‘দ্য ক্ৰছকাৰেন্ট’ৰ দৰ্শক – পঢ়ুৱৈলৈ সম্পাদকৰ চিঠি

Share This Article

দ্য ক্ৰছকাৰেন্টৰ প্ৰতিগৰাকী দৰ্শক , পঢ়ুৱৈক অতি আক্ষেপেৰে জনাও যে  গুৱাহাটী মহানগৰীৰ প্ৰতিকূল বতৰ আৰু কৃত্ৰিম বানে আমাৰ কাৰ্যালয় বুৰাই ৰখাৰ  বাবে কাৰ্যালয়ৰ কামকাজ বিগত তিনিদিন ধৰি ব্যাহত হৈ আছে ৷ যাৰ বাবে আমি আমাৰ ভিডিও প্ৰতিবেদনসমূহো প্ৰস্তুত কৰিব পৰা নাই ৷ ইয়াৰ বাবে আমি আমাৰ শুভাকাংক্ষী , দৰ্শক- পঢ়ুৱৈৰ ওচৰত ক্ষমাপ্ৰাৰ্থী ৷

কৃত্ৰিম বানে বুৰাই পেলাইছে আমাৰ কাৰ্যালয়

তদুপৰি  ১৫ জুনৰ পৰা দ্য ক্ৰছকাৰেন্টৰ দৈনিক নিউজ লেটাৰ সেৱা আৰম্ভ হোৱাৰ কথা আছিল ৷ যিসকল ব্যক্তিয়ে সহযোগী বৰঙণি জমা দি আমাৰ দৈনিক নিউজ লেটাৰ সেৱা চাছক্ৰাইব কৰিছিল , তেখেতসকলৰ জ্ঞাতাৰ্থে জনাও যে বতৰৰ সামান্য উন্নতি হোৱাৰ পাছত আমাৰ কাৰ্যালয়ৰ দৈনিক কাম – কাজ আকৌ আগৰ ৰূপত আৰম্ভ হ’ব ৷ অহা ১ জুলাইৰ পৰা আপোনালোকে নিজৰ ই-মেইল আই ডিত দৈনিক নিউজ লেটাৰ লাভ কৰিব৷ এই প্ৰতিকূল সময়ত আপোনালোকৰ সহায় – সহযোগিতা আমাৰ একান্তই কাম্য ৷

ইতি

সম্পাদক, দ্য ক্ৰছকাৰেন্ট

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.