গোজক গজালি হ’বলৈ নিদিয়ে মিজোৰামে

Share This Article

গোজক গজালি হ’বলৈ নিদিয়ে মিজোৰামে

দোকানো নহ’ব,মাটিও নহ’ব-থাকে যদি থাকক

একো অধিকাৰ নাই,কেৱল থকাৰ জেগাটোহে

মাটি নিকিনিব,দোকান নুখুলিব -শৰণাৰ্থীক সকিয়নী মিজোৰাম প্ৰশাসনৰ

ম্যানমাৰৰ পৰা অহা শৰণাৰ্থীৰ ক্ষেত্ৰত কঠোৰ মিজোৰামৰ চৰকাৰ

শৰণাৰ্থীৰ বাবে পৰিচয় পত্ৰৰ ব্যৱস্থা কৰিছে মিজোৰাম চৰকাৰে৷

শৰণাৰ্থীয়ে আধাৰ কাৰ্ডৰ বাবেও আবেদন কৰিব নোৱাৰিব মিজোৰামত

চৰকাৰী তথ্য অনুসৰি প্ৰায় ৩০,০০০ ম্যানমাৰৰ পৰা অহা শৰণাৰ্থীয়ে আশ্ৰয় লৈ আছে মিজোৰামত৷

ৰাজ্যখনত ১৫০ টা শৰণাৰ্থীৰ শিবিৰ আছে৷
আইজল জিলা প্ৰশাসনে শেহতীয়াকৈ কঠোৰ বাধা নিষেধ আৰোপ কৰিছে এই শৰণাৰ্থী সকলৰ ক্ষেত্ৰত৷

শৰণাৰ্থী সকলে প্ৰশাসনৰ আগতীয়া অনুমতি অৱিহনে ৰাজ্যখনত কোনো সম্পত্তি ক্ৰয় কৰিব নোৱাৰিব৷

তদুপৰি কোনোধৰণৰ ব্যৱসায় বাণিজ্য , আনকি সৰু দোকান আদিও প্ৰশাসনৰ অনুমতি অৱিহনে খুলিব নোৱাৰিব ৷
তেওঁলোকে ম্যানমাৰৰ পৰা অনা গাড়ীৰ সম্পূৰ্ণ তথ্য দিব লাগিব প্ৰশাসনক৷
আইজল প্ৰশাসনে সকলোবোৰ স্থানীয় নিগম,নিকায় তথা গাওঁসভাৰ মূৰব্বীক এই বিষয়বোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি শৰণাৰ্থী সকলৰ গতিবিধিত কঠোৰ দৃষ্টি দিবলৈ আহ্বান জনাই
ছে৷

উল্লেখযোগ্য যে মিজোৰাম সীমান্তৰ প্ৰায় ৫১০ কিলোমিটাৰ অঞ্চল ম্যানমাৰৰ সীমান্তৰ লগত আছে৷

সেয়ে মিজোৰাম আৰু ম্যানমাৰৰ মাজত আগৰে পৰাই এক নিকট সম্পৰ্ক আছে৷

তাৰেই সুবাদত ম্যানমাৰৰ শৰণাৰ্থীয়ে তেওঁলোকৰ আত্মীয় অথবা স্থানীয় লোকৰ তাত ঘৰ ভাড়ালৈ লৈ সৰু সুৰা দোকান পোহাৰেৰে ব্যৱসায় আৰম্ভ কৰিছে৷ফলত গোজেই গজালি হয় বুলি শংকিত হৈছে মিজোৰাম প্ৰশাসন৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.