মন্ত্ৰী পীয়ূষ হাজৰিকালৈ এটা মাত্ৰ সহজ প্ৰশ্ন

Share This Article

প্ৰসংগঃ চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কীট ৷ ‘দ্য ক্ৰছকাৰেন্ট’ৰ এখন আৰ টি আই আবেদনৰ উত্তৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে স্পষ্ট কৰি দিয়ে যে এন এইচ এমে চীনৰ পৰা কোনোধৰণৰ পি পি ই কীট ক্ৰয় কৰা নাই বা বিদেশৰ পৰা অহা পি পি ই কীট গ্ৰহণো কৰা নাই ৷ NHMৰ এনে উত্তৰে স্বাভাৱিকতে অনেক প্ৰশ্ন , অনেক বিভ্ৰান্তিৰ সৃষ্টি কৰিলে ৷ কিয়নো অসমবাসীৰ মনত এখন ফটো এতিয়াও অমলিন হৈ ৰৈছে ৷ ফটোখন ১৫ এপ্ৰিল ,২০২০ চনৰ ৷

crosscurrent

চীনৰ পৰা আহি গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱা এখন কাৰ্গো বিমানৰ সন্মুখত ফটো উঠিছিল , তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী তথা এতিয়াৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ ঘোষণা কৰা অনুসৰি বিমানখনত আছিল চীনৰ পৰা ক্ৰয় কৰি অনা ৫০ হাজাৰ পি পি ই কীট ৷ ডঃ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কোৱা সকলোৰে মনত আছে যে ৰাজ্য চৰকাৰ হিচাপে চীনৰ পৰা পি পি ই কীট আমদানি কৰা অসমেই প্ৰথম ৰাজ্য ৷ কিন্তু পি পি ই কীটৰ গুণগত মানক লৈ প্ৰশ্ন উত্থাপণ হোৱাত সেই সময়তে ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰেও কয় যে পি পি ই কীটখিনি যিজন ব্যক্তিয়ে আনিছিল , তেওঁৰেই গুৱাহাটীৰ গুডামত ৰাখি থ’বলৈ কোৱা হৈছে ৷ এই পি পি ই কীটখিনিৰ গুণগত মানৰ টেষ্ট কৰা হ’ব আৰু প্ৰয়োজনত অসম চৰকাৰে যোগানকাৰীৰ পৰা খুজি ল’ব ৷ এয়া আছিল ২০২০ চনৰ ১৭ আৰু ১৮ এপ্ৰিলত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা কথা ৷ তাৰ পাছৰে পৰা চীনৰ পৰা আমদানি কৰা পি পি ই কীটৰ প্ৰসংগ পাহৰণিৰ গৰ্ভত সোমাল ৷

কিন্তু দ্য ক্ৰছকাৰেন্টৰ আৰ টি আই আবেদনৰ উত্তৰত এন এইচ এমে যি তথ্য সদৰী কৰিলে, তাৰ পাছত সৃষ্টি হ’ল নতুন বিতৰ্কৰ ৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই এই বিতৰ্কৰ উত্তৰ দিবলৈ গৈ ক’লে যে চীনৰ পৰা অহা পি পি ই কীট হেনো অসম চৰকাৰে ৰিছিভেই কৰা নাছিল ৷ সেইদিনা বিমান চালকক সম্ভাষণ জনাবলৈহে তেওলোক বিমানবন্দৰলৈ গৈছিল ৷ ইয়াৰ বাহিৰেও পীয়ূষ হাজৰিকাই ‘দ্য ক্ৰছকাৰেন্ট’ আৰু ‘দ্য ৱায়াৰ’ সন্দৰ্ভত অনেক মন্তব্য কৰে ৷ কিন্তু মন্ত্ৰীগৰাকীৰ এই মন্তব্য ইমানেই টুলুঙা আছিল যে যিকোনো যুক্তিবাদী মানুহেই ইয়াৰ প্ৰত্যুত্তৰ দিব লাগে বুলি অনুভৱ নকৰে ৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই আচলতে ‘দ্য ক্ৰছকাৰেন্ট ‘আৰু ‘দ্য ৱায়াৰ’ক গালি গালাজ কৰি মূল বিষয়ৰ পৰা ফালৰি কাটিবলৈ চেষ্টা কৰিছে ৷

পি পি ই কীট প্ৰসংগত বহু কথা কৈও মন্ত্ৰী পীয়ূষ হাজৰিকাই অনেক কথা নক’লে ৷ যিবোৰ আছিল পি পি ই কীট বিতৰ্কৰ মূল প্ৰশ্ন ৷ তেওঁ ‘দ্য ক্ৰছকাৰেন্ট’ৰ বাতৰিক মনেসজা আৰু ভিত্তিহীন বুলি ক’লে ৷ কিন্তু আমি কওঁ যে ‘দ্য ক্ৰছকাৰেন্ট’ৰ বাতৰি মনেসজা হ’বলৈ হ’লে , এন এইচ এমৰ আৰ টি আই উত্তৰ মনেসজা হ’ব লাগিব ৷ দ্য ক্ৰছকাৰেন্টৰ বাতৰি ভিত্তিহীন হ’বলৈ হ’লে , ২০২০ ৰ ১৫ এপ্ৰিলৰ দিনা ড: হিমন্ত বিশ্ব শৰ্মাই বিমানবন্দৰত কৰা মন্তব্যবোৰো ভিত্তিহীন হ’ব লাগিব ৷ সেইদিনা তেতিয়াৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কোৱা কথাবোৰো মনেসজা হ’ব লাগিব ৷ যদিহে হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাবোৰ মনেসজা আৰু ভিত্তীহীন নহয় , তেনেহ’লে এটা সামান্য স্পষ্টীকৰণেৰেই পীয়ূষ হাজৰিকাই সকলো বিতৰ্কৰ মোখনি মাৰিব পাৰে ৷ মন্ত্ৰী পীয়ূষ হাজৰিকালৈ এটা সহজ প্ৰশ্ন – গুৱাহাটীৰ কোন ব্যক্তিয়ে চীনৰ পৰা পি পি ই কীট আনিছিল ? গুৱাহাটীৰ কোনটো গুডামত পি পি ই কীটখিনি জমা ৰখা হৈছিল ? এই পি পি ই কীটখিনিৰ গুণগত মানৰ পৰীক্ষা কৰা হ’লনে ?

এই এটা মাত্ৰ সহজ প্ৰশ্নৰ উত্তৰৰ জড়িয়তেই মন্ত্ৰী পীয়ূষ হাজৰিকাই নিজৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকো সঁচা বুলি প্ৰমাণ কৰিব পাৰিব ৷ অন্যথা তেওৰ সকলো কথাই ভিত্তিহীন আৰু মনেসজা বুলি ভাবি ল’বলৈ আমি বাধ্য ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.