সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

শীঘ্ৰেই নিৰ্মাণ হ’ব ৰাম-সীতাৰ মূৰ্তি

শীঘ্ৰেই নিৰ্মাণ হ’ব ৰাম-সীতাৰ মূৰ্তি ৷
সীতাৰ জনকপুৰৰ পৰা ৰামৰ অযোধ্যালৈ ৷
শালেগ্ৰাম অনা হ’ল ট্ৰাকেৰে ৷
সীতাৰ দেশৰ পৰা ৰামৰ দেশলৈ আহিল শিল ৷
আৰম্ভ হ’ব ৰাম-সীতাৰ মূৰ্তিৰ কাম ৷

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে শালেগ্ৰাম পালেহি নেপালৰ পৰা৷দুয়োটা শালেগ্ৰামকে ৰামৰ জন্মভূমিত পুৰোহিত আৰু স্থানীয় লোকে ফুলৰ মালা,পূজা -অৰ্চনাৰে আদৰি জনায়৷বুধবাৰে নেপালৰ পৰা অহা শালেগ্ৰাম কেইটা ৰাম আৰু জানকীৰ মূৰ্তি নিৰ্মাণত ব্যৱহাৰ কৰা হ’ব৷সীতাৰ জন্মস্থান নেপালৰ জনকপুৰৰ পৰা বিশাল ট্ৰাকত এই শিল কঢ়িয়াই অনা হৈছে৷শালেগ্ৰাম কেইটা আহি পোৱাৰ পিছতে তাত ভক্ত তথা উপাসকসকলে পূজা কৰে৷
ৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰৰ সাধাৰণ সম্পাদক চম্পট ৰায়ে এএনআইক কয় ”
“নেপালত কালী গন্দকী নামৰ এটা জলপ্ৰপাত আছে৷দামোদৰ কুণ্ডৰ পৰা এই জলপ্ৰপাত বৈ আহিছে৷এই স্থান সাগৰপৃষ্ঠৰ পৰা ৬০০০ ফুট উচ্চতাত অৱস্থিত৷এই দুয়োটা শালেগ্ৰাম তাৰপৰাই অনা হৈছে ভাৰতলৈ৷এই শিলকেইটা হাজাৰোধিক বৰ্ষ পুৰণি বুলি জনাইছে প্ৰত্নতত্ত্ববিদে৷শিল কেইটাৰ ওজন ক্ৰমে ১৮ টন আৰু ১৬ টন৷”

- Donation -

Leave A Reply

Your email address will not be published.