‘সুশৃংখল’ বিজেপিত বিশৃংখল কাৰবাৰ

Share This Article

দেশৰ সবাতোকৈ শৃংখলাবদ্ধ দল বুলি দাবী কৰে বিজেপিয়ে।কিন্তু কেৱল ক্ষমতাৰ বাবেই দুটা পক্ষৰ মাজত হোৱা হতাহতিত বিধ্বস্ত হ’ল বিজেপিৰ কাৰ্যালয়।তামিলনাডুৰ কাল্লাকুৰিচিত সংঘটিত হৈছে এই ঘটনা।চ’ছিয়েল মেডিয়াত ভাইৰেল হৈছে এক বিশেষ দৃশ্য !এই দৃশ্যটোত বিজেপিৰ জিলা সভাপতিয়ে আয়োজন কৰা এক সভাত অংশগ্ৰহণকাৰীৰ মাজত হতাহতি হোৱা দেখা গৈছে।এটা পক্ষই আনটো পক্ষৰ গা লৈ চকী দলিওৱাৰ ভিডিঅ’ ভাইৰেল হৈছে।শংকপুৰমত বিজেপিৰ জিলা সভাপতিৰ নেতৃত্বত এক বৈঠক অনুষ্ঠিত হৈছিল ,সেই বৈঠকত ঋষিবন্ধীয়াম,শংকৰাপুৰম আৰু কাল্লাকুৰিচি সমষ্টিৰ শক্তিকেন্দ্ৰৰ বিষয়বাব সম্পৰ্কত আলোচনা কৰা হৈছিল ।সেই সভাত কাল্লাকুৰিচি জিলা সমিতিৰ বিজেপিৰ সভাপতি গৰাকীয়ে শক্তিকেন্দ্ৰৰ সদস্যৰ তালিকাখনত কিছু সালসলনি কৰিছিল।এই সালসলনিৰ সিন্ধান্তত খড়গহস্ত হৈছিল আৰুৰ দেৱী আৰু ৱেষ্ট ইউনিয়ন চেক্ৰেটাৰী ৰামচন্দ্ৰনৰ সমৰ্থক ।দুয়োপক্ষৰ মাজত মতানৈক্য হৈছিল।মতানৈক্যই গৈ ইমান ভয়ংকৰ ৰূপ ল’লে যে দুয়োপক্ষৰ সমৰ্থকৰ মাজত তীব্ৰ বাকবিতণ্ডা আৰু মাৰপিট হয়।পিছত অৱশ্যে আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.