সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

লোকপিয়ল পিছুৱাৰ ৰহস্য

লোকপিয়ল পিছুৱাত চৰকাৰী ষড়যন্ত্ৰ !বাৰে বাৰে কিয় পিছুৱাই লোকপিয়ল?নোহোৱা নোপজা ঘটনা এটা হৈ আছে কিয় ?২০১৯ চনতেই কেন্দ্ৰীয় চৰকাৰে ২০২১ ৰ লোকপিয়লৰ বাবে সকলো যো -জা কৰিছিল।মুঠ ৮,৭৫৪.২৩কোটি লোকপিয়লৰ সমগ্ৰ প্ৰক্ৰিয়াৰ নামত ধাৰ্য কৰা হৈছিল৷লোকপিয়লৰ সমগ্ৰ ডাটা সংগ্ৰহৰ বাবে ৩.৩ মিলিয়ন লোকক নিয়োজিত কৰা হৈছিল।ইয়াৰে প্ৰথম পৰ্যায়ৰ কামখিনি ২০২০ চনৰ এপ্ৰিলৰ পৰা ছেপ্তেম্বৰলৈ আৰু দ্বিতীয় পৰ্যায়ৰ কাম খিনি ২০২১চনৰ ফেব্ৰুৱাৰীত আৰম্ভ কৰাৰ কথা আছিল।কিন্তু ক’ভিডৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটো বন্ধ ৰাখিবলগীয়া হৈছিল।২০২১ৰ লোকপিয়ল বৰ্তমান ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ পিছতহে আৰম্ভ কৰাৰ সম্ভাৱনা বেছি।উল্লেখ্য যে ১৮৭২ চনত প্ৰথম বাৰৰ বাবে লোকপিয়ল অনুষ্ঠিত হ’ল। বৰ্তমান প্ৰথমটো লোকপিয়লৰ পিছত ১৫২ বছৰ অতিক্ৰম পাৰ হ’ল।ইয়াৰ পিছতেই প্ৰতি ১০ বছৰৰ মূৰে মূৰে এই লোকপিয়ল অনুষ্ঠিত হৈ আহিছে৷১৯৪১ চনৰ দ্বিতীয় বিশ্ব যুদ্ধ আৰু ১৯৬১ চনত চীনা যুদ্ধ আৰু ১৯৭১ চনৰ বাংলাদেশ যুদ্ধৰ বাবে এই লোকপিয়ল সময়ত অনুষ্ঠিত হোৱা নাছিল।২০২২ চনৰ ১৪ ডিচেম্বৰত কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী নিত্যানন্দ ৰায়ে ৰাজ্যসভাত কৈছিল “ ক’ভিডৰ বাবে ২০২১চনৰ লোকপিয়লত কিছু স্থবিৰতা আহিছিল৷কাৰণ বাহিৰত কৰিবলগীয়া কিছুমান কাম কৰাত বাধা আহি পৰিছিল।”উল্লেখ্য যে আমেৰিকা,ইংলেণ্ড,চীন আৰু বাংলাদেশত লোকপিয়ল ক’ভিডৰ বাবে পিছুৱাইছিল যদিও কিন্তু পিছত সেয়া সম্পন্ন হ’ল।লোকপিয়ল পলমকৈ হ’লে বহুবোৰ ক্ষেত্ৰত সমস্যা আহি পৰে।প্ৰশাসনীয় ক্ষেত্ৰখনত জটিলতা ,কল্যাণকামী আঁচনিৰ হিতাধিকাৰীৰ তালিকা বনোৱাৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধা আহি পৰে।প্ৰাক্তন গৃহ সচিব জি কে পিল্লায়ে কয় “ চৰকাৰে এইক্ষেত্ৰত এক ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত৷কাৰণ এনেদৰে পলম হৈ থাকিলে বহু ক্ষেত্ৰত অসুবিধা হয়।”২০১১চনৰ পুৰণি লোকপিয়লৰ তথ্য ব্যৱহাৰ কৰি থকা বাবে দেশৰ জনতাক কল্যাণকামী আঁচনিৰ জৰিয়তে সঠিকভাৱে সাঙুৰি ল’ব পৰা নাই৷ৰাষ্ট্ৰীয় খাদ্য আইন ২০১৩ অনুসৰি দেশৰ ৭৫% গ্ৰাম্য জনসংখ্যা আৰু ৫০% চহৰাঞ্চলৰ জনসংখ্যা আৰু দেশৰ মুঠ ৬৭% জনসংখ্যাই ৰেহাই মূল্যত খাদ্য শস্য লাভ কৰি আহিছে।
২০১১চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা ১২১কোটি আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ হিতাধিকাৰী আছে প্ৰায় ৬৭% ।অৰ্থনীতিবিদ জিন ড্ৰেজে আৰু ঋত্বিকা খেৰাৰ মতে যদি ৬৭% লোকক ২০২০ চনত হিতাধিকাৰী হিচাপে ধৰা হয় তেন্তে মুঠ জনসংখ্যা ১৩৭ কোটি হ’ব লাগে।জনসংখ্যা ১৩৭ কোটি হ’লে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ হিতাধিকাৰী হ’ব লাগিছিল ৯২ কোটি।আগন্তুক লোকপিয়ল দুয়োটা পদ্ধতিৰে কৰাৰ সিন্ধান্ত লৈছে চৰকাৰে৷ডিজিটেল আৰু পুৰণি দুয়োটা পদ্ধতিৰে হ’ব এই লোকপিয়ল।২০২২ চনত কেন্দ্ৰীয় চৰকাৰে লোকপিয়ল নীতিত কিছু সংশোধনী আনিছিল।গৃহ মন্ত্ৰালয়ে সদনত জনাইছিল যে লোকপিয়লৰ তথ্য সংগ্ৰহৰ বাবে ইতিমধ্যে ২৪.৮৪ কোটি ব্যয় কৰা হৈছে।অৱশ্যে ২০২৩ চনৰ ছেপ্তেম্বৰ মাহলৈকে এই লোকপিয়ল আৰম্ভ হোৱাৰ কোনো আশা নাই।ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যাত প্ৰকাশ যে বহুবোৰ দেশে ক’ভিডৰ বাবে লোকপিয়ল পিছুৱাইছিল যদিও আমেৰিকা,ইংলেণ্ড,চীন আৰু বাংলাদেশে লোকপিয়ল সম্পূৰ্ণ কৰিছে।লোকপিয়ল পলম হোৱাৰ বাবে দেশত প্ৰব্ৰজনকাৰীৰ সঠিক তথ্য পোৱা নাযায়৷১০ বছৰতকৈও অধিক পুৰণি তথ্যৰ ভিত্তিত হিতাধিকাৰী,প্ৰশাসনিক কাম কাজ পৰিচালনা কৰা আৰু প্ৰব্ৰজনকাৰীৰ সংখ্যা উলিয়োৱাটো যথেষ্ট কঠিন।লোকপিয়ল এনেদৰে পলম হৈ থাকিলে দেশৰ নাগৰিকৰ সমস্যা সমূহ সমাধান কৰাটো চৰকাৰৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰে৷তদুপৰি চৰকাৰে লোকপিয়ল সঠিকভাৱে নিৰ্বাচনৰ আগত কৰিলে বহুক্ষেত্ৰত অধিক সংখ্যক হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰিবলগীয়া হ’ব আৰু ই চৰকাৰৰ পুঁজি অধিক ব্যয় কৰাৰ পথ প্ৰশস্ত কৰিব।তদুপৰি বৰ্তমান ঘৰুৱা উৎপাদন হ্ৰাস আৰু ভয়ানক মুদ্ৰাস্ফীতিৰ কবলত পৰা চৰকাৰৰ বাবে লোকপিয়ল লোকসভাৰ নিৰ্বাচনৰ আগত অনুষ্ঠিত কৰাটোও এক গুৰুতৰ সমস্যা হৈ পৰিছে।

Leave A Reply

Your email address will not be published.