‘ৰাজহৰ বাবেই মদ নুখুৱাব’- আহ্বান বিজেপি নেত্ৰীৰ

Share This Article

সুৰাৰ জৰিয়তে ৰাজহ সংগ্ৰহৰ পাং পতা চৰকাৰক সকীয়ালে স্বয়ং বিজেপি নেত্ৰীয়েই।উল্লেখ্য যে দেশৰ বিত্তীয় নাটনিৰ জোৰা মাৰিবলৈ বিভিন্ন ৰাজ্যৰ চৰকাৰে সুৰাৰ দোকানৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে দোকান খোলাৰ সময়ো বৃদ্ধি কৰিছে।তেনে সমযতে বিজেপি দলৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী উমা ভাৰতীয়ে সুৰা নিষিদ্ধ কৰাৰ দাবী তুলিছে।বিজেপি নেত্ৰী তথা মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উমা ভাৰতীয়ে ৰাজ্যখনত সুৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰিছে৷বিভিন্ন সময়ত টুইটৰ জৰিয়তে উমা ভাৰতীয়ে আনকি চৰকাৰকো নিজৰ লাভৰ বাবে জনতাক সুৰাপানত উদগনি নজনাবলৈ পৰামৰ্শ আগবঢ়াইছে।উল্লেখ্য যে উমা ভাৰতীয়ে বিগত বৰ্ষৰে পৰা সুৰা সেৱনৰ বিৰোধিতা কৰি আহিছে।২০২২চনৰ জুন মাহত তেওঁ সুৰাৰ বিপণীলৈ গৰুৰ গোবৰ দলিয়াইছিল৷২০২২বৰ্ষৰে মাৰ্চ মাহত তেওঁ ভূপালৰ এখন সুৰাৰ বিপণীলৈ শিল দলিয়াইছিল৷বিগত কেইবাটাও মাহ ধৰি তেওঁ ৰাজ্যখনত সুৰা বিক্ৰী নিষিদ্ধ কৰাৰ দাবী তুলি আহিছে।বৃহস্পতিবাৰে মধ্য প্ৰদেশৰ অৰ্চাত অৱস্থিত এখন সুৰাৰ দোকানৰ সন্মুখত ৰৈ থকা গৰুক দোকানখনৰ সন্মুখতে বান্ধি খাদ্যও যোগান ধৰিছিল।তাৰপিছতেই তেওঁ ৰাজ্যখনৰ জনতাক ‘ মদ নহয় গাখীৰ খাবলৈ’ আহ্বান জনাইছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.