যোশীমঠত ভয়ংকৰ বিপদৰ আগজাননী

Share This Article

উত্তৰাখণ্ডৰ যোশীমঠত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।ভূপৃষ্ঠৰ পৰা বহু তললৈ বহি গৈছে যোশীমঠ।ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ নেশ্যনেল ৰিম’ট চেন্সিং চেণ্টাৰৰ পৰা প্ৰকাশিত প্ৰতিচ্ছবিত ধৰা পৰিছে এই তথ্য।বিগত ২৭ ডিচেম্বৰৰ পৰা ৮ জানুৱাৰীৰ সময়চোৱাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।যোশীমঠৰ কেন্দ্ৰস্থলত অৱস্থিত আৰ্মি হেলিপেড আৰু মন্দিৰত প্ৰথম অৱস্থাত প্ৰথম ফাঁট মেলা প্ৰত্যক্ষ কৰিছিল।যোশীমঠৰ বিভিন্ন হোটেল আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰিও ৬৭৮ টা গৃহ বৰ্তমান ভয়ংকৰ বিপদত।অঞ্চলটোৰ বাসিন্দা আৰু অভিজ্ঞ সকলে যোগীমঠৰ এই দুৰ্যোগৰ বাবে অপৰিকল্পিত আৰু যধেমধে বনোৱা নিৰ্মাণ কাৰ্যক জগৰীয়া কৰিছে।পাৱাৰ প্লেণ্টৰ ওপৰিও পাহাৰৰ বৃহৎ শিলাখণ্ড ভাঙি সমতল সৃষ্টি কৰাৰ ফলত এনে বিপৰ্যয় সংঘটিত হোৱা বুলি মন্তব্য কৰিছে বিশেষজ্ঞ সকলে।উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীয়ে ইতিমধ্যে ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰি ক্ষয়ক্ষতি নিৰ্ধাৰণ কৰিব বুলি ঘোষণা কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.