৮ প্ৰাবল্যৰ ভূমিকম্প হ’ব উত্তৰ পূবত !

Share This Article

উত্তৰাখণ্ডত ভয়ংকৰ ভূমিকম্পৰ আগজাননী দিছে নেশ্যনেল জিঅ’ফিজিকেল ৰিচাৰ্ছ ইনষ্টিটিউটৰ মুখ্য বিজ্ঞানীয়ে।এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত মুখ্য বিজ্ঞানী ড° এন পূৰ্ণচন্দ্ৰ ৰাৱে কয় উত্তৰাখণ্ডৰ ভূপৃষ্ঠত এক ভয়ংকৰ চাপৰ সৃষ্টি হৈছে।সেয়ে এই চাপৰ বাবেই যিকোনো সময়তে ভয়ংকৰ ভূমিকম্পৰ কম্পন অনুভূত হোৱাটো নিশ্চিত।অৱশ্যে তেওঁ লগতে কয় এই সাম্ভাৱ্য ভূমিকম্পৰ সময় আৰু তাৰিখ আগতীয়াকৈ কোৱাটো সম্ভৱ নহয়৷তদুপৰি এই ভূমিকম্পই কিমান ক্ষতি কৰিব সেয়া নিৰ্ভৰ কৰিব আন কেইবাটাও কাৰকৰ ওপৰত।” আমি ইতিমধ্যে হিমালয়ৰ আশেপাশে থকা অঞ্চলত মুঠ ৮০ টা চেচমিক জ’ন স্থাপন কৰিছোঁ৷আমি তাত জিপিএছ নেটৱৰ্ক স্থাপন কৰিছোঁ।এই নেটৱৰ্কত এটা বিষয় স্পষ্ট হৈছে যে ইয়াৰ ভূ ভাগত প্ৰচণ্ড চাপৰ সৃষ্টি হৈছে।’বদ্ৰীনাথ আৰু কেদাৰনাথলৈ যোৱা প্ৰৱেশদ্বাৰ যোশীমঠত ইতিমধ্যে অস্বাভাৱিক ফাঁট মেলিছে ইয়াত নিৰ্মাণ হোৱা ঘৰবোৰত।ৰাৱে লগতে কয় ‘ সাধাৰণতে ৰিখটাৰ স্কেলত ৮ প্ৰাবল্যৰ বেছি ভূমিকম্পকহে প্ৰবল ভূমিকম্প বুলি কোৱা হয়।তুৰস্কত ৭.৮ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হৈছিল।ইয়াক আচলতে বৃহৎ ভূমিকম্প আখ্যা দিব নোৱাৰি৷কিন্তু তুৰস্ক ধ্বংসস্তুপত পৰিণত হ’ল কাৰণ ইয়াৰ আন্তঃগাঁথনি দুৰ্বল আছিল।’ৰাৱে লগতে কয় ‘ হিমালয় অঞ্চল মানে জম্মু কাশ্মীৰৰ পৰা অৰুণাচল প্ৰদেশলৈকে এই অঞ্চলটোত যিকোনো মুৰ্হুততে ৮ প্ৰাবল্যৰ ভূমিকম্প আহিব পাৰে।হিমালয় অঞ্চলত ভূমিকম্পৰ সম্ভাৱনীয়তা বেছি৷১৭২০ চনত কুমাও অঞ্চল,১৮০৩ চনত গাড়োৱাল অঞ্চলত ভয়ংকৰ ভূমিকম্প হৈছিল৷সেয়ে এই অঞ্চলত যিকোনো মুৰ্হুততে প্ৰবল ভূমিকম্প অহাৰ সম্ভাৱনীয়তা নুই কৰিব নোৱাৰি।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.