শীঘ্ৰেই নিৰ্মাণ হ’ব ৰাম-সীতাৰ মূৰ্তি

Share This Article

শীঘ্ৰেই নিৰ্মাণ হ’ব ৰাম-সীতাৰ মূৰ্তি ৷
সীতাৰ জনকপুৰৰ পৰা ৰামৰ অযোধ্যালৈ ৷
শালেগ্ৰাম অনা হ’ল ট্ৰাকেৰে ৷
সীতাৰ দেশৰ পৰা ৰামৰ দেশলৈ আহিল শিল ৷
আৰম্ভ হ’ব ৰাম-সীতাৰ মূৰ্তিৰ কাম ৷

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে শালেগ্ৰাম পালেহি নেপালৰ পৰা৷দুয়োটা শালেগ্ৰামকে ৰামৰ জন্মভূমিত পুৰোহিত আৰু স্থানীয় লোকে ফুলৰ মালা,পূজা -অৰ্চনাৰে আদৰি জনায়৷বুধবাৰে নেপালৰ পৰা অহা শালেগ্ৰাম কেইটা ৰাম আৰু জানকীৰ মূৰ্তি নিৰ্মাণত ব্যৱহাৰ কৰা হ’ব৷সীতাৰ জন্মস্থান নেপালৰ জনকপুৰৰ পৰা বিশাল ট্ৰাকত এই শিল কঢ়িয়াই অনা হৈছে৷শালেগ্ৰাম কেইটা আহি পোৱাৰ পিছতে তাত ভক্ত তথা উপাসকসকলে পূজা কৰে৷
ৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰৰ সাধাৰণ সম্পাদক চম্পট ৰায়ে এএনআইক কয় ”
“নেপালত কালী গন্দকী নামৰ এটা জলপ্ৰপাত আছে৷দামোদৰ কুণ্ডৰ পৰা এই জলপ্ৰপাত বৈ আহিছে৷এই স্থান সাগৰপৃষ্ঠৰ পৰা ৬০০০ ফুট উচ্চতাত অৱস্থিত৷এই দুয়োটা শালেগ্ৰাম তাৰপৰাই অনা হৈছে ভাৰতলৈ৷এই শিলকেইটা হাজাৰোধিক বৰ্ষ পুৰণি বুলি জনাইছে প্ৰত্নতত্ত্ববিদে৷শিল কেইটাৰ ওজন ক্ৰমে ১৮ টন আৰু ১৬ টন৷”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.