এটা সাহসী কুকুৰ

Share This Article

এটা সাহসী কুকুৰ

ভাৰতীয় সেনা বাহিনীৰ এটা কুকুৰ এতিয়া চৰ্চাত  জীৱ জন্তুৰো দেশৰ প্ৰতি থাকে অত্যন্ত দেশপ্ৰেম | এটা প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰৰ দুঃসাহসিকতা | নিজেই গুলী খাইও দুই সন্ত্ৰাসবাদীক বাধা দিলে কুকুৰটোৱে  তাৰ পিছতেই প্ৰশংসাৰ পাত্ৰ হৈছে কুকুৰটো |

ভাৰতীয় সেনা বাহিনীত বহু প্ৰশিক্ষণ প্ৰাপ্ত কুকুৰৰ দুঃসাহসিকতা বহু সময়ত দেখিবলৈ পোৱা যায়। ভাৰতীয় সেনাৰ লগতে এই কুকুৰ সমূহেও অত্যন্ত সাহসীকতা প্ৰদৰ্শন কৰি অপৰাধী বা সন্ত্ৰাসবাদীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় । ঠিক তেনে এক সাহসিকতাৰ পৰিচয় দিলে ভাৰতীয় সেনা বাহিনীৰ এটা কুকুৰে । দুই সন্ত্ৰাসবাদীক কামুৰি বাধা দিলে কুকুৰটোৱে । কুকুৰ টোৰ সহায়তে পলাই সাৰিবলৈ ধৰা সন্ত্ৰাসবাদী দুটাক গুলীয়াই হত্যা কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনা জোৱানে । লস্কৰ ই তৈবা দুই সন্ত্ৰাসবাদীক এনেদৰে দৌৰি দৌৰি কামুৰি বাধা দিয়ে কুকুৰ টোৱে। ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক প্ৰচাৰ হৈছে উক্ত ভিদিঅটো । তাৰ পিছতেই দেশৰ কৌটি কৌটি জনতাৰ মৰম আৰু আদৰ লাভ কৰিবলৈ সক্ষম হৈছে কুকুৰটোৱে । জীৱ জন্তুৰো যে দেশৰ প্ৰতি অত্যন্ত স্বদেশ প্ৰেম থাকে এই কুকুৰ টোৰ পৰাই প্ৰমাণ হৈছে। গুলীবিদ্ধ হৈয়ো কুকুৰটোৱে নিজৰ কৰ্তব্য নিয়াৰিকৈ পালন কৰে । বৰ্তমান সেনা বাহিনীৰ লগতে দেশবাসীৰ প্ৰসংশা বুটলিবলৈ সক্ষম হৈছে কুকুৰটো ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.