সঁচাকৈয়ে অপ্ৰকৃতিস্থ আছিল নে ভগৱন্ত মান?

Share This Article

সঁচাকৈয়ে অপ্ৰকৃতিস্থ আছিল নে ভগৱন্ত মান?
বিৰোধীৰ মুখত চূণ সানিলে লুফটানছা এয়াৰলাইন্সে
মানৰ বাবে নহয়,আন কাৰণতে বিলম্ব হৈছিল বিমান

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক ফ্ৰেংকফুটত সঁচাই বিমানৰ পৰা নমাই দিয়া হৈছিল নে?

ভগৱন্ত মানে অত্যধিক সুৰা সেৱন কৰাৰ বাবে তেওঁক বিমানৰ পৰা নমাই দিয়াৰ কাৰণে তেওঁ দিল্লীত নিৰ্ধাৰিত সময়তকৈ ৪ ঘণ্টা পলমকৈ উপস্থিত হোৱা বুলি শিৰোমণি আকালি দলে অভিযোগ উত্থাপন কৰিছিল৷

আনকি মানৰ নিচাসক্ত অৱস্থাৰ ঢলংপলংকৈ খোজ কঢ়া এক ভিডিঅ’ও আপলোড হোৱা দেখা গৈছে সামাজিক মাধ্যমত৷

এগৰাকী মুখ্যমন্ত্ৰীৰ অপ্ৰকৃতিস্থ অৱস্থাৰ লগত আন্তঃৰাষ্ট্ৰীয় বিমানৰ উৰণত পলম হোৱাৰ খবৰে ভাৰতৰ ৰাজনীতি তোলপাৰ লগাই থকা সময়তে জাৰ্মানীৰ লুফটানছা এয়াৰলাইন্সে বিষয়টো সম্পৰ্কত স্পষ্টীকৰণ দিছে৷

এয়াৰলাইন্সৰ তৰফৰ পৰা জনোৱা মতে ফ্ৰেংকফুটৰ পৰা দিল্লীলৈ আহিবলগীয়া বিমানখন উৰণত পলম হৈছিল কিয়নো সেই সময়ত ফ্ৰেংকফুটত অৱতৰণ কৰিবলগীয়া আন এখন বিমান তাত যথেষ্ট সময় পলমকৈ অৱতৰণ কৰিছিল৷

এটা টুইটত লুফটানছা এয়াৰলাইছক বিমান বিলম্বৰ কাৰণ সম্পৰ্কত প্ৰশ্ন কৰাত এয়াৰলাইনছৰ তৰফৰ পৰা এই স্পষ্টীকৰণ দিয়া হয়৷

আন এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে মুখ্যমন্ত্ৰী মান সেই সময়ত নিচাসক্ত আছিল নেকি বুলি প্ৰশ্ন কৰাত এয়াৰলাইছৰ তৰফৰ পৰা জনোৱা হৈছিল “ ডাটা সুৰক্ষিত ৰখাৰ স্বাৰ্থত আমি কোনো যাত্ৰীৰ ব্যক্তিগত তথ্য ৰাজহুৱা কৰিব নোৱাৰোঁ ”
শিৰোমণি আকালি দলৰ নেতা সুখবিন্দৰ সিং বাদলে মান সম্পৰ্কত উত্থাপন কৰা অভিযোগ সন্দৰ্ভত আপ দলে কয় যে বিৰোধীৰ ওচৰত কোনো ইছ্যু নাই৷সেয়ে ৰোগত আক্ৰান্ত মানকেই ইছ্যু হিচাপে বাচি লৈছে৷

উল্লেখযোগ্য যে মানে ৮ দিনীয়া জাৰ্মানী ভ্ৰমণ সামৰি সোমবাৰে দিল্লীত উপস্থিত হৈছিলহি আৰু বিমান উৰণত পলম হোৱা বাবে আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় অধিৱেশনত উপস্থিত থাকিব পৰা নাছিল৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.