-৪ ডিগ্ৰীত কঁপিছে উত্তৰ ভাৰত

Share This Article

শীতত কঁপিছে সমগ্ৰ উত্তৰ ভাৰত৷-৪ ডিগ্ৰী ছেলচিয়াছলৈ নামিব উষ্ণতা।ইভ ৱেডাৰ অব ইণ্ডিয়াৰ প্ৰতিষ্ঠাতা নবদীপ দাহিয়াই টুইটাৰত লিখিছে “ ১৪ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীৰ ভিতৰত অতিমাত্ৰা শীতৰ কবলত পৰিব সমগ্ৰ উত্তৰ ভাৰত।১৬ ৰ পৰা ১৮ জানুৱাৰীত শীতৰ পৰিমাণ অধিক হ’ব।”বিগত ২৩ বছৰত উত্তৰ ভাৰত ইমান শীতৰ কবলত কেতিয়াও পৰা নাছিল।বৃহস্পতিবাৰে দিল্লীৰ তাপমাত্ৰা আছিল ৯.৩ ডিগ্ৰী ছেলচিয়াছ।বতৰ বিজ্ঞানী আৰ কে জেনামণিয়ে জনোৱা মতে পঞ্জাব,হাৰিয়ানা,চণ্ডীগড়,দিল্লী,উত্তৰ প্ৰদেশৰ উত্তৰ প্ৰান্ত আৰু ৰাজস্থানৰ উত্তৰ অংশত বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে আগন্তুক দুটা দিনত।হিমালয়ৰ নিকটৱৰ্তী ৰাজ্য,জম্মু-কাশ্মীৰ আৰু বিশেষকৈ কাশ্মীৰৰ বিভিন্ন প্ৰান্তত বৃহস্পতিবাৰে বৰষুণ হোৱাৰ সম্ভৱনা আছে।তদুপৰি হিমাচল আৰু উত্তৰাখণ্ডত ১৪জানুৱাৰীৰ ভিতৰত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও জনাই বতৰ বিজ্ঞানী জেনামণিয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.