সেনাৰ অস্থায়ী নিযুক্তি : অগ্নিপথে কিয় জ্বলাইছে অগ্নি ?

Share This Article

মঙলবাৰে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে ‘অগ্নিপথ’ শীৰ্ষক এখন নতুন আঁচনিৰ ঘোষণা কৰে ৷ তাৰ পাছতেই দেশজুৰি সৃষ্টি হৈছে উত্তাল পৰিস্থিতিৰ ৷ সেনাৰ নিযুক্তিৰ বাবে প্ৰস্তুতি চলাই থকা হাজাৰ হাজাৰ নিবনুৱাই ৰাজপথত নামি প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ বিহাৰত প্ৰতিবাদে লৈছে হিংসাত্মক ৰূপ ৷ বিহাৰৰ আৰা ৰেলৱে ষ্টেচন লণ্ড ভণ্ড কৰিছে প্ৰতিবাদকাৰীয়ে ৷ হাতত ত্ৰিৰংগা পতাকা লৈ ‘মোদী চৰকাৰ মুৰ্দাবাদ’ শ্ল’গান দিছে ৷ অবৰোধ কৰিছে ৰে’লপথ ৷

ৰাজনাথ সিঙে ঘোষণা কৰা কি এই ‘অগ্নিপথ’ আঁচনি ?

কেন্দ্ৰীয় চৰকাৰে নতুনকৈ ঘোষণা কৰা অগ্নিপথ আঁচনি অনুসৰি ৪ বছৰৰ বাবে সেনাত দিয়া হ’ব ঠিকাভিত্তিক নিযুক্তি৷ ১৭ বছৰ ৬ মাহ বয়সৰ পৰা ২১ বছৰৰ ভিতৰৰ যুৱক যুৱতীক দিয়া হ’ব সেনাৰ অস্থায়ী নিযুক্তি ৷ ইয়াৰ ভিতৰত ২৫ শতাংশক সেনা বাহিনীত স্থায়ী নিযুক্তি দিয়া হ’ব ৷ এইদৰে নিযুক্তি লাভ কৰা যুৱক –যুৱতীসকলক অভিহিত কৰা হ’ব ‘অগ্নিবীৰ’ হিচাপে ৷ কিন্তু সেই অগ্নিপথ – অগ্নীবীৰে এতিয়া তোলপাৰ লগাইছে দেশ ৷ নিবনুৱাৰ দাবী অস্থায়ী নিযুক্তি প্ৰত্যাহাৰ কৰক ৷ স্থায়ী নিযুক্তি প্ৰদান কৰক ৷

মোদী চৰকাৰৰ নতুন আঁচনিক লৈ কিয় শংকিত নিবনুৱা ?

কোভিডৰ পৰিপ্ৰেক্ষিতত ২০২০ চনৰ পৰাই বন্ধ হৈ আছে ভাৰতীয় সেনাৰ নিযুক্তি ৷উত্তৰ প্ৰদেশত খোদ ৰাজনাথ সিঙৰ সন্মুখতেই  সেনাৰ নিযুক্তি পুণৰ আৰম্ভ কৰাৰ দাবী উত্থাপণ কৰিছিল বিক্ষুদ্ধ নিবনুৱাই ৷ কাৰণ ভাৰত চৰকাৰৰ তথ্য অনুসৰিয়ে বৰ্তমান ভাৰতীয় সেনাত খালী হৈ আছে ১ লাখ ২২ হাজাৰ ৫৪৬ টা পদ৷ কিন্তু দীৰ্ঘদিন ধৰি সেনাৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা নাই মোদী চৰকাৰে ৷ অথচ কৌটি কৌটি যুৱকে সেনাত নিযুক্তিৰ বাবে দীৰ্ঘদিন ধৰি প্ৰস্তুতি চলাই আছে ৷ বহুতৰে সেনাৰ নিযুক্তিৰ বাবে বয়সৰ সীমাও ইতিমধ্যে অতিক্ৰম কৰিছে ৷ তাৰ মাজতে ৰাজনাথ সিঙে ঘোষণা কৰিছে সেনাৰ অস্থায়ী নিযুক্তিৰ আঁচনি ‘অগ্নিপথ’ ৷ এই আঁচনি অনুসৰি নিযুক্তি লাভৰ চাৰি বছৰ পাছতেই অৱসৰ লাভ কৰিব যুৱক যুৱতীসকলে ৷

কিমান দৰমহা পাব অস্থায়ী সৈনিকে ?

‘অগ্নিপথ’ আঁচনিৰ অধীনত চাৰিবছৰীয়ে নিযুক্তি লাভ কৰা একোজন প্ৰাৰ্থীয়ে প্ৰথম বছৰত  মাহে ৩০ হাজাৰ টকা , দ্বিতীয় বছৰত মাহে ৩৩ হাজাৰ টকা , তৃতীয় বছৰত মাহে ৩৬ হাজাৰ ৫০০ টকা আৰু চতুৰ্থ বছৰত মাহে ৪০ হাজাৰ টকা লাভ কৰিব ৷ চাৰি বছৰত এই দৰমহাৰ পৰাই মুঠ ৫ লাখ ২ হাজাৰ টকা কৰপাছ ফাণ্ডৰ বাবে কাটি ৰখা হ’ব ৷ চাৰি বছৰ পাছত যেতিয়া যুৱক যুৱতীসকলে অৱসৰ গ্ৰহন কৰিব তেতিয়া ভাৰত চৰকাৰে অতিৰিক্ত ৫ লাখ ২ হাজাৰ টকা যোগ দি অৱসৰী ‘অগ্নিবীৰ’সকলক ১১ লাখ ৭১ হাজাৰ টকাৰ সেৱা নিধি পেকেজ প্ৰদান কৰিব ৷

বিজেপি সাংসদ- বিৰোধীৰ প্ৰতিক্ৰিয়া 

কেন্দ্ৰৰ এই আঁচনিক লৈ কোনোপধ্যে সন্তুষ্ট নহয় চাকৰি প্ৰত্যাশী নিবনুৱাসকল ৷ তেওঁলোকক লাগে স্থায়ী নিযুক্তি ৷ যাৰ বাবে হাজাৰ হাজাৰ নিবনুৱাই ৰাজপথত নামি সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ বিজেপি সাংসদ বৰুণ গান্ধীয়ে বিষয়টো লৈ প্ৰতিৰক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰিছে পত্ৰ ৷ য’ত তেওঁ উল্লেখ কৰিছে যে অগ্নিপথ আঁচনিক লৈ দেশৰ যুৱ প্ৰজন্মৰ অনেক প্ৰশ্নৰ উদয় হৈছে ৷ চৰকাৰে এই আঁচনিৰ সকলো নীতিগত সিদ্ধান্ত স্পষ্ট কৰি নিজৰ বক্তব্য মুকলিকৈ কোৱা উচিত ৷ তেওঁ লগতে উল্লেখ কৰে যে সেনাত ১৫ বছৰ চাকৰি কৰি অৱসৰ লাভ কৰা সৈনিকসকলকেই কৰ্পোৰেট খণ্ডই নিযুক্তি প্ৰদানৰ  বাবে আগ্ৰহী নহয় ৷ তেনেস্থলত চাৰি বছৰ চাকৰি কৰি অৱসৰ লোৱা অগ্নিবীৰসকলৰ ভৱিষ্যত কৰি হ’ব ?

বি এছ পি নেত্ৰী মায়াৱতীৰো দাবী অগ্নিপথ আঁচনি পুণৰ বিবেচনা কৰক ৷ বিৰোধীৰ এনে আপত্তিৰ মাজতো অব্যাহত আছে নিবনুৱাৰ প্ৰতিবাদ ৷ দেশৰ নিবনুৱাই মানি নলয় সেনাৰ অস্থায়ী নিযুক্তি , লাগে স্থায়ী নিযুক্তি ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.