ৰাজৌৰীক লৈ আশংকা

Share This Article

বিগত দুটা সপ্তাহত জম্মুৰ ৰাজৌৰী জিলাত অতি কমেও ৭ জন লোকৰ মৃত্যু হয়।জিলাখনত বিগত দুটা সপ্তাহত দুটা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয়৷শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱা ঢাংৰী গাঁৱৰ ভুক্তভোগী পৰিয়াল কেইটাৰ সদস্য সকলক সাক্ষাৎ কৰাৰ কথা ।শ্বাহে জম্মু -কাশ্মীৰত এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হোৱাৰো কথা৷ৰাজ্যখনৰ শেহতীয়া আইন শৃংখলা পৰিস্থিতিৰ ওপৰত এই বৈঠকত আলোচনা কৰিব গৃহমন্ত্ৰী গৰাকীয়ে।বিগত ১ আৰু ২ জানুৱাৰীত ৰাজৌৰীত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। ৭ জন মৃত লোকৰ ভিতৰত ২ টি শিশুও আছিল৷এই আক্ৰমণৰ ঘটনাত ৬ জন লোক আহত হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.