ৰাহুল গান্ধী ‘পাপ্পু’ নে ‘ফৰেষ্ট গাম্প’?

Share This Article

৫২ বছৰীয়া এজন উদাসীন ৰাজনীতিক আজি এজন দুৰ্বোধ্য নেতা । কিয় আজি তেওঁ বাতৰিৰ শিৰোনামত? হয়, ৰাহুল গান্ধীৰ কথাই ক’ব বিচৰা হৈছে। ছোনিয়া তনয় ৰাহুল গান্ধী আজি সৰ্বত্ৰ চৰ্চিত। AC ৰুমত বহি ৰিম’ট কন্ট্ৰ’লৰ ৰাজনীতিহে কৰিব পাৰে বুলি অভিযোগ থকা ৰাহুল গান্ধী আজি ৰাজপথৰ নেতা। কংগ্ৰেছৰ কঁকাল ভাঙি পৰা সময়ত অদ্ভুত এক ৰূপেৰে ভাৰতীয় ৰাজনীতিৰ মাজত তোলপাৰ লগাই দিলে ৰাহুল গান্ধীয়ে। সলনি হৈ পৰিল ৰাহুল গান্ধীৰ সেই নিমজ শৰীৰ। শৰীৰৰ ৰঙা-বগা ৰং তামবৰণীয়া হৈ পৰিল। ৰাজপথে ৰাজপথে ঘূৰি ঘূৰি মানুহৰ মাজত তেওঁ সোমাই পৰিল। বিৰোধীক ভয় খুৱাব পৰাকৈ তেওঁ আৰম্ভ কৰিলে ভাৰত জোড়ো যাত্ৰা।চিকুণকৈ ৰখা মুখখনত আজি মুখভৰা ডাঢ়ি। কোনোৱে কৈছে দেখিবলৈ মানুহজন কাৰ্ল মাৰ্ক্সৰ দৰে হৈ পৰিছে নেকি? কোনোৱে আকৌ ভেকাহি মাৰি কৈছে নহয়, সাইলাখ ৰামদেৱৰ দৰেহে দেখিছে। কোনোৱে কয় সিংহ সদৃশ হৈ পৰিছে। সকলো গছিপিং সকলো আলোচনাৰ অন্তত ভাবিবলৈ বাধ্য হোৱা কথা এটা সঁচা যে ৰাহুল গান্ধীৰ ব্যক্তিত্ব সলনি হৈছে। মানুহে পূৰ্বতকৈ পৰিপক্ক ৰূপত তেওঁক গ্ৰহণ কৰিবলৈ বিচাৰিছে। বুধবাৰৰ আনন্দ বাজাৰ পত্ৰিকাৰ সম্পাদকীয় পৃষ্ঠাত আগবঢ়োৱা এক আলোচনাই আমাৰো দৃষ্টি কাঢ়িলে। হয়তো ‘ফৰেষ্ট গাম্প’ সদৃশ হৈ পৰিছে নেকি ৰাহুল গান্ধী?সেই যে ফৰেষ্ট গাম্প…। এখন কলজয়ী চিনেমা। ১৯১৪ চনৰ কালজয়ী চিনেমাৰ মূল চৰিত্ৰটো। যি ফৰেষ্ট গাম্পে এক অনন্ত যাত্ৰাৰ দৌৰ আৰম্ভ কৰিছিল। আমেৰিকাৰ পটভূমিত নিৰ্মাণ কৰা হৈছিল ফৰেষ্ট গাম্প। ফৰেষ্ট গাম্পৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছিল সেই বিখ্যাত চিনেমাখন। মুখ্য ভূমিকাত অভিনয় কৰিছিল টম হ্যাঙকছে। ফৰেষ্টৰ মাতৃয়ে সকলো প্ৰতিবন্ধকতা জীৱন যুঁজত আগবাঢ়িবলৈ আগুৱাই দিছিল। প্ৰতিবন্ধকতা নেওচি ফৰেষ্ট আগবাঢ়িছিল। ৰাহুল গান্ধীৰ ক্ষেত্ৰটো যেন সেয়াই হ’ল। ছোনীয়া গান্ধীৰ ভূমিকাও যেন এইমুহূৰ্তত ফৰেষ্ট গাম্পৰ মাতৃ সদৃশ। সকলো ৰাজনৈতিক প্ৰতিবন্ধকতা নেওচি আকৌ এবাৰ নতুনকৈ জীৱনৰ পৰীক্ষা কৰিবলৈ বন্ধ কোঠাৰ ৰাজনীতিৰ পৰা ৰাজপথলৈ আগবঢ়াই দিলে ৰাহুল গান্ধীক। এতিয়া সেই ফৰেষ্ট গাম্পৰ দৰেই ৰাহুল গান্ধীয়ে আৰম্ভ কৰিছে দৌৰ। এক ৰাজনৈতিক দৌৰ। ২০২২ চনৰ ছেপ্টেম্বৰৰ পৰাই আৰম্ভ হৈছে ৰাজনৈতিক উত্থানৰ লক্ষ্যৰে ২০২২বৰ্ষৰ ছেপ্টেম্বৰত এই ৰাজনৈতিক দৌৰৰ আৰম্ভ হৈছিল। কিন্তু ফৰেষ্ট গাম্পৰ দৰেই ৰাহুল গান্ধী সফল হ’ব পাৰিবনে? কি হ’ব…? হ’বও পাৰে। নহ’বও পাৰে। কিন্তু এই সকলোৰে উৰ্ধত এটা বৃহৎ প্ৰশ্ন ৰাহুল গান্ধীৰ এই ৰাজনৈতিক যাত্ৰা সফল হ’ব নে? আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই কৈছিল যে ৰাহুল গান্ধীক অস্থিৰ চঞ্চল ছাত্ৰ যেন লাগে। যিজন ছাত্ৰই সোনকালে ক্লাছ শেষ কৰি শিক্ষকক ইম্প্ৰেছ কৰিবলৈ বিচাৰে। সেই কথাষাৰে ৰাহুল গান্ধীৰ ৰাজনৈতিক ব্যক্তিত্বক অৱনমিত কৰিছিল। কিন্তু এই কথাষাৰৰে যেন প্ৰত্যুত্তৰ দিবলৈ এতিয়া ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হ’ল এক বিশেষ ৰাজনৈতিক প্ৰত্যাহ্বান। বাৰে বাৰে ৰাজনৈতিক উদাসীন বুলি কৰি থকা অভিযোগৰ প্ৰত্যুত্তৰ যেন এতিয়া হাতে হাতে দিছে ৰাহুল গান্ধীয়ে। কঁকালত টঙালি বান্ধি যিগৰাকী নেতাই ৩,৫৭০ কিলোমিটাৰ অতিক্ৰম কৰিলে আৰু এই যাত্ৰা সম্পূৰ্ণ কৰাৰ বাবে ১৫০ দিনৰ লক্ষ্য বান্ধি লৈছে।কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ১২ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ মাজেৰেই পাৰ হৈ যোৱাৰ লক্ষ্য ভাৰত জোড়ো যাত্ৰা। দেশত চলি থকা ঘৃণা আৰু বিভেদৰ ৰাজনীতিৰ বিৰুদ্ধে দেশক ঐক্যবদ্ধ কৰিবলৈ লক্ষ্য স্থিৰ কৰি লৈছিল ৰাহুল গান্ধীয়ে। আৰু ক’ৰবাত যেন সফল হৈ উঠিছে ৰাহুল গান্ধী। কাৰণ ৰাহুলৰ সৈতে খোজত খোজ মিলাইছে অজস্ৰজনে। কিন্তু ভাৰতৰ পূৱ প্ৰান্ত আৰু উত্তৰ-পূৱ প্ৰান্ত স্পৰ্শ নকৰাকৈ চলা ভাৰত জোড়ো যাত্ৰাক লৈ যথেষ্ট সমালোচনা হৈছে ৰাজনৈতিক মহলত। ভাৰতৰ এটা বৃহৎ প্ৰান্তত স্পৰ্শ নকৰাকৈ ভাৰত জোড়ো যাত্ৰা সম্ভৱ নে? এই প্ৰশ্নই ঘেৰি ৰাখিছে কংগ্ৰেছক। অৱশ্যে কংগ্ৰেছে নোচোৱাকৈ থাকিলে গুজৰাটকো। উত্তৰ প্ৰদেশৰ মাথোঁ ৩ খন জিলা হে চুই গ’ল ভাৰত জোড়ো যাত্ৰাই। এয়া প্ৰকৃততে কি? প্ৰচাৰ নে চমক? নাটক? নে সঁচাকৈয়েই দেশৰ মানুহৰ সৈতে ঐক্যবদ্ধ হোৱাৰ কুচকাৱাজ। সম্ভৱতঃ বিপৰ্যস্ত কংগ্ৰেছৰ পুনৰুদ্ধাৰৰ সংকল্প ৰাহুল গান্ধীৰ!দল হিচাপে কংগ্ৰেছক এক দীৰ্ঘম্যাদী ব্ৰেণ্ড নিৰ্মাণৰ চেষ্টা ৰাহুল গান্ধীৰ ।কিন্তু এই লক্ষ্য ৰাতাৰাতি সম্ভৱ নহয়। তাৰবাবে প্ৰয়োজন এক দীঘলীয়া আৰু পৰিপক্ক ৰাজনৈতিক সংগ্ৰামৰ। আৰু এই যাত্ৰাই হয়তো ৰাহুলক দি দিব পাৰে এক বৃহৎ সফলতা। প্ৰতিদিনে প্ৰায় ৩০ কিলোমিটাৰকৈ খোজ কাঢ়িছে তেওঁ। পুৱাতেই সাজু হৈছে সমদলৰ বাবে। দীৰ্ঘদিন ধৰি কটা নাই ডাঢ়ি-চুলি। এই ৰূপে ৰাহুল গান্ধীক কৰি তুলিছে চৰ্চিত। কিহৰ বাবে এই ৰূপ। সাধাৰণ মানুহৰ মাজত থিয় হ’বলৈ এই অৱতাৰ নেকি ৰাহুল গান্ধীৰ? ভাৰত জোড়ো যাত্ৰাৰ প্ৰথমটো দিনৰ পৰা ১০০ দিনলৈ সম্পূৰ্ণৰূপে সলনি হৈ পৰিছে ৰাহুল গান্ধী। যেন এক নতুন অৱতাৰ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.