সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰাজৌৰীক লৈ আশংকা

বিগত দুটা সপ্তাহত জম্মুৰ ৰাজৌৰী জিলাত অতি কমেও ৭ জন লোকৰ মৃত্যু হয়।জিলাখনত বিগত দুটা সপ্তাহত দুটা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয়৷শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱা ঢাংৰী গাঁৱৰ ভুক্তভোগী পৰিয়াল কেইটাৰ সদস্য সকলক সাক্ষাৎ কৰাৰ কথা ।শ্বাহে জম্মু -কাশ্মীৰত এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হোৱাৰো কথা৷ৰাজ্যখনৰ শেহতীয়া আইন শৃংখলা পৰিস্থিতিৰ ওপৰত এই বৈঠকত আলোচনা কৰিব গৃহমন্ত্ৰী গৰাকীয়ে।বিগত ১ আৰু ২ জানুৱাৰীত ৰাজৌৰীত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। ৭ জন মৃত লোকৰ ভিতৰত ২ টি শিশুও আছিল৷এই আক্ৰমণৰ ঘটনাত ৬ জন লোক আহত হৈছিল।

Leave A Reply

Your email address will not be published.