সাম্প্ৰতিক (৪): শিল্পী কোন?-— বিশ্বজিৎ বৰা

বিশ্বজিৎ বৰা

আমাৰ সমাজ ব্যৱস্থা দুই উপাদানেৰে গঠিত – যি দৃশ্যমান (visible) আৰু যি অদৃশ্য (invisible)। এক বিশেষ আদৰ্শৰ ভিত্তিত এই দৃশ্যমান আৰু অদৃশ্যৰ পুনৰ্গঠন বা পুনৰ্বিন্যাসৰ প্ৰক্ৰিয়াই হৈছে ৰাজনীতি।
আৰ্ট বা কলা বা শিল্পৰ প্ৰসংগটো এই কাৰণেই গুৰুত্বপূৰ্ণ যে শিল্প হৈছে সমাজ ব্যৱস্থাৰ এই অদৃশ্য উপাদানবোৰ তুলি ধৰাৰ এক সমল (অৱশ্যে একেদৰেই শিল্পৰ জৰিয়তে প্ৰায়েই ইতিমধ্যে দৃশ্যমানবোৰকে বাৰে বাৰে তুলি ধৰা হয়, আৰু অদৃশ্যবোৰক ডবাই ৰখা হয়)। সেয়ে জীৱন আৰু সমাজ ব্যৱস্থাৰ নতুন বা বৈকল্পিক ৰূপৰ বৈপ্লৱিক সন্ধান কৰাৰ ক্ষেত্ৰত শিল্পৰ ভূমিকাক অস্বীকাৰ কৰিব নোৱাৰি আৰু তাতেই শিল্পৰ স্বৰূপ লুকাই থাকে।
বস্তুগত স্থান-কাল পৰিস্থিতিৰ পৰা শিল্প অৱশ্যেই মুক্ত নহয়। পুঁজিবাদী শ্ৰেণী সমাজত শিল্পৰ সৃষ্টি পণ্যদ্ৰব্য উৎপাদনৰ অন্তৰ্গত যদিও শিল্পৰ মাজতো ৰেডিকেল ৰাজনীতিৰ সম্ভাৱনা থাকে। অৱশ্যে বুৰ্জোৱা শিল্পই সমাজৰ স্থিতাৱস্থাক প্ৰত্যাহ্বান নজনায়। বৰং এনে শিল্পই সমাজৰ স্থিতাৱস্থা বাহাল ৰখাৰহে অহৰহ প্ৰয়াস অব্যাহত ৰাখে, যাতে বুৰ্জোৱা শ্ৰেণীস্বাৰ্থ পূৰণৰ পথ মসৃণ হয়।
আমি লক্ষ্য কৰিছো যে বৰ্তমান তিলটোকে তাল কৰা বিভিন্ন গণমাধ্যমবোৰে শিল্পী কোন, মনোৰঞ্জনকাৰী কোন, এইবোৰ অভিধাৰ প্ৰমাণপত্ৰ বা চাৰ্টিফিকেট দিয়াৰ সামাজিক গুৰুদায়িত্ব বহন কৰিছে। গতিকে স্বাভাৱিকতেই এটা প্ৰশ্ন উত্থাপিত হয়: শিল্পী কোন?
আমি সাধাৰণতে শিল্পী বুলি ক’লে এক আদৰ্শগত ‘শিল্পী মানেই দুৰন্ত প্ৰতিভাশালী জিনিয়াছ’ (artist-as-a-genius) ধৰণৰ সংজ্ঞাত বিশ্বাস কৰো, যি ভুল। যিকোনো ব্যক্তিয়েই সহজাত প্ৰতিভা তথা প্ৰশিক্ষণৰ জৰিয়তে শিল্পৰ চৰ্চা বা অনুশীলন কৰিব পাৰে, আৰু শিল্পৰ চৰ্চা কৰাজনেই হৈছে শিল্পী। গতিকে জুবিন গাৰ্গ, যতীন বৰা, বিপিন চাউদাং, বা মিষ্টাৰ ৰাজকুমাৰ সকলোৱেই শিল্পী। শিল্পী সদায়েই সমাজৰ সাম্প্ৰতিক পৰিস্থিতিৰ অধীন (সমাজৰ পৰিস্থিতি সন্দৰ্ভত শিল্পীৰ স্থিতি কি, সেয়া এক সুকীয়া প্ৰসংগ), অৰ্থাৎ সামাজিক সম্পৰ্ক আৰু সমাজৰ পৰিস্থিতিয়েই শিল্পীক গঢ়ি তোলে। নন্দনতত্ত্বৰ ধাৰণাৰ ভিত্তিত আমি নিশ্চয় শিল্পকৰ্মৰ আলোচনা-সমালোচনা কৰিব পাৰো, আৰু শিল্পৰ গুণগত মান বিশ্লেষণ কৰি ভাল, উন্নত, প্ৰাসংগিক বা বেয়া, ফটুৱা, অপ্ৰাসংগিক, বাৰেভচহু শিল্পৰ উদাহৰণ দাঙি ধৰিব পাৰো বা সেই সম্পৰ্কে বাদ-বিবাদ কৰিব পাৰো (নন্দনতত্ত্বৰ মাজতো অৱশ্যে ৰাজনৈতিক আদৰ্শৰ প্ৰসংগ সোমাই আছে)। কিন্তু শিল্পী কোন, বা কোন সঁচা শিল্পী বা কোন মিছা শিল্পী, সেই সম্পৰ্কে বাদ-বিবাদ কৰাটো বা গণমাধ্যমৰ দৰে শিল্পীৰ অভিধাৰ প্ৰমাণপত্ৰ দিবলৈ যোৱাটো এক অৰ্থহীন কাৰবাৰ। কোনো শিল্পী ব্যক্তি হিচাপে ঠগবাজ বা ধান্দাবাজ বা দগাবাজ হোৱাটো অস্বাভাৱিক নহয় – চৌপাশে এবাৰ চকু ফুৰালেই তেনে ঠগবাজ, ধান্দাবাজ, দগাবাজ ব্যক্তিৰ দেধাৰ উদাহৰণ দেখিবলৈ পোৱা যায়। আৰু সেই ঠগবাজ, ধান্দাবাজ, দগাবাজবোৰো শিল্পৰ সৃষ্টি – লাগিলে দেখিলে-শুনিলে বমি হোৱা শিল্পই হওক – বা চৰ্চাৰ জৰিয়তে শিল্পী হ’ব পাৰে।
অৰ্থাৎ ‘শিল্পী’ শব্দটো বা সংজ্ঞাটো পাৰিভাষিক বা টেকনিকেল, লাগিলে শিল্পীগৰাকী মহানেই হওক বা দগাবাজেই হওক, বা পেছাদাৰীয়েই হওক বা অপেছাদাৰীয়েই হওক। এই প্ৰসংগতে বৰনদী ভটিয়ায় চলচ্চিত্ৰখনৰ নিৰ্মাতা-পৰিচালক অনুপম কৌশিক বৰাই তেওঁৰ ফেইচবুকৰ পৃষ্ঠাত লিখা এটা পোষ্ট হুবহু দাঙি ধৰা হৈছে: “যি শিল্পৰ চৰ্চা কৰে তেঁৱেই শিল্পী (সংগীত, ছবি, নৃত্য, ডিজাইন, অভিনয়, নাটক, চিনেমা, ইত্যাদিবোৰ শিল্প) – এই সৰল সংজ্ঞাটো মানি লওক। বাকী সাধনা, সিদ্ধি, জনপ্ৰিয়তা, দায়িত্ববোধ, দায়বদ্ধতা, জাতিপ্ৰেম, দেশপ্ৰেম, মানৱদৰদ, বদান্যতা, জীৱ-জন্তুপ্ৰেম, মিঠা ব্যক্তিত্ব, সৎ চৰিত্ৰ, স্পষ্টবাদিতা আদি অলেখ অযুত আন চৰ্তবোৰ শিল্পী শব্দৰ লগত মূলভূতভাৱে জড়িত নহয়। গতিকে ‘ছবি আঁকিব জানিলেই বা গান গাব পাৰিলেই (ইত্যাদি) শিল্পী নহয়, তাৰ বাবে অমুক-ভুচুক (ওপৰৰ শব্দকেইটা চাওক) হ’ব লাগিব!’ – এইষাৰ এষাৰ অবালচন্দ কথা। ছবি আঁকিব জনা, গান গাব পৰা, নাচিব জনা (ইত্যাদি) মানুহগৰাকী শিল্পী। সিমানেই।” অৰ্থাৎ পেছা বা নিচাৰ কাৰণে শিল্প চৰ্চা কৰা সকলো লোকেই একো-একোগৰাকী শিল্পী।
একে সময়তে আমি এই কথাও উপলব্ধি কৰাটো সময়োচিত যে শিল্প কেৱল নান্দনিক প্ৰতিভা বা দক্ষতাৰেই ফল নহয়, ই হৈছে শিল্পীৰ সমগ্ৰ সত্তাৰে এক ক্ৰিয়া। গতিকে শিল্পী হৈছে সমাজৰ এক জৈৱিক বা অৰ্গেনিক সত্তা, আৰু সমাজ আৰু শিল্পীক পৃথককৈ চাব নোৱাৰি। সেই কাৰণেই প্ৰগতিশীল মহলে “কলাৰ কাৰণে কলা” মতাদৰ্শৰ বিৰোধিতা কৰে। প্ৰগতিশীল অৰ্থত শিল্পৰ সৃষ্টি আৰু চৰ্চাৰ জৰিয়তে সত্যৰ অন্বেষণ কৰা – যাক এক বিশেষ সন্ধিক্ষণ আৰু পৰিস্থিতি সাপেক্ষে গণতান্ত্ৰিক সমতাৰ ভিত্তিত বৈকল্পিক সমাজ ব্যৱস্থাৰ সম্ভাৱনাৰ অন্বেষণ বুলি ক’ব পাৰি – আৰু সামাজিক দায়বদ্ধতা আঁকোৱালি লৈ শ্ৰেণী সংগ্ৰামত সৰ্বহাৰাৰ হকে বুৰ্জোৱাৰ বিৰুদ্ধে থিয় দিয়াগৰাকীয়েই শিল্পী।
আনহাতে, আজিৰ দিনত হাগনিৰ গুৰ দৰে এচাম শিল্পীৰ নৈ বোৱা পৰিলক্ষিত হৈছে। আৰু সেইসকল শিল্পীয়ে বাৰম্বাৰ নিজকে নিৰ্লজ্জভাৱে ধান্দাবাজ বুলি প্ৰমাণো কৰিছে। দৰাচলতে এই ধান্দাবাজ শিল্পীবোৰ হৈছে নাগৰিক সমাজত প্ৰভাৱশালী শ্ৰেণীৰ আধিপত্য সুৰক্ষিত ৰখাৰ এক সমল। এনেবোৰ শিল্পীক অভিকৰ্তা বা এজেণ্ট হিচাপে ব্যৱহাৰ কৰিয়েই ৰাষ্ট্ৰযন্ত্ৰৰ প্ৰতিভূ চৰকাৰে ৰাইজক আভুৱা ভাৰি স্বাৰ্থসিদ্ধি কৰি থাকে। গতিকে ৰাইজে সেইবোৰ দগাবাজ দালাল শিল্পীৰ দিশে আঙুলি টোঁওৱাটো নিতান্তই স্বাভাৱিক তথা সমীচিন।
প্ৰচলিত সমাজ ব্যৱস্থাৰ দৃশ্যমান-অদৃশ্যৰ সমীকৰণৰ বিৰুদ্ধে গুঁজৰি উঠা চিৰ আদৰৰ সংগ্ৰামী সতীৰ্থ কমৰেড বিষ্ণু ৰাভা যিদৰে শিল্পী, আজিৰ দিনত চল চাই কঠীয়া পৰা বা নিজকে ৰাইজৰ লগত আছো বুলি ঘোষণা কৰি ‘কা’-ৰ বিৰুদ্ধে এসময়ত ৰাজহুৱা মঞ্চত কে-কে-কৈ চিঞৰা আৰু পাছত জ্ঞানচক্ষু মুকলি হোৱাত থাওকতে আবেগৰ ঢৌত উটি গৈছিলো বুলি ভুল স্বীকাৰ কৰি কমলৰ চৰণত শৰণ লোৱা ঘটিবাদী ফোপজহী দুৰ্বৃত্তবোৰো শিল্পী। গতিকে ৰাইজে কাক আদৰি ল’ব আৰু কাক বৃদ্ধাংগুষ্ঠ দেখুৱাব, সেই সিদ্ধান্তই দৃশ্যমান-অদৃশ্যৰ সমীকৰণৰ সামাজিক-ৰাজনৈতিক যুঁজত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

(মতামত লেখকৰ নিজৰ, মতামতৰ বাবে The Cross Current দায়ী নহয়)

 

Leave a Reply

Your email address will not be published. Required fields are marked *