মূৰ্খৰ বাবে বেলেগ গাওঁ নাথাকে,গাঁৱতেই মূৰ্খ থাকে

Share This Article

মূৰ্খৰ বাবে বেলেগ গাওঁ নাথাকে,গাঁৱতেই মূৰ্খ থাকে । কিয় ক’লে কানহায়া কুমাৰে? মন কী বাত’ শুনোৱা নহয় মনৰ কথা শুনাহে লক্ষ্য ‘ভাৰত জোড়ো’ৰ । ‘ভাৰত জোড়ো যাত্ৰাৰ উদ্দেশ্য হ’ল দেশৰ জনতাৰ মনৰ কথা শুনা,দেশৰ জনতাক মনৰ কথা শুনোৱাটো নহয় ।’ ‘বিজেপিয়ে বুজাব বিচাৰে যে ৮০ চনৰ আগলৈকে ভাৰত বুলি যেন কোনো দেশেই নাছিল,ভাৰতৰ ইতিহাস ৫ হাজাৰ বছৰ পুৰণি ।’ ভাৰত জোড়ো যাত্ৰাত ভাগ লোৱা নেতা কানহায়া কুমাৰে এনেদৰে কয় ‘ভাৰত জোড়ো’ সম্পৰ্কত। বিজেপি চৰকাৰৰ বিৰুদ্ধে সদায় সৰৱ ভূমিকা লোৱা কানহায়া কুমাৰে কয় “ আমাৰ ভাৰত জোড়ো যাত্ৰাত সকলো শ্ৰেণীৰ লোকে আহি নিজেই অংশ লৈছেহি। আমি কাকো আহ্বান জনাবলগীয়া হোৱা নাই। বৰ্তমান চৰকাৰৰ বিৰুদ্ধে থকা দুৰ্নীতি,মূল্যবৃদ্ধি,ধৰ্মীয় অসহিষ্ণুতা আদি যিমানবোৰ অভিযোগ আছে,সেই সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰি জনতা আহি আমাৰ লগত অংশ লৈছে।” “কংগ্ৰেছে গণতন্ত্ৰত বিশ্বাস কৰে। আমি হাৰিছোঁ আৰু আমি জিকিমো। ভাৰত জোড়ো যাত্ৰাক বিজেপিয়ে যিমানেই উপলুঙা নকৰক,চোৰাংচোৱাৰ ৰিপৰ্টত এটা তথ্য তেওঁলোকে পাইছে যে এই যাত্ৰা সফল হৈছে। কংগ্ৰেছৰ উদ্দেশ্য কেৱল নিৰ্বাচনত জয়ী হোৱাটোৱেই নহয়,কংগ্ৰেছৰ উদ্দেশ্য হ’ল সমস্যাবোৰৰ সমাধান কৰা”- পুনৰ এনেদৰে কয় কানহায়া কুমাৰে।  বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ JNU ৰ ছাত্ৰী আছিল,কানহায়া কুমাৰো একেখন বিশ্ববিদ্যালয়ৰে ছাত্ৰ।সীতাৰমণে টকাৰ মূল্য হ্ৰাস হোৱা নাই বৰঞ্চ ডলাৰৰ মূল্য বৃদ্ধি হোৱা বুলি কোৱা মন্তব্য সম্পৰ্কত কানহায়া কুমাৰে কয় “ মুৰ্খৰ বাবে এখন বেলেগ গাওঁ নাথাকে,গাওঁবোৰৰ মাজতে মুৰ্খ থাকে।গতিকে তাৰ পৰাই বুজি লওক !তদুপৰি সীতাৰমণে চৰকাৰক বচাবলৈয়ো তেনে মন্তব্য দিব পাৰে।”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.