মাহ নৱেম্বৰ 2022

৩০ দিনীয়া শিক্ষকেৰে শিক্ষাদান গুজৰাটত

প্ৰধানমন্ত্ৰী মোডীৰ ৰাজ্যত আছে ৩০দিনীয়া শিক্ষক !৩০ দিনৰ বাবে শিক্ষক নিযুক্তি দিয়ে গুজৰাট চৰকাৰে। বিগত ২৭ বছৰ বিজেপিয়েই শাসনত আছিল গুজৰাটত। সকলোৱে গুজৰাট মডেলক অনুকৰণ কৰে । কিন্তু কি এই গুজৰাট মডেল ?জানিলে আচৰিত হ’ব আপুনি !অসমতকৈয়ো শোচনীয় গুজৰাটৰ অৱস্থা…

আছুৰ প্ৰতিবাদত উত্তাল নামৰূপ

নামৰূপ সাৰ কাৰখানা ব্যক্তিগত খণ্ডৰ হাতলৈ হস্তান্তৰ কৰাৰ ষড়যন্ত্ৰ আৰু চতুৰ্থ গোট স্থাপনৰ পৰিকল্পনা কাৰ্যকৰী নকৰাৰ প্ৰতিবাদত ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই আজি মুণ্ডন কাৰ্যসূচী ৰূপায়ণ কৰিছে। চৰকাৰে নামৰূপ সাৰকাৰখানাক ব্যক্তিগত খণ্ডক গতাবলৈ লোৱাৰ ষড়যন্ত্ৰৰ বিৰোধিতা কৰি…

আঘাত পালে কোহলিয়ে

ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ বাবে দুৃঃখবৰ! ছেমিফাইনেলৰ পূৰ্বে আঘাতপ্রাপ্ত ক্ৰিকেটাৰ বিৰাট কোহলি। ৰোহিত শৰ্মাৰ পিছত এইবাৰ আঘাতপ্রাপ্ত প্ৰাক্তন অধিনায়কগৰাকী।এডিলেডত অনুশীলনৰ সময়ত আঘাতপ্রাপ্ত হয় ‘কিং’ কোহলি।বৃহস্পতিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত মুখামুখি হ’ব ভাৰত। নেট অনুশীলনত হৰ্ষল পেটেলে বলিং কৰি থকাৰ সময়ত বলটো কোহলিৰ…

‘খেলা’ এইবাৰহে হ’ব !

লটাৰীৰ নম্বৰ লাগে কেৱল একেটা পৰিয়ালত? লাগেও লাগে একেবাৰে কোটিৰ ঘৰত ! কি ৰহস্য লুকাই আছে এই লটাৰীত ?এবাৰ যদি পিতৃয়ে নগদ ধন লাভ কৰে,পিছৰ বাৰ লাভ কৰে কন্যাই !ক’ৰ এই ঘটনা?চলিত বৰ্ষৰ জানুৱাৰীত পিতৃৰ নম্বৰত লাগিল এক কোটিৰ লটাৰী…

ভয়ংকৰ তথ্য প্ৰকাশ RBI ৰ !

RBI ৰ তথ্যই মুখত ছাই সানিলে প্ৰধানমন্ত্ৰীৰ ।বিমুদ্ৰাকৰণৰ পিছত কিমান সফল হ’ল নৰেন্দ্ৰ মোডী? নগদ ধনৰ লেনদেন বন্ধ কৰাই আছিল মোডীৰ লক্ষ্য। কিন্তু কিমান সফল হ’ল চৰকাৰ?শেহতীয়া RBI ৰ তথ্যই চকু কপালত তুলিব আপোনাৰ।২০২২চনৰ ২১অক্টোবৰত RBI এ প্ৰকাশ কৰা তথ্য…

‘তুমি আহিবা বুলি বাৰে বাৰে মই’ৰ স্ৰষ্টাৰ ঔষধ ক্ৰয়ৰ বাবে নাই ধন

গীতিকাৰ সূৰ্য কুমাৰ ৰাজাৰ খবৰ ৰাখিছেনে ? সুৰসূৰ্য উপাধিৰে বিভূষিত নগঞা গীতিকাৰ গৰাকীৰ এতিয়া খবৰ ৰাখোঁতা কোনো নাই । ৰজাঘৰ-প্ৰজাঘৰ সকলোৱেই পাহৰিলে চাৰিশৰো অধিক অসমীয়া কালজয়ী গীতৰ স্ৰষ্টা গৰাকীক । ১৯৫৩ চনত নগাঁও জিলাৰ ৰাইদঙ্গীয়াৰ ৰজাগাঁৱত জন্মগ্ৰহণ কৰা গীতিকাৰ তথা…

পুনৰ সংকটত সিন্দে !

একনাথ সিন্দেক মনত আছে নে? হয়,মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ কথাই ক’ব বিচৰা হৈছে। গুৱাহাটীত থাকি চৰকাৰ গঠনৰ কুচকাৱাজ চলাই সফল হোৱা সিন্দে পুনৰ গুৱাহাটীলৈ আহিব । কিন্তু কিয়?বিপদৰ সময়ত কামাখ্যা মন্দিৰলৈ মনত পৰে সিন্দেৰ । এইবাৰো সিন্দেক নতুন বিপদে লগ দিয়া…

খাল খান্দি ঘৰিয়াল পোহা বিজেপিৰ পদে পদে বিপদ !

বিজেপি নেতাই কিমান মিছা কথা কয়? বিজেপি নেতাই কিমান মনে সজা কথা কয়? বিজেপি নেতা মানেই ,নাকটো চুলেই বুধি! কথাই প্ৰতি ফাঁকি দি ধৰা পৰিলেও লাজ নাপায় বিজেপি নেতাই।খাল খান্দি ঘৰিয়াল পুহি বাৰে বাৰে বিপদত পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।সেয়া লাগিলে…

ধন ল’বলৈ গৈ নহয়,দিবলৈ গৈহে খেদা খালে বিধায়কে

ভোটাৰক ধন বিতৰণ কৰিবলৈ যোৱা বিহপুৰীয়াৰ বিধায়ক অমিয় ভূঞাক ৰাইজে দিলে পহুখেদা।দেউৰী পৰিষদীয় নিৰ্বাচনৰ ১৯ নং কিনাপথাৰ সমষ্টিত সংঘটিত হৈছে এই ঘটনা। সমষ্টিটোৰ পানবাৰী নবোদয় বালিকা বিদ্যালয় ভোটকেন্দ্ৰৰ সন্মুখত বিধায়কগৰাকী উপস্থিত হৈ ভোটাৰৰ মাজত পাঁচশ টকাকৈ বিতৰণ কৰি থাকোতে ভোটকেন্দ্ৰটোত…

নাগাৰা নামৰ ৰসত বুৰিল মুকালমুৱা

পবিত্ৰ ৰাস পূৰ্ণিমা উপলক্ষে নলবাৰী জিলাৰ মুকালমুৱাৰ খালিহাপাৰাত দিন যোৰা বিস্তৃত কাৰ্যসূচীৰে ৰাস পূৰ্ণিমা উৎসৱ উদযাপন কৰা হয় । বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত খালিহাপাৰা শ্ৰীশ্ৰী বাৰ গোপাল থান প্ৰাংগণত পুৱাৰে পৰা নিশালৈকে বিভিন্ন কাৰ্যসূচীৰে ৰাস পূৰ্ণিমা উৎসৱ পালন কৰা বুলি…