Investigative reporting with dedication.

খনিজ সম্পদত চহকী দেশ ভাৰতত উদ্ধাৰ লিথিয়ামৰ বৃহৎ ভাণ্ডাৰ।এই লিথিয়াম বিদ্যুৎ চালিত বাহনৰ বেটাৰী নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়৷খনি মন্ত্ৰালয়ে বৃহস্পতিবাৰে এই তথ্য সংসদত দাখিল কৰে।জিঅ’লজিকেল চাৰ্ভে অব ইণ্ডিয়াই জম্মু কাশ্মীৰৰ ৰিচাই জিলাত ৫.৯ মিলিয়ন টন লিথিয়ামৰ সন্ধান পাইছে৷দেশত পোন প্ৰথমবাৰৰ বাবে এই সম্পদৰ সন্ধান পোৱা গৈছে।বিগত ৬২ সংখ্যক চেণ্ট্ৰেল জিঅ’লজিকেল প্ৰগ্ৰেম বৰ্ডৰ সভাত খনি দপ্তৰৰ সচিব বিবেক ভৰদ্বাজে ৰাজ্য চৰকাৰক এই সম্পৰ্কীয় ১৬ খন তথ্য সন্নিৱিষ্ট প্ৰতিবেদন দাখিল কৰিছিল।আনহাতে,খনি দপ্তৰৰ আন এগৰাকী সচিব পৰ্যায়ৰ বিষয়া অমিত শৰ্মাই কয় যে লিথিয়াম সন্দৰ্ভত ইতিমধ্যে দুটা প্ৰতিবেদন দাখিল কৰা হৈছে।শৰ্মাই কয় যে জম্মু-কাশ্মীৰে খনি খণ্ডত এক ঐতিহাসিক যুগৰ সূচনা কৰিলে।এই লিথিয়াম গাড়ীৰ বেটেৰীৰ ওপৰিও ম’বাইল বেটেৰী প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰা হয়।




