সোণৰ খনিতেই সোণৰ কণী বিচাৰি পালে ৰাহুল গান্ধীয়ে !

Share This Article

ভুৱা প্ৰতিশ্ৰুতিত ভোল নগ’ল কৰ্ণাটকৰ জনতা ! বজৰংবলীয়েও বচাব নোৱাৰিলে বিজেপিক !সোণৰ খনিতেই লাগিছিল শনি !সোণৰ খনিয়েই আনিছিল কংগ্ৰেছৰ বিপৰ্যয়! কংগ্ৰেছৰ সোণালী যুগ আৰম্ভ সোণৰ খনিতেই!

হয়,কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ জীৱনলৈ আকস্মিকভাৱে পৰিবৰ্তন অনা স্থানডোখৰেই আছিল সোণৰ খনিৰ বাবে বিখ্যাত কৰ্ণাটকৰ কোলাৰ৷সেই কোলাৰতেই লাগিছিল ৰাহুল গান্ধীৰ জীৱনৰ ‘শনি’।কৰ্ণাটকত বিগত ১০ মে’ত অনুষ্ঠিত বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ওলাল শনিবাৰে।অভিলেখ সংখ্যক আসন দখলেৰে কংগ্ৰেছে লাভ কৰিলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা।

উল্লেখ্য যে ২০১৯ চনত কৰ্ণাটকৰ কোলাৰত প্ৰদান কৰা এক নিৰ্বাচনী ভাষণৰ বাবে ৰাহুল গান্ধীয়ে হেৰুৱাবলগীয়া হ’ল সাংসদ পদ,তেওঁৰ চৰকাৰী বাসভৱন সকলো।প্ৰধানমন্ত্ৰী মোডীৰ উপাধি সন্দৰ্ভত আগবঢ়োৱা বিতৰ্কিত মন্তব্যৰ বাবে তেওঁৰ বিৰুদ্ধে গুজৰাটৰ বিধায়ক পূৰ্ণেশ মোডীয়ে তৰিছিল মানহানিৰ গোচৰ। বিগত ২৩মাৰ্চত চুৰাটৰ আদালতে এই গোচৰৰ ৰায় প্ৰদান কৰে।ৰায় অনুসৰি ৰাহুল গান্ধীক দুবছৰ কাৰাদণ্ড বিহা হয়।ইয়াৰ এদিন পিছতেই অৰ্থাৎ ২৪ মাৰ্চত ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হয় আৰু ২৭ মাৰ্চত তেওঁৰ চৰকাৰী বাসভৱন খালী কৰাৰ নিৰ্দেশ দিয়ে লোকসভাৰ সচিবালয়ে।ৰাহুল গান্ধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পিছতে দেশৰ প্ৰায় ১৭ টা বিৰোধী দলে চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰে৷কংগ্ৰেছৰ পৰা এক নিৰ্দিষ্ট দূৰত্ব বৰ্তাই ৰখা আপ আৰু তৃণমূল কংগ্ৰেছেও বিৰোধী দলৰ ঐক্যবদ্ধ প্ৰতিবাদত অংশ লয়।শাসক দলৰ হঠকাৰী সিন্ধান্তই কিন্তু ৰাহুল গান্ধীৰ ৰাজনৈতিক জীৱনৰ ওপৰত নঞৰ্থক প্ৰভাৱৰ পৰিবৰ্তে যেন কিছু সদৰ্থক প্ৰভাৱহে পেলোৱা আৰম্ভ কৰিলে।ঘূৰাই পেলালে যেন ৰাহুল গান্ধীৰ ৰাজনৈতিক জীৱনৰ ৰথৰ চকৰি !তাৰেই ফলত  কংগ্ৰেছে লাভ কৰিলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা ! ভবাতকৈয়ো অধিক আসন পালে কংগ্ৰেছ ! কোনো সমীক্ষাই ঢুকি নোপোৱা সংখ্যা ঢুকি পালে কংগ্ৰেছে ! উল্লেখ্য যে কৰ্ণাটকত ১০ মে’ত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হয় ।ৰাজ্যখনত বিগত ৩ বছৰ বিজেপিৰ শাসন চলি আছিল।শনিবাৰে বিজেপি শাসনৰ অন্ত পৰিল কৰ্ণাটকত ।অভিলেখ সংখ্যক ভোটেৰে জিকিল কংগ্ৰেছী।কংগ্ৰেছৰ ৰাজ্যিক সভাপতি বি কে শিৱকুমাৰে ৪২ হাজাৰ ভোটত তেওঁৰ নিকটতম প্ৰতিন্দন্দ্বী বিজেপিৰ প্ৰাৰ্থী গৰাকীক পৰাভূত কৰে। কৰ্ণাটক বিজয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে যেন ৰণুৱা ঘোঁৰাহে মেলি দিলে শনিবাৰে।ইফালে দক্ষিণ ভাৰতত কেৱল কৰ্ণাটকতকেই খোপনি পুতি থকা বিজেপিয়ে সেই খোপনিও হেৰুৱালে শনিবাৰে।শনিবাৰৰ পৰাজয়ে মোডীৰ ৰথৰ চকৰি বোকাৰে লুটুৰিপুটুৰি কৰি দিলে। স্বয়ং প্ৰধানমন্ত্ৰীয়ে ১৯ খন ৰেলী কৰি একেলেথাৰিয়ে এটা সপ্তাহ এখন ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছতো বিজেপিয়ে শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাটো সমগ্ৰ বিজেপিৰ বাবেই এক অকল্পনীয় ঘটনা হিচাপে প্ৰতিপন্ন হৈছে।এক কথাত মে’ থাৰটিন সঁচাকৈয়ে আনলাকী হ’ল বিজেপিৰ বাবে !লগে লগে দক্ষিণ ভাৰতত অস্তমিত হ’ল বিজেপিৰ সুৰুয।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.