নিৰাপত্তা উন্নত কিন্তু AFSPA থাকিবই !

Share This Article

পৰিস্থিতি ‘শান্ত’ বুলি কৈয়ে দায়িত্ব শেষ কৰিলে গৃহমন্ত্ৰীয়ে ।শিল দলিওৱা মানুহ কেনেকৈ হ’ল পঞ্চ,চৰপঞ্চ ? উত্তৰ পূৰ্বাঞ্চল আৰু জম্মু কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থা যথেষ্ট উন্নত হৈছে,মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ। ৰাষ্ট্ৰীয় আৰক্ষী ‘স্মৃতিচাৰণ দিৱস’ত উপস্থিত থাকি এই মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। আৰক্ষীৰ স্মৃতিচাৰণ দিৱসৰ এক কাৰ্যসূচীত অংশ লৈ গৃহমন্ত্ৰী গৰাকীয়ে কয় ক’ভিডৰ সময়ত আৰক্ষীৰ লোকসকলে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল ।
“আমাৰ দেশত আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত যথেষ্ট ধনাত্মক পৰিবৰ্তন হৈছে। আগতে উত্তৰ পূৰ্বাঞ্চলত,কাশ্মীৰত বাওঁ উগ্ৰপন্থাই গা কৰি উঠিছিল।ইয়াৰ আগতে সশস্ত্ৰ সেনাক বিশেষ ক্ষমতা প্ৰদান কৰা হৈছিল ।কিন্তু বৰ্তমান যুৱকসকলক তেওঁলোকৰ উন্নয়নৰ বাবেহে বিশেষ ক্ষমতা প্ৰদান কৰা হৈছে। সেয়ে এই অঞ্চলবোৰত হিংসাত্মক কাৰ্যকলাপ প্ৰায় ৭০% হ্ৰাস পাইছে”- এনেদৰে কয় গৃহমন্ত্ৰী গৰাকীয়ে।
জম্মু কাশ্মীৰৰ উদাহৰণ দি গৃহমন্ত্ৰী গৰাকীয়ে কয় যে যিসকল যুৱকে এসময়ত নিৰাপত্তাৰক্ষীক দেখি পাথৰ দলিয়াইছিল,সেই সকল এতিয়া গাঁৱৰ ‘পঞ্চ’আৰু ‘চৰপঞ্চ’ হ’ল। “বাওঁ উগ্ৰপন্থী ঘাটি হিচাপে খ্যাত এই ৰাজ্যবোৰৰ একলব্য বিদ্যালয়ত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা আৰম্ভ হৈছে। বিদ্যালয় গৃহবোৰত ৰাষ্ট্ৰীয় পতাকা উৰুওৱাৰ ছবি এতিয়া সহজলভ্য”-এনেদৰে মন্তব্য কৰে গৃহমন্ত্ৰী গৰাকীয়ে।

যুৱপ্ৰজন্মৰ এই ধনাত্মক উত্তৰণত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। গৃহৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে এই অনুষ্ঠানত উপস্থিত থাকি কয় যে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী আৰু আছাম ৰাইফলছৰ ৩০৭ জন জোৱান বিগত চাৰি বছৰত ইতিমধ্যে সীমান্তত শ্বহীদ হৈছে।ইয়াৰে ১৮০ জন কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ,৪৯ জন সীমান্ত সুৰক্ষা বাহিনীৰ,৩৭ জন ইণ্ডো তিব্বতীয় সীমান্তৰ ,৭ জন সশস্ত্ৰ সীমা বলৰ,৭ জন কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তাৰক্ষীৰ আৰু ২৭ জন আছাম ৰাইফলছৰ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.