সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

 জাতিৰ ভিত্তিত কোনো মুখ্যমন্ত্ৰী নহয় !

মুখ্যমন্ত্ৰী সকলোৰে হ’ব লাগিব !ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদক লৈ অশোক গেহলট আৰু শচীন পাইলটৰ মাজত চলি আছে শীতল যুঁজ !এই যুঁজে মাজে সময়ে উগ্ৰ ৰূপ লয় আৰু হাইকামাণ্ডৰ মধ্যস্থতাত ই শাম কাটে।’জাতিৰ ভিত্তিত মুখ্যমন্ত্ৰী নহয় !মুখ্যমন্ত্ৰী জাতিৰ ভিত্তিত হ’লে মই কেতিয়াও মুখ্যমন্ত্ৰী নহ’লোহেঁতেন৷মোৰ জাতিৰ এজনেই বিধায়ক আছে আৰু সেইজনেই মই’—এই ভাষ্য ৰাজস্থানৰ মুখ্যমন্ত্ৰী আশোক গেহলটৰ।উল্লেখ্য ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ আসনখনক লৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু শচীন পাইলটৰ মাজত প্ৰায়ে মতবিৰোধ হৈ আহিছে৷এটা চামে যদি মুখ্যমন্ত্ৰী হিচাপে গেহলটক বিচাৰে,আনটো চামে বিচাৰে শচীন পাইলটক।শচীন পাইলটৰ সমৰ্থক সকলৰ মতে পাইলট যিহেতু গুজ্জৰ সম্প্ৰদায়ৰ গতিকে তেওঁকহে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰা উচিত৷এই সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কয় যে মুখ্যমন্ত্ৰীয়ে কোনো বিশেষ জাতিক প্ৰতিনিধিত্ব নকৰে৷এগৰাকী মুখ্যমন্ত্ৰী সকলোৰে মুখ্যমন্ত্ৰী হোৱা উচিত।ৰাজস্থানৰ মুখ্যমন্ত্ৰী গেহলটে টুইট কৰে এনেদৰে-
“মই বৰ্তমান ৰাজ্যখনৰ মুখ্যমন্ত্ৰী।মই সকলো জাতি-সম্প্ৰদায়ক সেৱা কৰিব বিচাৰোঁ।সেয়া লাগিলে জাট,গুজ্জৰ,ৰাজপুট,কুচৱাহা,যাতব,ব্ৰাহ্মণ,বণিয়া,মীনা যি সম্প্ৰদায়ৰে লোক নহওক কিয় মোৰ বাবে সকলো সমান৷মই বিশ্বাস কৰোঁ কোনো লোককেই জাতিৰ ভিত্তিত মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰা নহয়।”তেওঁ লগতে কয় যে তেওঁ দলৰ ৰাষ্ট্ৰীয় সম্পাদক আছিল ৩ বাৰ,তেওঁ আছিল ৩ বাৰৰ মুখ্যমন্ত্ৰী আৰু এয়া সম্ভৱ হৈছে কাৰণ হাইকামাণ্ডে তেওঁৰ ওপৰত বিশ্বাস ৰাখিছে আৰু এই বিশ্বাসৰ একমাত্ৰ কাৰণ হ’ল গুজৰাটৰ জনতাই তেওঁক দিয়া মৰম আৰু আশীৰ্বাদ।

Leave A Reply

Your email address will not be published.