হাতত নাই কণটো, বৰ সবাহলৈ মনটো বিজেপিৰ!

Share This Article

কান্ধত প্ৰচণ্ড ধাৰৰ বোজা কিন্তু সেইবোৰলৈ আওকাণ কৰি বিশ্ব অভিলেখৰ খদমদম বিজেপিৰ! হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিত চলিল কেৱল অভিলেখ গঢ়াৰ বাহাৰ।১০মে’, ২০২১। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দখল কৰিছিল দিছপুৰ। দিশপুৰ দখল কৰিয়েই বিজেপিয়ে আৰম্ভ কৰিছিল প্ৰতিশ্ৰুতিৰ পাহাৰ। মূৰকত একো নাপালে সাধাৰণ লোকে। ২০২২ বৰ্ষৰ নৱেম্বৰ মাহত চলিল লাচিত বৰফুকন দিৱস উদযাপনৰ প্ৰস্তুতি। ৰাজধানী দিল্লীত চলিল বিশাল আয়োজন। নতুন দিল্লীত আয়োজন কৰা লাচিত দিৱসৰ দৰ্শকৰ শাৰীত আছিল মাথোঁ অসমৰ পৰা যোৱা কিছু সংখ্যক লোকহে। এতিয়া প্ৰশ্ন হৈছে লক্ষ লক্ষ টকা খৰচ কৰি  পতা লাচিত দিৱসৰ ফলত বিশ্ব দৰবাৰত সঁচাকৈয়ে চৰ্চিত হৈছে নে বাৰু বীৰ লাচিতৰ বীৰত্বৰ গাঁথা।নৱেম্বৰ পাৰ হৈ মাজত ডিচেম্বৰ মাহটো গ’ল… জানুৱাৰী মাহত চৰকাৰৰ ঘোষণা বিহুক লৈ গঢ়া হ’ব অভিলেখ। আৰম্ভ হ’ল খদমদম। ঐতিহাসিক ক্ষণ গঢ়িবলৈ সকলো উঠিপৰি লাগিল।ৰাজকোষৰ ধনেৰে অৰ্থাৎ ৰাইজৰ ধনেৰে বিহুৰ অভিলেখ সৃষ্টি হ’ল। ৰাইজৰ ধনেৰে বিহুৰ বিশ্ব অভিলেখ হ’ল। ৰাইজৰ ধনেৰে বিহু বিশ্ব দৰবাৰলৈ গ’ল। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোট চৰকাৰৰ প্ৰকৃত কাম কি হ’ল? প্ৰশ্নবোধৰ প্ৰশ্নবোধক হৈয়েই ৰৈ যাব? মুখ্যমন্ত্ৰীৰ ভাষাৰেই অভূতপূৰ্ব,বিৰল,নোহোৱানোপজা,ঐতিহাসিক বহু ঘটনাৰ সাক্ষী হৈ ৰ’ল অসমবাসী।তাকো আকৌ মাথোন দুটা বছৰত ! আৰু তিনিটা বছৰ বাকী? অহা তিনিটা বছৰো হয়তো হৈ পৰিব অভিলেখময়। মাথোঁ এই দুটা বছৰতে উদঘাটন হ’ল PPE কিট কেলেংকাৰীৰ কথা। উদঘাটন হ’ল মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমিকেন্দ্ৰীক অনিয়মৰ কথা, উদঘাটন হ’ল অদৃশ্য উদ্যানৰ কথা, দিশপুৰ উৰণীয়া সেঁতুৰ অলিখিত কাহিনীৰ কথা, উদঘাটন হ’ল পিজুছ হাজৰিকাই উপহাৰ হিচাপে লোৱা ৬৮ লাখটকীয়া গাড়ীৰ কথা।কিন্ত চৰকাৰৰ বৰ্ষপূৰ্তিৰ দিনটোত খবৰ আহে যে দৰমহা নোপোৱাকৈ আছে বহু চৰকাৰী কৰ্মচাৰীয়ে। নিবনুৱা সংস্থাপনৰ সমগ্ৰ বিষয়টোৱে হৈ ৰ’ল এক নুবুজা সাঁথৰ। এই চৰকাৰৰ দুটা বছৰ সম্পূৰ্ণ হ’ল। সঁচাকৈয়ে আপোনাৰো বাৰু মনলৈ ভাৱ আহে নে কি পালো, কি হেৰুৱালো?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.