ৰাহুল গান্ধীৰ যুক্তিপূৰ্ণ উত্তৰ,মুখা খুলিল বিজেপিৰ

Share This Article

বিগত সপ্তাহত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোডী-আদানি সম্পৰ্কত কৰা মন্তব্যৰ সমৰ্থনত সম্পূৰ্ণ যুক্তি দিলে লোকসভাৰ সচিবালয়ক।লোকসভাত অসাংবিধানিক শব্দ ব্যৱহাৰ কৰা বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ বিশেষাধিকাৰ ভংগৰ জাননী পঠিওৱা হৈছিল।ৰাহুল গান্ধীয়ে এই সম্পৰ্কত তেওঁ কৰা মন্তব্যবোৰৰ সমৰ্থনত বিভিন্ন আইনী যুক্তি দাঙি ধৰে।বিগত ৭ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিৰ ভাষণৰ পাছতে ৰাহুল গান্ধীয়ে হিণ্ডেনবাৰ্গ -আদানি সম্পৰ্কত কিছু মন্তব্য আগবঢ়াইছিল৷ইয়াৰ পিছত ৰাহুল গান্ধীৰ এই মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল বিজেপি সাংসদ নিশিকান্ত ডুবে আৰু প্ৰহ্লাদ যোশী৷লোকসভা সচিবালয়ে আনকি ৰাহুল গান্ধীক ইয়াৰ উত্তৰ দিয়াৰ অন্তিম সময় ধাৰ্য কৰিছিল ১৫ ফেব্ৰুৱাৰী।ইতিমধ্যে ৰাহুল গান্ধীয়ে তেওঁৰ মন্তব্যৰ সমৰ্থনত সকলো যুক্তি দাঙি ধৰিছে।আজিৰ পৰা ৩ দিনৰ আগত ৰাহুল গান্ধীয়ে কেৰালাৰ ৱেয়ানন্দত এক সভাত অংশ লৈ লোকসভাত তেওঁৰ কিছুমান মন্তব্যৰ ৰেকৰ্ড নৰখাৰ বিষয়টোত অসন্তুষ্টি প্ৰকাশ কৰে৷ তেওঁ লগতে কয় যে সংসদৰ সকলো প্ৰচিডিঙৰ বিষয়ে দেশৰ সাধাৰণ নাগৰিক অৱগত হোৱা উচিত।ৰাহুল গান্ধীয়ে লগতে কয় ‘ আজিৰ পৰা কেইদিনমান আগতে মই সংসদত এক বক্তৃতা ৰাখিছিলোঁ য’ত মই মোডী আৰু আদানিৰ সম্পৰ্ক সম্বন্ধত প্ৰশ্ন কৰিছিলোঁ,মই অত্যন্ত নম্ৰ আৰু বিনয়ী ভাৱে কথাখিনি কৈছিলোঁ,কাকো গালি পৰা নাছিলোঁ৷মই মাত্ৰ কিছুমান সঁচা কথা উত্থাপন কৰিছিলোঁ।’ৰাহুল গান্ধীয়ে লগতে কয় প্ৰধানমন্ত্ৰীয়ে নিজকে খুব ক্ষমতাশালী বুলি ভাৱে৷তেওঁ ভাৱে যে সকলোৱে তেওঁক ভয় কৰে৷’মই সংসদত যি কথা কৈছিলোঁ ,সেয়া সকলো সঁচা’-এনেদৰে মন্তব্য কৰে ৰাহুল গান্ধীয়ে।ৰাহুল গান্ধীয়ে কৈছিল ‘ ২০১৪ চনত আদানিৰ স্থান আছিল ৬০৯ নম্বৰত,কিন্তু কি যাদুৰ বলত তেওঁ বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিৰ স্থানলৈ আহিল সেইটোহে বীচাৰ্যৰ বিষয়।মোডী আছে যেতিয়া সকলো সম্ভৱ।’ৰাহুল গান্ধীৰ এই প্ৰশ্নত প্ৰধানমন্ত্ৰীৰ সমৰ্থনত সদনত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল আৰু উপযুক্ত প্ৰমাণ দাখিল কৰিবলৈ আহ্বান জনাইছিল এনডিএ সমৰ্থিত সাংসদসকলে।অৱশ্যে ৰাহুল গান্ধীয়ে মোডী-আদানিৰ ফটো দেখুৱাই মাত্ৰ তেওঁলোকৰ সম্পৰ্কক লৈ প্ৰশ্ন কৰিছিল৷ অধ্যক্ষ ওম বিৰলাই ইয়াৰ বিৰোধিতা কৰি বিষয়টোত হস্তক্ষেপ কৰিছিল।ৰাহুল গান্ধীয়ে কৈছিল ‘ মোডী আৰু আদানিৰ সম্পৰ্ক এতিয়াৰ নহয়৷এই সম্পৰ্ক ২০১৪ চনৰ পৰাই আছে।’গুৰুত্বপূৰ্ণ কথাটো হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিগত বুধবাৰে প্ৰায় ৮৫ মিনিটজোৰা ভাষণ ৰাখে সদনত৷সমগ্ৰ ভাষণটোত প্ৰধানমন্ত্ৰী মোডীয়ে আনকি ৰাহুল গান্ধীৰ এটা প্ৰশ্নৰো উত্তৰ নিদিলে আনকি আদানিৰ নামো উচ্চাৰণ নকৰিলে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.