এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে কান্দিছে,কিন্তু কিয়?

Share This Article

হিমাচল বিজেপিত তীব্ৰ অসন্তুষ্টি কাৰণ দুজনকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী উপেক্ষিত হৈছে এইবাৰৰ নিৰ্বাচনত।দলীয় টিকেটৰ পৰা বঞ্চিত বহুতেই। নিৰ্দলীয় হিচাপে প্ৰতিন্দন্দ্বিতা আগবঢ়াব এইবাৰ নিৰ্বাচনত। নেতৃত্বৰ আঙুলিৰ ঠাঁৰত নচা কেন্দ্ৰীয় মন্ত্ৰীয়ে সৰু কেঁচুৱাৰ দৰে ফেকুঁৰি উঠিল মঞ্চত। হয়,সজোৰে বিৰোধিতা কৰিব নোৱাৰি মঞ্চতেই কান্দিলে মন্ত্ৰী অনুৰাগ ঠাকুৰে। হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন অহা ১২ নবেম্বৰত অনুষ্ঠিত হ’ব।নিৰ্বাচনৰ বাবে জোৰদাৰ প্ৰস্তুতি চলাইছে বিজেপিয়ে। কিন্তু বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত কোনো ভূমিকাই নাই ৰাজ্যখনৰ দুবাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰেম কুমাৰ ধুমলৰ। প্ৰেম কুমাৰ ধুমলৰ নাম নেদেখি চকুপানীৰে বাট নেদেখা হৈছে তেওঁৰ পুত্ৰ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ। প্ৰেম কুমাৰ ধুমলেই হিমাচলত বিজেপি চৰকাৰ অনাত মুখ্য ভূমিকা লৈছিল। কিন্তু এইবাৰ নিৰ্বাচনৰ টিকেট পোৱাটো দূৰৈৰে কথা ,নিৰ্বাচনী প্ৰচাৰ অভিযানৰ পৰাও আঁতৰাই ৰখা হ’ল দুবাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।৮০ ৰ দশকতে বিধায়ক হিচাপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা ধুমলৰ নেতৃত্বতে ১৯৯৮ চনত ৰাজ্য খনত ক্ষমতালৈ আহিছিল বিজেপি। ২০০৭ চনতো পুনৰ ধুমলৰ নেতৃত্বতে দ্বিতীয়বাৰ ক্ষমতাত অধিষ্ঠিত হৈছিল দলটো।

অৱশ্যে ২০১৭ চনত ধুমলৰ নেতৃত্বতেই দলটো জয়ী হৈ আহিছিল যদিও তেওঁ নিজেই চুজনপুৰ সমষ্টিত পৰাজিত হৈছিল।সেয়ে মুখ্যমন্ত্ৰী হ’ব নোৱাৰিলে ধুমল। উল্লেখ্য যে হিমাচল প্ৰদেশৰ মুঠ ৬৮ খন আসনৰ বাবে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।ইয়াৰে ৬২ খন আসনৰ প্ৰাৰ্থী তালিকা বুধবাৰে আৰু বাকী ৬ খন আসনৰ প্ৰাৰ্থী তালিকা শুকুৰবাৰে ঘোষণা কৰে দলটোৱে। এই প্ৰাৰ্থিত্বৰ তালিকাৰ পৰা বাদ পৰে বিজেপিৰ জ্যেষ্ঠ নেতা শান্তা কুমাৰ আৰু প্ৰেম কুমাৰ ধুমলৰ নাম।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.