ৰাহুল গান্ধীক প্ৰশংসা RSS ৰ

ভাৰত জোড়ো যাত্ৰাক প্ৰশংসাৰে উপচাই পেলালে আৰএছএছ নেতাই।উত্তৰ প্ৰদেশত ‘ভাৰত জোড়ো যাত্ৰা’ প্ৰৱেশ কৰাৰ লগে লগে সাধাৰণ জনতাক আকৰ্ষণ কৰিব পৰাকৈ ৰাহুল গান্ধীয়ে কৰিছে বিভিন্ন ঘোষণা ৷ইয়াৰ98o ভিতৰত কংগ্ৰেছ ক্ষমতালৈ আহিলে সেনাবাহিনীৰ অগ্নিপথ বাতিল কৰাৰ ঘোষণাটো উল্লেখযোগ্য।কালি এই যাত্ৰাই উত্তৰ প্ৰদেশত প্ৰৱেশ কৰাৰ সময়ত ইয়াক আদৰণি জনাই ৰাহুল গান্ধীৰ ভগ্নী তথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক প্ৰিয়ংকা গান্ধীয়ে।উল্লেখ্য যে নববৰ্ষ উদযাপনৰ বাবে কৰ্মকৰ্তাক বছৰটোৰ শেষত ৯ দিন বিৰতি দি পুনৰ ৩ জানুৱাৰীত যাত্ৰা আৰম্ভ কৰিছিল ৰাহুল গান্ধীয়ে।আজি অৰ্থাৎ বুধবাৰে উত্তৰ প্ৰদেশত দ্বিতীয় দিনত ভৰি দিলে ভাৰত জোড়ো যাত্ৰাই৷
গুৰুত্বপূৰ্ণ বিষয়টো হ’ল এই যাত্ৰা লৈ সঁহাৰি জনাইছে ৰাম জনমভূমিৰ মুখ্য পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসে।
আনহাতে,ৰাম মন্দিৰ ন্যাসৰ সম্পাদক চম্পট ৰায়ে কয় যে ৰাহুল গান্ধীৰ এই যাত্ৰাক প্ৰশংসা কৰা উচিত।ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই কেতিয়াও ‘ভাৰত জোড়ো যাত্ৰা’ৰ বিৰোধিতা কৰা নাই।চম্পট ৰায়ে কয় “ মই তেওঁৰ এই পদক্ষেপক প্ৰশংসা কৰোঁ।ইয়াত কোনো ভুল নাই।মই আৰএছএছৰ এজন সক্ৰিয় কৰ্মী।আমি কেতিয়াও এই যাত্ৰাৰ বিৰোধিতা কৰা নাই।তেওঁ এই প্ৰতিকূল বতৰৰ মাজতো খোজ কাঢ়ি ভাৰত ঘূৰিছে, মই সকলোকে এনে যাত্ৰা দেশৰ বাবে কৰিবলৈ আহ্বান জনাইছোঁ ”উল্লেখ্য যে এই যাত্ৰা উত্তৰ প্ৰদেশত প্ৰৱেশ কৰাৰ পূৰ্বে ৰাম মন্দিৰৰ মুখ্য পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসে ৰাহুল গান্ধীক এই যাত্ৰাৰ বাবে শুভেচ্ছা জনায় আৰু তেওঁৰ সুস্বাস্থ্য,দীৰ্ঘজীৱন আৰু যাত্ৰাৰ সফলতা কামনা কৰে।মুখ্য পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসে এক পত্ৰত শুভেচ্ছা জনাই লিখিছে “ আপুনি এটা মহৎ উদ্দেশ্য লৈ এই যাত্ৰা কৰিছে৷’সৰ্বজন হিতায়,সৰ্বজন সুখায় নীতিক লৈ আপুনি এই যাত্ৰা আৰম্ভ কৰিছে৷মই সেয়ে ভগৱান ৰামৰ আশীৰ্বাদ আপোনাৰ ওপৰত থকাটো কামনা কৰোঁ।”উল্লেখযোগ্য যে মঙলবাৰে এই যাত্ৰা উত্তৰ প্ৰদেশত প্ৰৱেশ কৰাৰ উত্তৰ প্ৰদেশত প্ৰৱেশ কৰাৰ সময়ত গৱেষণা আৰু বিশ্লেষণ বিভাগৰ প্ৰাক্তন মুখ্য বিষয়া এ এছ দৌলত,শিৱসেনাৰ প্ৰাক্তন সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে সংগ দিয়ে ৰাহুল গান্ধীক।উত্তৰ প্ৰদেশৰ প্ৰাক্তন দুয়োগৰাকী মুখ্যমন্ত্ৰী ক্ৰমে অখিলেশ যাদৱ আৰু মায়াৱতীয়ে ৰাহুল গান্ধীৰ এই যাত্ৰালৈ শুভেচ্ছা জনাইছে।৩ দিনত এই যাত্ৰাই সমগ্ৰ উত্তৰ প্ৰদেশ সাঙুৰি ল’ব আৰু পুনৰ ৬ জানুৱাৰীত এই যাত্ৰা হাৰিয়ানাত প্ৰৱেশ কৰিব।অহা ২০ জানুৱাৰীত এই যাত্ৰাই কাশ্মীৰৰ কঠুৱা জিলাত প্ৰৱেশ কৰিব আৰু ৩০ জানুৱাৰীত শ্ৰীনগৰত এই যাত্ৰাৰ অন্ত পৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *