Investigative reporting with dedication.

মুখ্যমন্ত্ৰী সকলোৰে হ’ব লাগিব !ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদক লৈ অশোক গেহলট আৰু শচীন পাইলটৰ মাজত চলি আছে শীতল যুঁজ !এই যুঁজে মাজে সময়ে উগ্ৰ ৰূপ লয় আৰু হাইকামাণ্ডৰ মধ্যস্থতাত ই শাম কাটে।’জাতিৰ ভিত্তিত মুখ্যমন্ত্ৰী নহয় !মুখ্যমন্ত্ৰী জাতিৰ ভিত্তিত হ’লে মই কেতিয়াও মুখ্যমন্ত্ৰী নহ’লোহেঁতেন৷মোৰ জাতিৰ এজনেই বিধায়ক আছে আৰু সেইজনেই মই’—এই ভাষ্য ৰাজস্থানৰ মুখ্যমন্ত্ৰী আশোক গেহলটৰ।উল্লেখ্য ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ আসনখনক লৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু শচীন পাইলটৰ মাজত প্ৰায়ে মতবিৰোধ হৈ আহিছে৷এটা চামে যদি মুখ্যমন্ত্ৰী হিচাপে গেহলটক বিচাৰে,আনটো চামে বিচাৰে শচীন পাইলটক।শচীন পাইলটৰ সমৰ্থক সকলৰ মতে পাইলট যিহেতু গুজ্জৰ সম্প্ৰদায়ৰ গতিকে তেওঁকহে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰা উচিত৷এই সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কয় যে মুখ্যমন্ত্ৰীয়ে কোনো বিশেষ জাতিক প্ৰতিনিধিত্ব নকৰে৷এগৰাকী মুখ্যমন্ত্ৰী সকলোৰে মুখ্যমন্ত্ৰী হোৱা উচিত।ৰাজস্থানৰ মুখ্যমন্ত্ৰী গেহলটে টুইট কৰে এনেদৰে-
“মই বৰ্তমান ৰাজ্যখনৰ মুখ্যমন্ত্ৰী।মই সকলো জাতি-সম্প্ৰদায়ক সেৱা কৰিব বিচাৰোঁ।সেয়া লাগিলে জাট,গুজ্জৰ,ৰাজপুট,কুচৱাহা,যাতব,ব্ৰাহ্মণ,বণিয়া,মীনা যি সম্প্ৰদায়ৰে লোক নহওক কিয় মোৰ বাবে সকলো সমান৷মই বিশ্বাস কৰোঁ কোনো লোককেই জাতিৰ ভিত্তিত মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰা নহয়।”তেওঁ লগতে কয় যে তেওঁ দলৰ ৰাষ্ট্ৰীয় সম্পাদক আছিল ৩ বাৰ,তেওঁ আছিল ৩ বাৰৰ মুখ্যমন্ত্ৰী আৰু এয়া সম্ভৱ হৈছে কাৰণ হাইকামাণ্ডে তেওঁৰ ওপৰত বিশ্বাস ৰাখিছে আৰু এই বিশ্বাসৰ একমাত্ৰ কাৰণ হ’ল গুজৰাটৰ জনতাই তেওঁক দিয়া মৰম আৰু আশীৰ্বাদ।




