১টা গ’ল,২ টা গ’ল এহ ৩ নম্বৰটোও গ’ল !

Share This Article

বিগত ছেপ্তেম্বৰ মাহত নামিবিয়াৰ পৰা মধ্য প্ৰদেশৰ কুন’ ৰাষ্ট্ৰীয় উদ্যানলৈ অনা মুঠ ১১টা চিতা বাঘৰ ভিতৰত বৰ্তমানলৈকে ৩ টাৰ মৃত্যু হয়।মঙলবাৰে দুপৰীয়া তৃতীয় চিতাটোৰ মৃত্যু হয়৷’দক্ষা’ নামৰ তৃতীয় চিতাজনী আন এটা বাঘৰ লগত যুঁজ লাগি গুৰুতৰভাৱে আহত হৈছিল।তাৰ পিছতেই বাঘজনীয়ে মৃত্যুক সাৱটি লয়৷বিগত এপ্ৰিল মাহৰ শেষৰ ফালে উদয় নামৰ মতা চিতাটোৱে মৃত্যুক সাৱটি লৈছিল।উল্লেখ্য যে বিগত মাৰ্চ মাহতো এটা চিতাৰ মৃত্যু হৈছিল।ৱাইল্ড লাইফ ৱাৰ্ডেন জে এছ চৌহানে হিন্দুস্তান টাইমছক জনোৱা অনুসৰি ‘ ৱাইল্ড লাইফৰ চিকিৎসকৰ দলে চিতাটোৰ স্বাস্থ্য পৰীক্ষা কৰি জানিব পাৰিছিল যে চিতাটো কিছু পৰিমাণে দুৰ্বল হৈ আছে।চিকিৎসক আৰু চিতা বিশেষজ্ঞ সকলে চিতাটোক অকলশৰীয়া কৈ ৰখাৰ যোজা চলাই থাকোতেই ইয়াৰ মৃত্যু হয়।

২০২২চনৰ ১৭ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্ম দিনৰ দিনা এক মহা আড়ম্বৰপূৰ্ণ পৰিৱেশত এই চিতা বাঘ কেইটা কন’ ৰাষ্ট্ৰীয় উদ্যানত এৰি দিয়া হৈছিল। উল্লেখ্য যে এই চিতা বাঘ কেইটা নামিবিয়াৰ পৰা কুন’লৈ অনাৰ বাবদ মুঠ ৭৫ কোটি ধন ব্যয় হৈছিল। প্ৰায় ৭০ বছৰ পাছত প্ৰথম বাৰৰ বাবে চিতাৰ প্ৰৱেশ ঘটিছে ভাৰতত।ইণ্ডিয়ান অইল কৰ্পৰেশ্যনে ইয়াৰ সামাজিক দায়বদ্ধতাৰ পুঁজিৰ পৰা এই চিতাৰ বাবে ৫০ কোটি ব্যয় বহন কৰিছে।নেশ্যনেল টাইগাৰ কনজাৰভেশ্বন অথৰিটি আৰু ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ মাজত চিতা সংৰক্ষণৰ বাবে এক চুক্তি স্বাক্ষৰিত হৈছিল।সেই চুক্তি অনুসৰি মুঠ ব্যয়ৰ তিনিটা অংশৰ দুটা অংশৰ ব্যয় অইল কৰ্পৰেশ্যনে আৰু বাকী ৰোৱা অংশ চৰকাৰে বহন কৰাৰ কথা আছিল।নামিবিয়াৰ পৰা চাৰ্টাড কাৰ্গো বয়িং 747 বিমানেৰে অনা হৈছিল এই চিতা বাঘ কেইটা।
মুঠতে চিতা বাঘে যিমান গ্লেমাৰ আনিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ধাৰণা কৰিছিল,তাৰ বিপৰীত প্ৰভাৱহে পৰিবগৈ নেকি বুলি সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.