ব্যৱহাৰ ‘ভাল’ হ’লে শাস্তি কমে ধৰ্ষণকাৰীৰ?

Share This Article

বিজেপিয়ে সমৰ্থন কৰে ধৰ্ষণকাৰীক ?

বিলকিছৰ ধৰ্ষণকাৰীৰ মুক্তিত কেন্দ্ৰৰ আছিল সন্মতি।বিজেপিৰ মতে ব্যৱহাৰ ভাল হ’লে ধৰ্ষণকাৰীৰো শাস্তি হ্ৰাস কৰিব পাৰি।বিলকিছ বানুৰ ধৰ্ষণকাৰীৰ মুক্তি সন্দৰ্ভত এই যুক্তি আগবঢ়াইছে গুজৰাট চৰকাৰে।
উল্লেখযোগ্য যে বিলকিছ বানুৰ ধৰ্ষণৰ ১১গৰাকী অভিযুক্তক গুজৰাট চৰকাৰে ইতিমধ্যে বিগত ১৫ আগষ্টত কাৰাগাৰৰ পৰা মুক্তি দিছিল।ধৰ্ষণকাৰী কেইজনৰ মুক্তিৰ পিছতেই সমগ্ৰ দেশতে হৈছিল তীব্ৰ প্ৰতিবাদ ।দেশৰ কেইবাটাও মানৱ অধিকাৰ সংগঠন তথা বিভিন্ন দল-সংগঠনে ধৰ্ষণকাৰী কেইটাৰ মুক্তিৰ বিৰোধিতা কৰিছিল ।গুজৰাট চৰকাৰে উচ্চতম ন্যায়ালয়ত ধৰ্ষণকাৰীৰ মুক্তিৰ সমৰ্থনত যুক্তি দৰ্শাই দাখিল কৰা শপতনামাত জনাই যে দোষী সাব্যস্ত হোৱা লোক কেইজনে ইতিমধ্যে ১৪ বছৰ কাৰাবাস খাটিছে আৰু তেওঁলোকৰ ব্যৱহাৰ ভাল আছিল ।

উল্লেখ্য যে গুজৰাট চৰকাৰে বিলকিছৰ ধৰ্ষণকাৰীৰ মুক্তি সম্পৰ্কত কেন্দ্ৰৰ পৰা পত্ৰ যোগে সিন্ধান্ত বিচাৰিছিল। কেন্দ্ৰলৈ গুজৰাট চৰকাৰে ২৮ জুনত এই পত্ৰ প্ৰেৰণ কৰিছিল আৰু গৃহ মন্ত্ৰালয়ে ১১জুলাইত এই সিন্ধান্তত সন্মতি প্ৰদান কৰিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.