সাম্প্ৰতিক (৩): স্বাধীনতা কি? স্বাধীন কোন?-বিশ্বজিৎ বৰা

Share This Article

“আজিৰ দিনত স্বাধীনতা হৈছে কংক্ৰীটৰ জংঘলৰ কাৰণে প্ৰাকৃতিক জংঘল ধ্বংস কৰাৰ স্বাধীনতা। ধনীৰ সন্তানৰ কাৰণে উচ্চ-উচ্চতৰ শিক্ষা সাং কৰাৰ স্বাধীনতা, আৰু দুখীয়াৰ সন্তানৰ কাৰণে খাবলৈ নাই কণ, তথাপিও বৰ সবাহলৈ মন কৰাৰ স্বাধীনতা, অৰ্থাৎ ধনীকেইটা দিনক দিনে ধনী হৈ গৈ থকাৰ স্বাধীনতা আৰু দুখীয়াকেইটা দিনক দিনে দুখীয়া হৈ গৈ থকাৰ স্বাধীনতা। শাসকীয় দলৰ হ’লে বা শাসকীয় দলৰ অনুগ্ৰহপুষ্ট হ’লে মন কৰিলেই চন, আৰু শাসকীয় দলৰ বিৰুদ্ধে মাত মাতিলে ৰাষ্ট্ৰদ্ৰোহত (ৰাজদ্ৰোহ?) ফচি জেলৰ বিনামূলীয়া ভাত খোৱাৰ স্বাধীনতা,” লিখিছে বিশ্বজিৎ বৰা

বিশ্বজিৎ বৰা

 

আমি প্ৰকৃততে স্বাধীন নে? স্বাধীনতা এক বিমূৰ্ত সংজ্ঞা নে মূৰ্ত অভিজ্ঞতা? লেনিনে ১৯২০ চনতে চিঞৰি উঠিছিল, “স্বাধীনতা… বাৰু ঠিক আছে। পিছে কাৰ বাবে? কি কৰিবলৈ?”
গণতন্ত্ৰৰ এক লাইখুটা হৈছে স্বাধীনতা। এক কথাত ক’বলৈ গ’লে স্বাধীনতাৰ প্ৰাতিষ্ঠানিক ৰূপটোৱেই হৈছে গণতন্ত্ৰ। গতিকে গণতান্ত্ৰিক শাসনব্যৱস্থাত নাগৰিকৰ স্বাধীনতাৰ প্ৰশ্নটো স্বাভাৱিকতেই উত্থাপিত হয়। এই প্ৰসংগত স্বাধীনতাক আত্ম-নিয়ন্ত্ৰণৰ অৰ্থত স্ব-ৰাজ বা আত্ম-শাসন (self-government) বুলি এক যৌক্তিক সংজ্ঞা আগবঢ়োৱা হয়। মানুহ হৈছে যৌক্তিকতা আৰু নিজৰ আশা-আকাংক্ষা পূৰ কৰাৰ সংগ্ৰামৰ মাজত চিৰন্তন বন্দী। যদি যৌক্তিকতাৰ শিকলি চিঙি নিজৰ আশা-আকাংক্ষাবোৰে মানুহৰ জীৱন প্ৰণালী নিয়ন্ত্ৰণ কৰে, তেন্তে সেই মানুহ নিজৰ আশা-আকাংক্ষাৰ দাস হৈ পৰে – অৰ্থাৎ, স্বাধীনতা হেৰুৱাই পেলায় (সেয়ে মাধৱদেৱৰ মতে, মুক্তিতো নিস্পৃহ যিটো…)। আনহাতে, গণতান্ত্ৰিক সংজ্ঞামতে স্বাধীনতা হৈছে নিজৰ ইচ্ছানুযায়ী জীৱন নিৰ্বাহ কৰা – যদি এই স্বাধীনতাক নিজৰ আশা-আকাংক্ষাৰ অবাধ সাধনা বুলি গণ্য কৰা হয়, তেন্তে ই আত্ম-নিয়ন্ত্ৰণ হিচাপে গণ্য কৰা যৌক্তিক স্বাধীনতাৰ পৰিপন্থী হৈ পৰে।
ব্যক্তি-স্বাধীনতাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা স্বাধীনতাৰ বুৰ্জোৱা ধাৰণাটো অনুসৰি সামাজিক পৰিবৰ্তন সম্ভৱ কেৱল যেতিয়া স্বাধীন ব্যক্তিৰ কৰ্মৰ যোগেদি সামাজিক প্ৰতিষ্ঠানবোৰে নিজকে নিজে পুনৰ্জন্ম দিয়ে। সংঘ-সমিতিৰ স্বাধীনতা (freedom of association), বিবেক-বুদ্ধিৰ স্বাধীনতা (freedom of conscience), অভিব্যক্তিৰ স্বাধীনতা (freedom of expression), সমাবেশৰ স্বাধীনতা (freedom of assembly), বা শাসনব্যৱস্থাৰ প্ৰসংগত নিজৰ মতামত ব্যক্ত কৰাৰ স্বাধীনতা (যি পোনপ্ৰথমবাৰৰ বাবে মেগনা কাৰ্টাত স্বীকৃত হৈছিল) – এই গোটেইবোৰেই হৈছে বুৰ্জোৱা স্বাধীনতা।
আনহাতে, মাৰ্ক্সৰ মতে স্বাধীনতা হৈছে বস্তুগতভাৱে অপৰিহাৰ্য বুলি গণ্য কৰা সকলোবোৰ উপাদানৰ উৰ্দ্ধত এক সৃজনশীল প্ৰাচুৰ্য – যি নিজেই নিজৰ মাপকাঠি হৈ পৰে। কিন্তু কথাটো হ’ল যে সমাজত এই স্বাধীনতা সম্ভৱ হ’বলৈ হ’লে প্ৰথমে কিছুমান বিশেষ বস্তুগত অৱস্থাৰ প্ৰয়োজন হয়, যাতে মানুহৰ সহজাত প্ৰবৃত্তিৰ উৰ্দ্ধত যি অতিৰিক্ত (excess) চেতনা আছে – যি মাৰ্ক্সৰ মতে মানৱতাৰে এক চাৰিত্ৰিক বৈশিষ্ট্য – সেয়া স্বয়ং এক বস্তুগতভাৱে নিৰ্ধাৰিত পৰিস্থিতি হৈ পৰে। অৰ্থাৎ, স্বাধীনতা তেতিয়াহে সম্ভৱ যেতিয়া মানুহৰ ব্যৱহাৰ-মূল্য (use-value) বিনিময়-মূল্য (exchange-value)-ৰ সন্মোহনৰ পৰা মুক্ত হ’ব পাৰে।
বজাৰৰ নীতি অনুযায়ী স্বতন্ত্ৰ ব্যক্তি এক বিমূৰ্ত, বিনিময়যোগ্য একক হিচাপে পৰস্পৰৰ মুখামুখি হয়। কৰ্মৰত মানুহ পণ্যদ্ৰব্যত পৰিণত হয় আৰু সৰ্বাধিক মূল্যৰ বিনিময়ত নিজৰ শ্ৰম ক্ষমতা বিক্ৰী কৰে (পুঁজিপতিৰ ধান্দা কেৱল নিজৰ মুনাফা আদায় কৰা)। ৰাজনৈতিক ক্ষেত্ৰখনত বুৰ্জোৱা ৰাষ্ট্ৰই ইয়াৰ নাগৰিকক বিমূৰ্তভাৱে সমান বুলি গণ্য কৰে, একো নহ’লেও অন্ততঃ ভোটাধিকাৰৰ ক্ষেত্ৰত, কিন্তু অতি চতুৰালিৰে নাগৰিকৰ মাজত থকা বিশেষ সামাজিক অসমতাবোৰ বৰ্তাই ৰাখে।
সঁচা অৰ্থত স্বাধীনতা তেতিয়াহে সম্ভৱ যেতিয়া ৰাজনৈতিক ৰূপ (political form) আৰু সামাজিক বিষয়বস্তু (social content)-ৰ মাজৰ এই ব্যৱধান নোহোৱা হ’ব, যাতে অংশগ্ৰহণকাৰী নাগৰিক হিচাপে আৰু স্বতন্ত্ৰ ব্যক্তি হিচাপে আমাৰ সত্তাৰ মাজত একো পাৰ্থক্য নাথাকে। অৰ্থাৎ, যেতিয়া মানুহৰ ব্যক্তিসত্তা পণ্যদ্ৰব্য হোৱাৰ পৰা মুক্ত হ’ব, যাতে ব্যক্তিৰ ইন্দ্ৰিয়গ্ৰাহ্য বিকাশ বৰ্তমানে ফচি থকা বিমূৰ্ত, উপযোগিতাবাদী (utilitarian) যুক্তিৰ পৰা মুক্ত হ’ব।
অৰ্থাৎ, এক কথাত ক’বলৈ গ’লে স্বাধীনতা হৈছে শোষণ, অসমতা, বিচ্ছিন্নতাবোধ (alienation), দাসত্ব, আৰু বহু-মাত্ৰিক অৱদমনৰ সকলো ধৰণৰ শিকলি চিঙি মুক্তি লাভ কৰা।
গতিকে স্বাভাৱিকতেই প্ৰশ্ন উঠে, আমি স্বাধীন নে?
বা প্ৰশ্নটো এনেধৰণেও উত্থাপন কৰিব পাৰি: ধৰ্মৰ স্বাধীনতা নে ধৰ্মৰ পৰা স্বাধীন হোৱাটো? সংকীৰ্ণমনা চেতনাৰ স্বাধীনতা নে সংকীৰ্ণমনা চেতনাৰ পৰা স্বাধীনতা? আমি স্বাধীনতাক অমুকটোৰ পৰা স্বাধীনতা (freedom from) বুলি চামনে অমুকটোৰ বা অমুকটো কৰাৰ স্বাধীনতা (freedom of) বুলি চাম? মাৰ্ক্সবাদ অনুসৰি অসমান, এলাগীকৃত, শোষিত, আৰু মানৱতাৰহিত জীৱনৰ পৰা মুক্ত হোৱাটোৱেই স্বাধীনতাৰ মুখ্য ভিত্তি। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে ইতিমধ্যে হাচিল কৰা লিবাৰেল বা উদাৰবাদী সকলোবোৰ স্বাধীনতা নস্যাৎ কৰা।
উদাৰবাদী মতাদৰ্শৰ ঘাই ভেঁটিটোৱেই হৈছে পছন্দৰ স্বাধীনতা (freedom of choice)। এনে ধাৰণাত স্বাধীনতা হৈ পৰে নিয়মমাফিক বা ফৰ্মেল, অৰ্থাৎ প্ৰকৃত স্বাধীনতা মানে হৈ পৰে স্বাধীনতাৰ অভাৱ।
সাম্প্ৰতিক শাসনব্যৱস্থাই কল্যাণকামী ৰাষ্ট্ৰ ধ্বংস কৰাৰ ফলত যি সামাজিক-অৰ্থনৈতিক নিৰাপত্তাহীনতাৰ উদ্ভৱ হয়, তাকে আমাক বেচিবলৈ প্ৰয়াস কৰে এইবুলি যে নব্য স্বাধীনতা উপভোগ কৰিবলৈ বা ইয়াৰ লাভ উঠোৱাৰ বাবে ইয়েই হৈছে আমাৰ সুবৰ্ণ সুযোগ। আমি প্ৰতি বছৰে চাকৰি সলনি কৰিব লাগে, স্থায়ী নিযুক্তিৰ ঠাইত হ্ৰস্বকালীন ঠিকাভিত্তিক চাকৰি বা কাম কৰিব লাগে, যাতে আমি স্থায়ী নিযুক্তিৰ সীমাবদ্ধতাৰ পৰা মুক্ত হ’ব পাৰো আৰু আমাৰ ব্যক্তিত্ব বা ব্যক্তিসত্তাৰ লুকাই থকা সম্ভাৱনাবোৰ বাস্তৱত ৰূপায়িত কৰিবলৈ সুযোগ লাভ কৰিব পাৰো।
ভাৰতবৰ্ষৰ ক্ষেত্ৰত ১৯৪৭ চনত আচলতে কি হ’ল? বৃটিছ গ’ল, কিন্তু নিজ দেশৰ মানুহেই ৰাজপাটত বঢ়ি বগা চাহাব হ’ল। ফলস্বৰূপে লোক সেৱা আয়োগ আজি কাৰ্যতঃ ৰাজ সেৱা আয়োগ, বা ন্যায় পালিকা আজি ৰাজ পালিকা, বা দমনমূলক ৰাষ্ট্ৰযন্ত্ৰৰ সকলোবোৰ স্বৰূপেই শাসনাধিষ্ঠিত চৰকাৰৰ বহতীয়া।
তথাপিও এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে নেহৰুৱে দেশখন গঢ়িব খুজিছিল, যাৰ লাভ আজিও দেশবাসীয়ে প্ৰকাৰান্তেৰে হ’লেও লাভ কৰি আছে। এতিয়া নিজে নেহৰুৰ লগত দেশ গঢ়োতা হিচাপে ফেৰ মাৰিবলৈ গৈ মোদীয়ে নতুন ভাৰত – ৰামৰাজ্য – গঢ়ি আছে।
সংবিধানৰ পাতত মৌলিক স্বাধীনতাৰ কথা আমি সবেই পঢ়িছো, (মৌলিক) স্বাধীনতা খৰ্ব হ’লে প্ৰতিবাদ কৰিছো। সংবিধানৰ মতে স্বাধীন ভাৰতৰ সকলো নাগৰিকৰে বাক স্বাধীনতা – অৰ্থাৎ কথা কোৱাৰ স্বাধীনতা – আছে। সেয়া এক মৌলিক অধিকাৰ। কিন্তু কথা কোৱাৰ পাছত? আজিৰ দিনত কথা কোৱাৰ পাছত স্বাধীনতা কাঢ়ি নিবলৈ নিয়া আছে।
আজিৰ দিনত স্বাধীনতা হৈছে কংক্ৰীটৰ জংঘলৰ কাৰণে প্ৰাকৃতিক জংঘল ধ্বংস কৰাৰ স্বাধীনতা। ধনীৰ সন্তানৰ কাৰণে উচ্চ-উচ্চতৰ শিক্ষা সাং কৰাৰ স্বাধীনতা, আৰু দুখীয়াৰ সন্তানৰ কাৰণে খাবলৈ নাই কণ, তথাপিও বৰ সবাহলৈ মন কৰাৰ স্বাধীনতা, অৰ্থাৎ ধনীকেইটা দিনক দিনে ধনী হৈ গৈ থকাৰ স্বাধীনতা আৰু দুখীয়াকেইটা দিনক দিনে দুখীয়া হৈ গৈ থকাৰ স্বাধীনতা। শাসকীয় দলৰ হ’লে বা শাসকীয় দলৰ অনুগ্ৰহপুষ্ট হ’লে মন কৰিলেই চন, আৰু শাসকীয় দলৰ বিৰুদ্ধে মাত মাতিলে ৰাষ্ট্ৰদ্ৰোহত (ৰাজদ্ৰোহ?) ফচি জেলৰ বিনামূলীয়া ভাত খোৱাৰ স্বাধীনতা।
গতিকে আজিৰ দিনত নিয়াই নিনিলেই নিজকে স্বাধীন বুলি ক’ব পাৰি।
শেষ অৰ্থত ক’বলৈ গ’লে আজিৰ অৰৱেলিয়ান যুগত দাসত্বই স্বাধীনতা হৈ পৰিছে।

(মতামত লেখকৰ নিজৰ, মতামতৰ বাবে The Cross Current দায়ী নহয়)

Share This Article
The CrossCurrent Bureau
The CrossCurrent Bureau