অসম আন্দোলনৰ উত্তাল দিনবোৰৰ কথা।সদৌ অসম ছাত্ৰ সন্থাৰ এটা আহ্বানত সমগ্ৰ অসমৰ ৰাজপথ ভৰি পৰে হাজাৰ হাজাৰ জনতাৰে।প্ৰতিদিনে নতুন নতুন কাৰ্যসূচী ।আন্দোলনৰ নতুন নতুন পথ।বন্দুক , বেইনেটৰ ভয় নেওচি ওফৰাই দিছে সান্ধ্য আইন।গুপ্তচৰ,চোৰাংচোৱা নিয়োগ কৰিও আছু নেতাক কৰায়ত্ত কৰাত ব্যৰ্থ হৈছে চৰকাৰ ।আন্দোলনৰ উত্তাল ৰূপ দেখি চিন্তাত পৰিল প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী।তেওঁ ছাত্ৰ সন্থাৰ লগত আলোচনা আৰম্ভ কৰাৰ কথা ভাবিলে। দিন সময় ঠিক হল।আন্দোলনকাৰী শিবিৰতো আৰম্ভ হল আলোচনা , চৰ্চা।কিদৰে আলোচনাৰ আৰম্ভনিতে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক বিব্ৰত কৰি তুলিব পাৰি? কিদৰে আলোচনা আৰম্ভ হোৱাৰ পূৰ্বেই প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক বেকফুটলৈ ঠেলি দিব পাৰি? সেই সময়তে ৰাষ্ট্ৰীয়কৃত বেংক এটাৰ এগৰাকী বিষয়াই অসম আন্দোলনৰ অন্যতম দিক নিৰ্দেশক অধ্যাপক বসন্ত ডেকাক এটা আইডিয়া দিলে ।সেইমতেই বৈঠকৰ দিনাৰ পৰিকল্পনা কৰা হল।
নিৰ্দিষ্ট দিনত আলোচনাৰ বাবে প্ৰধানমন্ত্ৰীৰ ওচৰত উপস্থিত হল ছাত্ৰ সন্থাৰ নেতৃত্ব ।প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ টেবুলত আলোচনাৰ বাবে বহিল আছুৰ সভাপতি প্ৰফুল্ল মহন্ত ,সাধাৰণ সম্পাদক ভৃগু কুমাৰ ফুকন আৰু আন আন নেতাসকল।কিন্তু বৈঠক আৰম্ভ হোৱাৰ পূৰ্বেই আছু নেতাসকল চকীৰ পৰা থিয় হল ।বসন্ত ডেকাই কৈ পঠিওৱাৰ দৰেই তেওঁলোকে অসম আন্দোলনত নিহত সকলৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনাৰ আহ্বান জনালে। বিব্ৰত হৈ পৰিল প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ।অধ্যাপক বসন্ত ডেকাৰ সেই পৰামৰ্শই আলোচনালৈ নাটকীয় পৰিৱৰ্তন আনিলে । প্ৰধানমন্ত্ৰীও থিয় হবলৈ বাধ্য হল। ইন্দিৰা গান্ধীয়েও আন্দোলনৰ মৃতকৰ বাবে মৌন প্ৰাৰ্থনা জনালে।ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰক্ষীয়ে যিসকল লোকক হত্যা কৰিছিল ,তেওঁলোকৰ বাবেই মৌন প্ৰাৰ্থনা জনাবলৈ বাধ্য হল প্ৰধানমন্ত্ৰীগৰাকী।এইদৰেই বসন্ত ডেকাৰ এটা পৰামৰ্শই অসম আন্দোলনত নিহত সকলক মান্যতা দিবলৈ ভাৰত চৰকাৰক একপ্ৰকাৰ বাধ্য কৰালে।
অসম আন্দোলনৰ এই গুৰুত্বপূৰ্ণ পৰিঘটনা আৰু আন্দোলনত অধ্যাপক বসন্ত ডেকাৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰিছে প্ৰখ্যাত সাংবাদিক অৰুণ শ্বৌৰীয়ে,তেওঁৰ আত্মজীৱনী The commisioner for lost causes ত। The Indian Express ৰ প্ৰাক্তন সম্পাদকগৰাকীৰ এই কিতাপখন পঢ়িলে সহজেই ধাৰণা কৰিব পাৰি যে অসম আন্দোলনৰ থিংক টেংক সকলৰ অন্যতম আছিল অধ্যাপক বসন্ত ডেকা ।তেওঁ কিদৰে অসম আন্দোলনৰ অঘোষিত উপদেষ্টাৰ ৰূপত কাম কৰিছিল ,কিদৰে সৰু এটা পৰামৰ্শৰে ক্ষমতাশালী প্ৰধানমন্ত্ৰীক বিব্ৰত কৰি তুলিছিল,সেই কথাবোৰ সঠিকভাৱেই অৰুণ শ্বৌৰীয়ে নিজৰ আত্মজীৱনীত উল্লেখ কৰিছে।
দুৰ্ভাগ্যৰ কথাটো হল অসম আন্দোলনৰ এই গৰাকী দিক নিৰ্দেশকে আছুৰ বৰ্তমানৰ নেতৃত্বৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে । অধ্যাপক বসন্ত ডেকাই লগতে কেবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগৰো অৱতাৰনা কৰিছে ।দেওবাৰে টুইটাৰত তেওঁ লিখিছে এইদৰে –
“ব্যক্তিগত খণ্ডৰ কোম্পেনীবোৰে যে অহৰহ অনা খিলঞ্জীয়াক চাকৰি দি আছে আছুয়ে আলোচনাত উত্থাপন কৰিছে বুলি মানে নধৰে।কোম্পেনীবোৰে কোনো খিলঞ্জীয়া যুৱকক চাকৰি নিদিয়ে। ৰক্ষাকৱচৰ প্ৰতিবেদনত আছুৰ এশ শতাংশৰ দাবী আছে।কিন্তু আছুয়ে বিষয়টোত গুৰুত্ব দিয়া নাই।আলোচনাত ওলাইছেনে নাই অসমৰ ৰাইজক জনাওক।সিদ্ধান্ত কি হৈছে কওক।এইটো অসম চৰকাৰে কৰিব পৰা কাম। এ পি এছ চিত অসমীয়া ভাষা থাকিবনে কওক।অনুমতি নোহোৱাকৈ বণিয়াই খিলঞ্জীয়াৰ মাটি কিনিবনে নাই কওক।”
শনিবাৰে ৰাইজৰ আগোচৰে আছু নেতৃত্বই মুখ্যমন্ত্ৰীৰ লগত আলোচনাত বহাৰ পাছত অধ্যাপক বসন্ত ডেকাই এই প্ৰশ্নৰ অৱতাৰনা কৰিছে ।স্বাভাৱিকতে প্ৰতিটো প্ৰশ্নৰ যুক্তি আছে,গুৰুত্ব আছে। কা আন্দোলনৰ পাছত অসম চুক্তিক লৈ আছু নেতৃত্ব চৰকাৰৰ লগত কেবালানি আলোচনাত বহিছে। কা আন্দোলনত নিহত ৫ গৰাকী অসমীয়া যুৱকক আছুয়ে ছহিদৰ মৰ্যদা দিছে ঠিকেই ,কিন্তু চৰকাৰৰ চকুত তেওঁলোক আজিও দুস্কৃতিকাৰী। কি পৰিস্থিতিত ৫ জন অসমীয়া যুৱকৰ মৃত্যু হল ,তাৰ অনুসন্ধানৰ বাবে এখন ন্যায়িক আয়োগ গঠন কৰিবলৈ আজিও চৰকাৰক বাধ্য কৰাব নোৱাৰিলে আজিৰ আছু নেতৃত্বই। অথচ বৈঠকৰ পাছত বৈঠক চলিয়েই আছে । এই বৈঠকসমূহত চৰকাৰৰ পৰা কি প্ৰতিশ্ৰুতি আদায় কৰিব পাৰিলে ,সেয়াও অদ্যপি ৰাজহুৱা কৰিব পৰা নাই আছু নেতৃত্বই। এনে পৰিস্থিতিত ৰাইজৰ আগোচৰে অনুষ্ঠিত এখন বৈঠকে হাজাৰ প্ৰশ্ন আৰু সন্দেহৰ উদয় কৰাটো স্বাভাৱিক ।এই প্ৰশ্ন আৰু সন্দেহৰে প্ৰতিফলন ঘটিছে বসন্ত ডেকাৰ মন্তব্যত । অসম আন্দোলনৰ অন্যতম দিক নিৰ্দেশকগৰাকীৰ ক্ষোভভৰা মন্তব্য আৰু তাৰ আঁৰৰ সকীয়নিক গুৰুত্বসহকাৰে লোৱাটো আছু নেতৃত্বৰ বাবে সময়ৰ দাবী । অন্যথা নিজৰেই শুকাকাংক্ষীৰ চকুত হেয় হবলৈ বেছি পৰ নালাগিব।