অভিমানী অভিষেকে এৰিব নেকি মমতাৰ সংগ ?

Share This Article

দেশৰ ৰাজনীতিত এক ধুমুহাৰ সৃষ্টি কৰি তৃতীয়বাৰৰ বাবে শাসনলৈ আহিল মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ ৷ মহাপৰাক্ৰমী বিজেপিক ধৰাশায়ী কৰি তেও একেসময়তে প্ৰধানমন্ত্ৰিত্বৰো দাবীদাৰ হৈ উঠিল ৷দেশজুৰি আৰম্ভ কৰিলে দলৰ সংগঠন বিস্তাৰৰ কাম ৷ কিন্তু সেই তৃণমূল এতিয়া আভ্যন্তৰীণ সংঘাতত জৰ্জৰিত ৷ তৃণমূল কংগ্ৰেছৰ প্ৰবীন নেতা আৰু মমতা বেনাৰ্জীৰ ভতিজাক তথা দলৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ মাজত সংঘাত তুংগত উঠিছে ৷

তৃতীয়বাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই মমতা বেনাৰ্জীৰ নাম উচ্চাৰিত হ’বলৈ ধৰে দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ৷ মমতা বেনাৰ্জীৰ উচ্চাকাংক্ষাক সাকাৰ কৰিবলৈ অভিযানত নামি পৰে প্ৰখ্যাত ৰাজনৈতিক ৰণনীতিকাৰ প্ৰশান্ত কিশোৰ আৰু তেওৰ সংস্থা আইপেক ৷ প্ৰশান্ত কিশোৰৰ পৰামৰ্শ মতেই মমতা বেনাৰ্জীয়ে ত্ৰিপুৰা , মেঘালয় আৰু গোৱাতো সংগঠন বিস্তাৰৰ কাম আৰম্ভ কৰে ৷ কিন্তু এই যাত্ৰাৰ নমাহ পাছতেই এতিয়া আইপেক আৰু মমতা বেনাৰ্জীৰ মাজত বিচ্ছেদৰ ক্ষণ আৰম্ভ হৈছে ৷ ইতিমধ্যে আইপেকে টুইটাৰত মমতা বেনাৰ্জীক ফলো কৰিবলৈ বন্ধ কৰি দিছে ৷ আইপেক আৰু মমতা বেনাৰ্জীৰ সংঘাতে তৃণমূলক আন এক অবাঞ্চিত পৰিস্থিতিৰ মাজলৈ ঠেলি দিছে ৷ সেয়া হ’ল মমতা বেনাৰ্জীৰ ভতিজাক তথা তৃণমূলৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে দলীয় দায়িত্ব এৰিবলৈ ওলাইছে ৷ বংগৰ সংবাদমাধ্যমৰ খবৰ অনুসৰি অহা ১৪ ফেব্ৰুৱাৰীত গোৱাৰ ভোটগ্ৰহনৰ অন্ত পৰাৰ পাছতে অভিষেক বেনাৰ্জীয়ে দলৰ সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰিব পাৰে৷
বৃহস্পতিবাৰে গোৱাৰ দুখন নিৰ্বাচনী সভাত অংশগ্ৰহন কৰে অভিষেক বেনাৰ্জীয়ে ৷ তাত তেও স্বভাৱসিদ্ধভাৱেই বিজেপি আৰু কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ প্ৰচাৰ সামৰি শুক্ৰবাৰে তেও গোৱাৰ পৰা কলকাতালৈ উভতি অহাৰ কথা ৷ সোমবাৰে গোৱাৰ ভোটদান শেষ হোৱাৰ পাছতেই তেও নিজৰ সিদ্ধান্ত সদৰী কৰাৰ কথা ৷ অভিষেকৰ মূল সংঘাত পৌৰসভাৰ টিকট আৱন্টনক লৈ ৷ আইপেকে পৌৰসভাৰ যি প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিছিল তাক লৈ মিকলি আপত্তি প্ৰদৰ্শন কৰিছিল তৃণমূলৰ দুই প্ৰবীন নেতা পাৰ্থ চট্টোপধ্যায় আৰু দলৰ ৰাজ্যিক সভাপতি সুব্ৰত বক্সীয়ে ৷ শেষত মমতা বেনাৰ্জীয়েও পাৰ্থ চট্টোপধ্যায় আৰু সুব্ৰত বক্সীৰ সমৰ্থনতে থিয় দিয়ে ৷ ইয়াকে লৈ অভিমানী হৈ পৰে অভিষেক বেনাৰ্জী ৷ কাৰণ অভিষেক আছিল আইপেকৰ সমৰ্থনত ৷ অভিমানী অভিষেকে ঘণিষ্ঠ মহলৰ আগত সদৰী কৰা মতে পাৰ্থ আৰু সুব্ৰতে দল চলালেও তেওৰ আপত্তি কৰিবলগীয়া একো নাই ৷ কিন্তু তেতিয়া তেও দলৰ কোনো দায়িত্ব নলয় ৷ কেৱল ডায়মণ্ড হাৰবাৰ সমষ্টিৰ সাংসদ হিচাপেই নিজৰ দায়িত্ব পালন কৰি যাব ৷এনেদৰেই তৃণমূলৰ ভিতৰৰ পৰিস্থিতি অস্থিৰ হৈ পৰিছে ৷ সামগ্ৰিক ঘটনাসমূহক লৈ বিৰক্ত হৈ পৰিছে খোদ মমতা বেনাৰ্জী ৷ তৃণমূলৰ নেতাসকলৰ বক্তব্যৰ পৰা ধাৰণা কৰিব পাৰি যে তেওলোকৰ প্ৰতিষ্ঠিত নেতৃবৰ্গ এতিয়া দুটা ভাগত বিভক্ত ৷ এটা শিবিৰে আইপেকৰ পৰামৰ্শমতেই কাম কৰিবলৈ আগ্ৰহী আৰু আনটো শিবিৰ মমতা বেনাৰ্জীৰ বাহিৰে আন কাৰো পৰামৰ্শ মানি চলিবলৈ ইচ্ছুক নহয় ৷ তৃণমূলৰ ভিতৰৰ এই জটিলতা মমতা বেনাৰ্জীৰ মধ্যস্থতাত আঁতৰ হয়নে নহয় তাৰ ওপৰতে নিৰ্ভৰ কৰিব অভিষেক বেনাৰ্জীৰ সিদ্ধান্ত ৷ কিন্তু আইপেকে মমতা বেনাৰ্জীৰ টুইটাৰ আনফলো কৰাৰ পাছত প্ৰশান্ত কিশোৰ আৰু তৃণমূলৰ বিচ্ছেদ যে এতিয়া কেৱল সময়ৰ অপেক্ষা সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে ৷ কিন্তু প্ৰশান্ত কিশোৰক তৃণমূলৰ লগত জড়িত কৰা ব্যক্তিজনেই অছিল অভিষেক বেনাৰ্জী ৷ যাৰ বাবে বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰশান্ত কিশোৰৰ ওপৰত বিষেদগাৰ প্ৰকাশ কৰি বহু নেতাই দল ত্যাগ কৰিছিল ৷ তাৰ পাছতো নিৰ্বাচনত তৃণমূলে ক্লীন চুইপ কৰিবলৈ সক্ষম হয় ৷ সেইবাবেই প্ৰশান্ত কিশোৰৰ আইপেকক ২০২৬ চনলৈ চুক্তিবদ্ধ কৰে তৃণমূল কংগ্ৰেছে ৷ কিন্তু ৯ মাহ পাছতে সেই যাত্ৰাৰ ইতি পৰাৰ উপক্ৰম হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.