মেঘালয়ত নিষিদ্ধ চি বি আই তদন্ত !

Share This Article

ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে চি বি আয়ে মেঘালয়ত কোনো অনুসন্ধান চলাব নোৱাৰিব ৷ এন পি পি নেতৃত্বাধীন মেঘালয় চৰকাৰে শেহতীয়াকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে মেঘালয় চৰকাৰ এতিয়াও এন ডি এ মিত্ৰজোটৰ অংশীদাৰ ৷ চি বি আই তদন্ত বাধা আৰোপ কৰা মেঘালয় দেশৰ নৱমখন ৰাজ্যত পৰিণত হৈছে ৷
২০১৫ চনত মিজোৰাম চৰকাৰে প্ৰথমতে এনে সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ তাৰ পাছত মহাৰাষ্ট্ৰ , পঞ্জাৱ , ৰাজস্থান , পশ্চিমবংগ , চট্টিছগড় আৰু কেৰালাই চি বি আই তদন্তৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অনুমতি লোৱাটো বাধ্যতামূলক কৰে ৷

কোৱা হৈছে যে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ভাতৃ তথা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী জেমছ চাংমাৰ বিৰুদ্ধে বিৰোধী দলসমূহে ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আহিছে ৷ সৌভাগ্য আঁচনি ৰূপায়নত এই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপণ কৰি কংগ্ৰেছে ইয়াৰ চি বি আই তদন্তৰ দাবী উত্থাপণ কৰিছে ৷ সেইবাবেই জেমছ চাংমাৰ সুৰক্ষাৰ বাবে মেঘালয় চৰকাৰে এই সিদ্ধান্ত লোৱা বুলি চৰ্চা চলিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.