সাৱধান,পাৰ্চেলত ড্ৰাগছ !

Share This Article

ডাইৰেক্টৰেট অব ৰেভিনিউ ইণ্টেলিজেন্সে মুম্বাইৰ এয়াৰ কাৰ্গো কমপ্লেক্সৰ পৰা প্ৰায় ১.৯ কেজি ওজনৰ ড্ৰাগছ জব্দ কৰে। ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১৫ কোটি।ড্ৰাগছখিনি ইণ্টাৰনেশ্যনেল কোৰিয়াৰ পাৰ্চেলৰ জৰিয়তে বিদেশৰ পৰা ভাৰতলৈ আমদানি কৰা হৈছে।পাৰ্চেলটো সন্দেহবশতঃ ৰেভিনিউ বিভাগৰ লোকে আছুতীয়াকৈ থৈ খোলাত তাৰ ভিতৰত এই বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ হয়।পলিথিনৰ পেকেটত এই টেবলেট সদৃশ ড্ৰাগছবোৰ উদ্ধাৰ হৈছিল ।ড্ৰাগছৰ সৰবৰাহৰ লগত জড়িত ৩জন ব্যক্তিক ইতিৎ গ্ৰেপ্তাৰ কৰা হৈছে তাৰে এজন নাইজেৰিয়াৰ বাসিন্দা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.