“বিদ্যালয়ত হিজাব নিষিদ্ধ কৰি সংবিধানৰ অনুচ্ছেদ ২৫ ক অবমাননা কৰিছে চৰকাৰে৷”

Share This Article

বিদ্যালয়ৰ সন্মুখতেই হিজাব খুলিব লাগিব৷হিজাব খুলিলেহে বিদ্যালয়ত প্ৰৱেশ কৰিব পাৰিব৷অন্যথা বিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ পৰাই ঘৰলৈ উভতিব লাগিব কর্নাটকৰ মুছলমান ছাত্ৰী৷আজি এই ঘটনাই সংঘটিত হল কনার্টকৰ চৰকাৰী বিদ্যালয়ত৷কনার্টকৰ হিজাব বিতর্কৰ আজি পুনৰ শুনানী গ্ৰহণ কৰিলে কনার্টক উচ্চ ন্যায়ালয়ে৷এই শুনানী মুছলমান ছাত্ৰীৰ পক্ষৰ অধিবক্তাই কি কি কথা ক’লে অথবা আদালতে তেখেতক কি সুধিলে সৱিশেষ জনাম৷কিন্তু তাৰ আগতে দিনটোৰ ভিডিঅ”৷
এইয়া কনার্টকৰ এখন চৰকাৰী বিদ্যালয়ৰ৷হিজাব পৰিধান কৰি অহা মুছলমান ছাত্ৰীক শিক্ষানুষ্ঠানৰ প্ৰৱেশদ্বাৰতেই বাধা প্ৰদান কৰিছে বিদ্যালয় কতৃপক্ষই৷কাৰণ বিগত শুক্ৰবাৰে এক অন্তবর্তীকালীন নিদের্শ প্ৰদান কৰি,পৰবর্তী ৰায় নিদিয়া পযর্ন্ত শিক্ষানুষ্ঠানলৈ কোনো ধৰণৰ ধর্মীয় পোচাক পিন্ধি নাহিবলৈ কৈছিল উচ্চ ন্যায়ালয়ে৷ইতিমধ্যে পাচদিন ধৰি বন্ধ হৈ আছিল কর্নাটকৰ শিক্ষানুষ্ঠানসমূহ৷সোমবাৰে বিদ্যালয় খোলাৰ পিছত শিক্ষানুষ্ঠান সমূহৰ কতৃপক্ষই হিজাব পৰিধান কৰি বিদ্যালয়ত প্ৰৱেশত বাধা প্ৰদান কৰে৷এই দৃশ্যত দেখা গৈছে,এজন অভিভাবকে হিজাব পৰিধান কৰি শিক্ষার্থীক বিদ্যালয়ত প্ৰৱেশৰ অনুমতি বিচাৰিছে৷কিন্তু কতৃপক্ষই সেইয়া নাকচ কৰে৷অৱশেষত বিদ্যালয়ৰ গেটতেই হিজাব খুলি বিদ্যালয়ত প্ৰৱেশ কৰে ছাত্ৰী দুগৰাকীয়ে৷অনুৰৰুপ দৃশ্য দেখিবলৈ পোৱা গৈছে ৰাজ্যখনৰ আন আন বিদ্যালয়তো৷
শেহতীয়া শিক্ষানুষ্ঠান সমূহৰ ইউনিফর্ম সন্দর্ভত এক নতুন নিদের্শনা প্ৰদান কৰে কর্নাটক ৰাজ্য চৰকাৰে৷ইয়াৰ পিছতেই বিষয়টোয়ে ৰুপ লয় বিতর্কৰ৷ৰাজ্যখনৰ উদাপিৰ এখন কলেজত কেইগৰাকীমান ছাত্ৰীক হিজাব পিন্ধাত বাধা আৰোপ কৰাৰ পিছতেই আৰম্ভ হয় প্ৰতিবাদ৷প্ৰতিবাদ বিয়পি পৰে অন্যান্য শিক্ষানুষ্ঠানলৈ৷৫ গৰাকী ছাত্ৰী দাৰস্থ হয় আদালতৰ৷তাৰমাজতে একাংশ ছাত্ৰই গেৰুৱা বসন পৰিধানেৰে শিক্ষানুষ্ঠানলৈ আহি সূচনা কৰে প্ৰত্যুত্তৰ মূলক প্ৰতিবাদৰ৷লাহে লাহে হিংসাত্মক পৰিস্থিতৰ ৰুপ ধাৰণ কৰে ঘটনাই৷পৰিপ্ৰেক্ষিতত ৫ দিনৰ বাবে বন্ধ ঘোষনা কৰা হয় মাধ্যমিক আৰু উচ্চ শিক্ষাৰ অনুষ্ঠান সমূহ৷আজি বিদ্যালয় সমূহ পুনৰ খোলাৰ সমান্তৰালভাবে ৫ গৰাকী ছাত্ৰীয়ে জনোৱা আবেদনৰ ভিত্তিত পুনৰ শুনানী গ্ৰহন কৰে কনার্টক উচ্চ ন্যায়ালয়ে৷মুছলমান ছাত্ৰীৰ সপক্ষত আজি উচ্চ ন্যায়ালয় যুক্তি প্ৰদর্শন কৰে অধিবক্তা দেবদত কামাতে৷

আদালতত দেবদুত কামাতে কয়,যে কর্নাটক চৰকাৰে শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধ কৰাৰ নিদের্শনা দায়িত্বহীন সিদ্ধান্ত৷এই নির্দেশ প্ৰদান কৰি কর্নাটক চৰকাৰে ভাৰতীয় সংবিধানৰ অনুচ্চেদ ২৫ ক অবমাননা কৰিছে৷কাৰণ অনুচ্চেদ ২৫ য়ে সকোলোকে ধর্মীয় বিশ্বাস পালনৰ স্বাধীনতা প্ৰদান কৰে৷সেইবাবেই হিজাব নিষিদ্ধ কৰাৰ কোনো যুক্তি নাই৷আদালতত আন এটা প্ৰশ্ন উত্থাপন কৰে অধিবক্তা কামাতে৷কেন্দ্ৰীয় বিদ্যালয় সমুহত যদি হিজাব পৰিধানত বাধা আৰোপ কৰা হোৱা নাই,তেন্তে ৰাজ্য চৰকাৰৰ বিদ্যালয়ত কিয় নিষিদ্ধ কৰা হৈছে হিজাব?এই প্ৰশ্ন অধিবক্তা দেবদত কামাতৰ৷
অধিবক্তা কামাতকো প্ৰশ্ন উত্থাপন কৰে ন্যায়াধীশ কিষ্ণ এচ দিক্সিতে৷অধিবক্তা কামাতে আদালতত কৈছিল,যে হিজাব পৰিধান কৰাটো মুছলমান ধর্মত অত্যাৱশ্যকীয় প্ৰথা আৰু ইচলামিক বিশ্বাস৷ন্যায়াধীশৰ প্ৰশ্ন,কোৰাণত লিখা সকলোবোৰ কথাই অত্যাৱশ্যকীয় ধর্মীয় প্ৰথা নেকি?উত্তৰত অধিবক্তাৰ ভাষ্য-মই সেইকথা কোৱা নাছিলো৷
শুনানীকালত অধিবক্তা দেবদত কামাতে উত্থাপন কৰে কেৰালা উচ্চ ন্যায়ালয়ৰ এক ৰায়ৰ প্ৰসংগ৷২০১৫ চনত কেৰালা উচ্চ ন্যায়ালয়ে দুগৰাকী মুছলমান ছাত্ৰীক হিজাব পৰিধান কৰি মেডিকেল এন্টেণ্সৰ পৰীক্ষাত বহাৰ অনুমতি প্ৰদান কৰিছিল৷All India Pre-Medical Test ৰ পৰীক্ষাত আৰোপ কৰা হৈছিল কঠোৰ ড্ৰেছ কোডৰ৷ইয়াৰ পিছতেই দুগৰাকী মুছলমান ছাত্ৰী দাৰস্থ হৈছিল আদালতৰ৷২০১৫ চনৰ সেই ঘটনাত আদালতে মুছলমান ছাত্ৰী দুগৰাকীৰ পক্ষত ৰায় প্ৰদান কৰে৷আজিৰ শুনানীত সেই প্ৰসংগও উত্থাপন কৰে অধিবক্তা দেবদত কামাতে৷
কনার্টক উচ্চ ন্যায়ালয়ে আজিৰ শুনানীৰ পিছত মংগলবাৰে পুনৰ গ্ৰহণ কৰিব শুনানী৷তাৰমাজতে হিজাব বিতর্কক লৈ দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.