মোদীৰ গুজৰাটত ৬ হাজাৰ কৌটি টকাৰ কয়লা কেলেংকাৰি

Share This Article

ভাৰতৰ ইতিহাসৰ সৰ্ববৃহৎ কয়লা কেলেংকাৰিৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ বিগত ১৪ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাটত সংঘটিত হৈছে এই বৃহৎ দুৰ্নীতি ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম দৈনিক ভাস্কৰৰ অনুসন্ধানত এই কেলেংকাৰি প্ৰথমবাৰৰ বাবে ধৰা পৰিছে ৷
দৈনিক ভাস্কৰত প্ৰকাশিত বাতৰি অনুসৰি , বিগত ১৪ বছৰত গুজৰাটৰ কেবাটাও চৰকাৰী এজেন্সিয়ে ৰাজ্যখনৰ সৰু আৰু মধ্যমীয়া উদ্যোগত কয়লা যোগান ধৰাৰ সলনি অন্য ৰাজ্যত দুগুন দামত বিক্ৰী কৰি আহিছিল ৷ এই সময়ছোৱাত ৫ ৰ পৰা ৬ হাজাৰ কৌটিৰ কেলেংকাৰি হোৱা বুলি দৈনিক ভাস্কৰত প্ৰকাশ পাইছে ৷
দৈনিক ভাস্কৰ কাকতে লাভ কৰা কয়লা সৰবৰাহৰ নথি অনুসৰি ক’ল ইণ্ডিয়াৰ কয়লা খনিৰ পৰা বিভিন্ন ব্যৱসায়ী আৰু ক্ষুদ্ৰ উদ্যোগৰ নামত ৬০ লাখ টন কয়লা প্ৰেৰণ কৰা হৈছিল ৷ প্ৰতি টনত ৩০০০ টকাকৈ ধৰিলে এই কয়লাখিনিৰ দাম হ’ব ১ হাজাৰ ৮০০ কৌটি টকা ৷ কিন্তু এই কয়লাখিনি ব্যৱসায়ী আৰু ক্ষুদ্ৰ উদ্যোগৰ ওচৰত বিক্ৰী কৰাৰ সলনি আন ৰাজ্যৰ ব্যৱসায়ীক ৮ হাজাৰৰ পৰা ১০ হাজাৰ টকা প্ৰতিটন হিচাপত বিক্ৰী কৰা হৈছিল ৷ কিছুসংখ্যক ঠিকনাহীন এজেঞ্চীৰ জড়িয়তে এই কেলেংকাৰিক বাস্তৱ ৰূপ দিয়া হৈছিল ৷
কেন্দ্ৰীয় চৰকাৰৰ কয়লা মন্ত্ৰালয়ৰ সচিব অনিল জৈনে সদৰী কৰা অনুসৰি , ক’ল ইণ্ডিয়াই ৰাজ্য চৰকাৰৰ দ্বাৰা নিযুক্ত এজেন্সীক কয়লা যোগান ধৰে ৷ তাতেই ক’ল ইণ্ডিয়াৰ দায়িত্ব শেষ ৷ ক’ল ইণ্ডিয়াৰ সঞ্চালক সত্যেন্দ্ৰ তিৱাৰীৰ মতে এজেন্সী নিয়োগ কৰাটো ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগৰ দায়িত্ব ৷ গতিকে কয়লা কেলেংকাৰিৰ বাতৰিক ৰাজ্য চৰকাৰৰ গৃহ বিভাগে গুৰুত্বসহকাৰে ল’ব লাগে ৷ এয়া আছিল কেলেংকাৰিৰ মূল সাৰাংশ ৷ এতিয়া আমি জনাব বিচাৰিছো যে এই কেলেংকাৰিৰ সূত্ৰপাত কেনেকৈ হৈছিল ?

কেন্দ্ৰীয় চৰকাৰে ২০০৭ চনত এক বিশেষ কয়লা নীতি প্ৰৱৰ্তন কৰিছিল ৷ এই নীতিৰ উদ্দেশ্য আছিল ক্ষুদ্ৰ উদ্যোগসমূহক কম দামত গুণগতভাৱে ভাল কয়লা যোগান ধৰা ৷ ২০০৮ চনৰ পৰা এই নীতি কাৰ্যকৰী হৈছিল ৷ এই নীতি অনুসৰিয়ে গুজৰাটৰ পশ্চিম ক’ল ফিল্ড আৰু চাউথ ইষ্ট ক’ল ফিল্ডৰ পৰা কয়লা ক্ষুদ্ৰ উদ্যোগৰ বাবে প্ৰেৰণ কৰা হৈছিল ৷ ইয়াৰ বাবে প্ৰথমতে গুজৰাটৰ উদ্যোগ বিভাগে প্ৰথমতে প্ৰয়োজনীয় কয়লাৰ বিবৰণ আৰু ৰাজ্য চৰকাৰৰ মনোনীত এজেন্সীৰ তালিকা ক’ল ইণ্ডিয়ালৈ প্ৰেৰণ কৰে ৷ চৰকাৰৰ মনোনীত এজেন্সীসমূহে পৰিবহন আৰু কয়লাৰ মুঠ মূল্যৰ ৫ শতাংশ দৰত সেৱা কৰ সংগ্ৰহ কৰিব পাৰে ৷ ইয়াৰ পাছত এজেন্সীসমূহে ব্যৱসায়ী আৰু ক্ষুদ্ৰ উদ্যোগক বছৰি ৪২০০ টন বা তাতকৈ কম কয়লা বজাৰ মূল্যত যোগান ধৰে ৷কিন্তু এই সমগ্ৰ প্ৰক্ৰিয়াটোত গুজৰাটত অনেক জালিয়াতিৰ আশ্ৰয় লোৱা হৈছিল ৷

ৰাজ্য চৰকাৰে যেতিয়া প্ৰয়োজনীয় কয়লাৰ পৰিমান আৰু তাৰ লগত জড়িত সকলো তথ্য ক’ল ইণ্ডিয়াক প্ৰদান কৰে তেতিয়া কাক কিমান কয়লা লাগে তাৰ তথ্যও প্ৰেৰণ কৰিব লাগে ৷ কিন্তু এই তথ্যসমূহ ভুলকৈ প্ৰদান কৰি আছিল গুজৰাট চৰকাৰে ৷ দৈনিক ভাস্কৰে চৰকাৰী এজেন্সী গুজৰাট ক’ল কোক ট্ৰেড এছোছিয়েশ্যনৰ সঞ্চালক হছনেনে দোছানীৰ লগত যোগাযোগ কৰাত তেও কয় যে এই এজেন্সীটোয়ে দক্ষিণ গুজৰাটৰ কাপোৰ উদ্যোগত কয়লা যোগান ধৰে ৷ তাৰ পাছত দৈনিক ভাস্কৰে দক্ষিণ গুজৰাটৰ টেক্সটাইল প্ৰছেচৰ এছোছিয়েশ্যনৰ লগত পুণৰবাৰ যোগাযোগ কৰে ৷ এই এছোছিয়েশ্যনৰ পদাধিকাৰী জিতেন্দ্ৰ বাখাৰিয়েই কয় যে তেও এই ব্যৱসায়ৰ লগত ৪৫ বছৰ ধৰি জড়িত হৈ আছে ৷ কিন্তু এনে চৰকাৰী আঁচনিৰ কথা কেতিয়াও শুনিবলৈ পোৱা নাই ৷আনহাতে গুজৰাট চৰকাৰে এনে কিছুমান উদ্যোগৰ নাম প্ৰেৰণ কৰিছিল , যাৰ ঠিকনালৈ ক’ল ইণ্ডিয়াই ঠিকেই প্ৰেৰণ কৰিছিল কিন্তু কয়লা এই উদ্যোগসমূহে কেতিয়াও লাভ নকৰে ৷ এই সন্দৰ্ভত গুজৰাট চৰকাৰৰ কেবাটাও মনোনীত এজেন্সী আৰু তালিকাভুক্ত উদ্যোগৰ লগত যোগাযোগ কৰে দৈনিক ভাস্কৰৰ প্ৰতিনিধিয়ে ৷ এই অনুসন্ধানত ওলাই পৰে যে ভুৱা তালিকা আৰু ভুৱা বিলেৰে ১৪ বছৰ ধৰি কয়লাৰ অবৈধ বিক্ৰী কৰি অহা হৈছিল ৷ বহু উদ্যোগৰ নাম ভুলকৈও উল্লেখ কৰা হৈছিল ৷ এইদৰে কয়লাৰ অবৈধ বিক্ৰীৰে ৬ হাজাৰ কৌটি টকাৰ অবৈধ মুনাফা অৰ্জন কৰিছিল ৷ এই ১৪ বছৰত কিছুসময়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও আছিল গুজৰাটৰ মুখ্যমন্ত্ৰী ৷ স্বাভাৱিকতে মোদীৰ গৃহ ৰাজ্য গুজৰাটৰ এই কেলেংকাৰি পোহৰলৈ অহাৰ পাছত দেশজুৰি খলকনিৰ সৃষ্টি হৈছে ৷ কিন্তু গুজৰাট বিজেপি বা গুজৰাট চৰকাৰ কোনেও এই সন্দৰ্ভত মুখ খোলা নাই ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.