গাখীৰ খুৱাই সাপ পোহে কংগ্ৰেছে

Share This Article

গাখীৰ খুৱাই সাপ পোহে কংগ্ৰেছে
সভাপতিৰ দৌৰৰ পৰা বাহিৰ গেহলট
নিজেই পোতা খুটিত উজুতি গান্ধী পৰিয়ালৰ

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ ওপৰত খড়্গহস্ত কেন্দ্ৰীয় নেতৃত্ব৷
গান্ধী পৰিয়ালৰ অত্যন্ত ঘনিষ্ঠ হোৱাৰ সুবাদতে সভাপতি পদৰ প্ৰথম পচন্দৰ প্ৰাৰ্থী আছিল গেহলট ৷
গেহলটে সভাপতি পদ চম্ভলাৰ লগতে মুখ্যমন্ত্ৰী পদটোও খামুচি থকাৰ পাং পাতিছিল ৷

কিন্তু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এক ব্যক্তি এক পদৰ কথা ঘোষণা কৰাৰ লগে লগে আউল লাগিল গেহলটৰ অংকত৷

লগে লগে তেওঁৰ বিৰোধী তথা ৰাজ্যখনৰ উপমুখ্যমন্ত্ৰী শচীন পাইলটৰ মুখ্যমন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত হ’ল৷

তাতেই ক্ষুণ্ন হৈ গেহলটৰ সমৰ্থনত ৯২ গৰাকী বিধায়কে একেলগে পদত্যাগ কৰাৰ কথা ঘোষণা কৰিলে৷
ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ‘ভাৰত জোড়ো’ যাত্ৰাৰ মাজতে গান্ধী পৰিয়ালৰ অত্যন্ত ঘনিষ্ঠ গেহলটৰ নেতৃত্বতে এনে পৰিস্থিতিৰ সৃষ্টি হোৱাক লৈ ক্ষুণ্ণ কেন্দ্ৰীয় নেতৃত্ব৷
ৰাহুল গান্ধীৰ এক ব্যক্তি এক পদ নীতিৰ প্ৰতি সমৰ্থন জনাই মুখ্যমন্ত্ৰী পদ ত্যাগৰ সিন্ধান্ত ঘোষণা কৰাৰ সময়ত গেহলটৰ বাসভৱনত দেওবাৰে সকলো বিধায়ক সমবেত হোৱাৰ কথা আছিল৷কিন্তু মাত্ৰ ২০ ৰ পৰা ২৫ জন বিধায়ক উপস্থিত হোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰী গেহলটৰ ঘনিষ্ঠ শান্তি ধৰিৱালৰ ঘৰত উপস্থিত থাকিল গৰিষ্ঠসংখ্যক বিধায়ক৷

তাৰ ঠিক পিছতেই এখন বাছেৰে সেই সকল বিধায়ক অধ্যক্ষৰ ঘৰত উপস্থিত হৈ শচীন পাইলট মুখ্যমন্ত্ৰী হ’লে সকলোৱে পদত্যাগ কৰাৰ হুংকাৰ দিয়ে৷
আনকি কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে উপস্থিত থকা অজয় মাকেন আৰু মাল্লিকাৰ্জুন খাৰ্গেক সাক্ষাৎ কৰিবলৈ আপত্তি কৰিছিল গেহলটৰ সমৰ্থিত বিধায়কসকলে৷

গেহলটৰ সমৰ্থন নোহোৱাকৈ ইমান সংখ্যক বিধায়কে একেলগে পদত্যাগ কৰাৰ ঘোষণা কৰিব নোৱাৰে বুলি কেন্দ্ৰীয় নেতৃত্ব পতিয়ন গৈছে৷
ইয়াৰ পিছতেই গেহলটৰ সভাপতিৰ দৌৰত যতি পৰিছে তাৰ বিপৰীতে নতুনকৈ এই দৌৰত প্ৰৱেশ ঘটিছে দিগ্বিজয় সিং,মাল্লিকাৰ্জুন খাৰ্গে ,কমল নাথ আদিৰ দৰে জ্যেষ্ঠ কংগ্ৰেছীৰ !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.