কাৰ্যালয় দেখিলেই পেট্ৰল বোমা নিক্ষেপ !

Share This Article

কাৰ্যালয় দেখিলেই পেট্ৰল বোমা নিক্ষেপ !
বিজেপি -RSS ৰ কাৰ্যালয়ত আক্ৰমণ তামিলনাডুত
পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া নাই মুখ্যমন্ত্ৰীৰ

বিজেপি তথা আৰএছএছৰ কাৰ্যালয়ত বিগত বৃহস্পতিবাৰৰ পৰা পেট্ৰল বোমা নিক্ষেপৰ ঘটনা সংঘটিত হৈ আহিছে তামিলনাডুৰ বিভিন্ন প্ৰান্তত৷

কইম্বাটুৰ,পলাচী,ৰামনাথপুৰম,ইৰ’দে আৰু তামবাৰাম অঞ্চলত অৱস্থিত বিজেপি আৰু আৰএছএছৰ কাৰ্যালয়ত এনে ঘটনাৰ খবৰ পোৱা গৈছে৷

ইতিমধ্যে এই ঘটনাৰ লগত জড়িত ১১ জন পিএফআইৰ সদস্যক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷

তামিলনাডুৰ আৰক্ষী সঞ্চালক প্ৰধান শৈলেন্দ্ৰ বাবুৱে দেওবাৰে সাংবাদিকক দিয়া তথ্য অনুসৰি এতিয়ালৈকে ২৫০ জন লোকক এই আক্ৰমণৰ লগত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইয়াৰে ১১জনৰ বিৰুদ্ধে এই ঘটনাৰ লগত জড়িতৰ তথ্য পোৱা গৈছে ৷

“কেইজনমান অপৰাধীক কেৰাচিনৰ বটল দলিওৱাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইতিমধ্যে তদন্ত চলি আছে৷দুখন দুচকীয়া বাহনো ইতিমধ্যে জব্দ কৰা হৈছে”- এনেদৰে মন্তব্য কৰে শৈলেন্দ্ৰ বাবুৱে৷

“ আমি ইতিমধ্যে অপৰাধী সকলক সকীয়াই দিছোঁ যে শান্তি-সম্প্ৰীতি বিঘ্নিত কৰা লোকক নেশ্যনেল ছিকিউৰিটি এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰা হ’ব”- এনেদৰে কয় সঞ্চালক প্ৰধান গৰাকীয়ে৷

কইম্বাটুৰত দেওবাৰৰ পৰা প্ৰায় ৩,৫০০ আৰক্ষী পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিয়োগ কৰা হৈছে৷

ইয়াৰোপৰি ষ্টেট কামাণ্ডো ফৰ্চ আৰু স্পেচিয়েল টাস্ক ফৰ্চৰ দুটা গোটেও বিভিন্ন স্থানত অপাৰেশ্যন চলাই আছে!
বিজেপিৰ ৰাজ্যিক সভাপতি কে আন্নামালায়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এক পত্ৰ প্ৰেৰণ কৰি জনাইছে যে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এই ঘটনাক গৰিহণা দি কোনো ধৰণত বিজ্ঞপ্তি প্ৰেৰণ কৰা নাই৷
“ পেট্ৰল বোমা নিক্ষেপ কৰি ব্যক্তিগত সম্পত্তি ধ্বংস কৰাটো এতিয়া ৰাষ্ট্ৰবিৰোধী শক্তিৰ প্ৰধান উদ্দেশ্য৷কিন্তু ডিএমকে চৰকাৰে ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই”- এনেদৰে পত্ৰত গৃহমন্ত্ৰী গৰাকীক অভিযোগ দিছে বিজেপিৰ সভাপতি গৰাকীয়ে৷

চৰকাৰে এই ঘটনাৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলেও কিন্তু মুখ্য সচিব ইৰাই অনবুৱে বিগত শনিবাৰে প্ৰশাসনৰ বিষয়া তথা আৰক্ষী বিষয়াৰ লগত পৰিস্থিতি সন্দৰ্ভত এক বৈঠকত মিলিত হয়৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.