ৰাম ৰহিমক লৈ ‘জাল’ গুঁঠিছে বিজেপিয়ে !

Share This Article

প্ৰধানমন্ত্ৰী মোডীৰ ‘বেটী বচাও,বেটী পঢ়াও’ কাৰ্যতঃ ফ্লপ হৈছে ভাৰতত। প্ৰতিটো বক্তৃতাতেই নাৰীৰ সুৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত ধৰ্ষণকাৰীয়ে লাভ কৰি আহিছে ভিআইপি সা-সুবিধা ।  পেৰলত মুক্তি দি ভিডিঅ’ বনোৱাৰ সুবিধা কৰি দিছে ৰাম ৰহিমৰ দৰে ধৰ্ষণকাৰীক। সেই ধৰ্ষণকাৰীয়ে নিৰ্মাণ কৰা ভিডিঅ’ চালে আকৌ ১০ মিলিয়ন লোকে। হয়,এজন ধৰ্ষণকাৰীৰ ভিডিঅ’এদিনতে উপভোগ কৰিলে ১০ মিলিয়ন ভাৰতীয়ই। তথাকথিত ‘ভণ্ড’ ধৰ্ম গুৰু ৰাম ৰহিমে পেৰলত কাৰাগাৰ পৰা মুক্ত হৈ প্ৰস্তুত কৰিলে ভিডিঅ’। দীপাৱলী উপলক্ষে মুক্তি দিয়া ভিডিঅ’টো দুদিনতে চালে ১০ মিলিয়ন লোকে। কেন্দ্ৰৰ মোডী চৰকাৰৰ ‘বেটী বচাও ,বেটী পঢ়াও’ এটা শ্লোগানহে !এইখন চৰকাৰৰ দিনতে দেশত অসুৰক্ষিত নাৰী। ৰাম ৰহিমৰ দৰে এজন ভণ্ড ধৰ্ষণকাৰীৰ অনুগতক বিজেপিৰ ভোটবেংক কৰিবলৈকে পেৰলত মুক্ত এজন ধৰ্ষণকাৰীক ভিডিঅ’ শ্বুট কৰি ইউটিউবত আপলোড কৰিবলৈ দিয়া হ’ল নেকি ?উল্লেখযোগ্য যে হাৰিয়ানাৰ আদমপুৰ সমষ্টিত অহা ৩ নবেম্বৰত উপনিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ ঠিক পিছতেই ৰাজ্যখনত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। তাৰ ঠিক আগতেই ৪০ দিনৰ পেৰলত মুক্তি দি বিজেপি চৰকাৰে ৰাম ৰহিমৰ জৰিয়তে ভোটবেংক সৃষ্টিৰ গোপন অভিসন্ধি ৰচিছে নেকি? নিজৰ দুগৰাকী শিষ্যক ধৰ্ষণ কৰাৰ অপৰাধত ২০ বছৰৰ বাবে কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে ৰাম ৰহিমক। পেৰলত মুক্ত ডেৰা চ’ছাৰ মূৰব্বী জনে অনলাইন দীক্ষাৰ এক কাৰ্যসূচীতো অংশ লৈছিল য’ত বিজেপি দলৰ শতাধিক জ্যেষ্ঠ নেতাই অংশ গ্ৰহণ কৰিছিল। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনৰ আগে আগে ৩ সপ্তাহৰ পেৰলত মুক্তি দিয়া হৈছিল ৰাম ৰহিমক। গুৰুত্বপূৰ্ণ বিষয় এয়ে যে হাৰিয়ানাত মুঠ বিধানসভাৰ আসন আছে ৯০ খন ,ইয়াৰে ৪০ খন বিজেপিৰ,কংগ্ৰেছ দলৰ হাতত আছে ৩১খন,নিৰ্দলীয় আৰু অন্যান্যৰ হাতত আছে ৯ খন আৰু ৰাজ্যখনৰ আঞ্চলিক দল জননায়ক জনতা পাৰ্টিৰ হাতত আছে ১০ খন আসন। বিগত নিৰ্বাচনত বিজেপি দলে আন দলৰ সহায় লৈহে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। হাৰিয়ানাত কংগ্ৰেছ দলৰ ভূপিন্দৰ সিং হুদাৰ দৰে নেতাই বলিষ্ঠ বিৰোধী হিচাপে স্থিতি অব্যাহত ৰখাৰ লগতে প্ৰতিষ্ঠানবিৰোধী ঢৌত শংকিত বিজেপিয়ে ধৰ্মৰ নামত ৰাজনীতি কৰা এনে ভণ্ড ধৰ্ষণকাৰীক পেৰলত বাহিৰলৈ আনি হ’লেও তেওঁৰ অনুগামীক বিজেপিৰ প্ৰতি আকৰ্ষিত কৰিব বিচৰাটোৱে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।উল্লেখ্য যে দলিত সম্প্ৰদায়ৰ প্ৰায় ৭০% লোকেই ৰাম ৰহিমৰ অনুগামী। ২০১৪ চনত হাৰিয়ানাত বিজেপিক সমৰ্থন কৰিছিল ৰাম ৰহিমে।ৰাজধানী চহৰ দিল্লীতেই তেওঁৰ প্ৰায় ২মিলিয়ন অনুগত আছে। ২০১৫ চনত বিহাৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ প্ৰতি সমৰ্থন আগবঢ়াই প্ৰায় ৩০০০ ৰাম ৰহিমৰ অনুগামীয়ে বিজেপিৰ হৈ প্ৰচাৰ চলাইছিল।ৰাম ৰহিমৰ ডেৰা চচ্চা চৌডাই মুকলিকৈয়ে যিকোনো ৰাজনৈতিক দলক সমৰ্থন চলোৱা আৰু দলৰ হৈ আনকি প্ৰচাৰ চলোৱাটো এক পৰম্পৰাৰ দৰেই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.