেদন খাৰিজ কৰে আৰু তেওঁ তেওঁৰ স্বামী আৰু স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে তোলা এই অভিযোগ ভিত্তিহীন বুলি ঘোষণা কৰে।বিচাৰপীঠৰ তথ্য অনুসৰি বিভা কংকনৱাদী আৰু ৰাজেশ এছ পাটিলৰ নেতৃত্বত গঠিত বিচাৰপীঠে বিয়াৰ পিছত মহিলাক ঘৰৰ কাম কৰিবলৈ দিয়াটো গাহৰ্স্থ্য হিংসাত নপৰে আৰু ইয়াক কাম কৰা মহিলাৰ কাম বুলি ধৰিব নোৱাৰি। ন্যায়ালয়ৰ মতে “ যদি এগৰাকী বিবাহিত মহিলাই নিজৰ পৰিয়ালৰ বাবে ঘৰৰ কাম কৰে,সেই কামখিনিক কাম কৰা মহিলাৰ কাম বুলি মানি লোৱা নহ’ব। সেয়ে যুৱতীয়ে বিয়াৰ আগতেই পুনৰ এবাৰ ভাবি চোৱা উচিত আৰু যদি কিবা এনেকুৱা সমস্যা হয় তেন্তে প্ৰাথমিক পৰ্যায়তে সমাধান কৰা উচিত।”মহিলাগৰাকীয়ে তেওঁৰ গোচৰত অভিযোগ কৰিছে যে তেওঁৰ বিয়াৰ এমাহ পিছতে তেওঁৰ স্বামীৰ পৰিয়ালে গাড়ী কিনিবলৈ ৪ লাখ টকা বিচাৰিছিল।যেতিয়া মহিলাগৰকীয়ে তেওঁৰ ঘৰৰ পৰা ইমান টকা দিবলৈ অসুবিধা হ’ব বুলি জনালে তেওঁক শাৰীৰিক আৰু মানসিক শাস্তি দিয়া আৰম্ভ কৰিলে। আনহাতে,স্বামীৰ ফালৰ অধিবক্তাগৰাকীয়ে কয় যে মহিলাগৰাকীৰ আপত্তিৰ অন্ত নাই। প্ৰতিটো কথাতেই মহিলাগৰাকীৰ আপত্তি থাকে। তেওঁ তেওঁৰ আগৰ স্বামীৰ বিৰুদ্ধেও এনে গোচৰ তৰিছিল। অধিবক্তাগৰাকীৰ মতে আগৰ এই সকলোবোৰ গোচৰত হয় মহিলাগৰাকীয়ে গোচৰটো উঠাই লৈছিল নহয় অভিযুক্ত দোষী হৈছিল। এই গোচৰৰ বিষয়ে ন্যায়ালয়ে কয় যে পুৰণি অভিযোগবোৰলৈ লক্ষ্য কৰিলে দেখা যায় যে মহিলাগৰাকীয়ে প্ৰায়ে এনে অভিযোগ উত্থাপন কৰে। ভাৰতীয় দণ্ডবিধিৰ ৪৯৮ ধাৰা “কেৱল শাৰীৰিক আৰু মানসিক অত্যাচাৰ” কৰা বুলি অভিযোগ দিলেই লগাই দিব নোৱাৰি। তদুপৰি কেনেধৰণৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰ তাৰ কোনো তথ্যও দাখিল কৰা নাই মহিলাগৰাকীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.