মোডী-মালিয়াৰ বাটেই ল’ব আদানিয়ে !

Share This Article

হিন্দেনবাৰ্গ ৰিপৰ্টৰ পিছত দেশৰ অৰ্থনীতিত উঠিছে ভয়ংকৰ কঁপনি।বিশেষকৈ এলআইচিৰ ভবিষ্যতক লৈ সন্দিহান হৈছে দেশৰ অৰ্থনীতিবিদৰ লগতে শ্বেয়াৰ মাৰ্কেটৰ এক্সপাৰ্টসকল।বিগত দুটা দিন শ্বেয়াৰ মাৰ্কেট বন্ধ থকাৰ বাবে আদানীৰ কোম্পানীৰ শ্বেয়াৰ কিমানলৈ নামিব পাৰে তাৰ সঠিক ধাৰণা কৰিব পৰা নাই যদিও এলআইচিত বিনিয়োগ কৰা লোকসকল যথেষ্ট চিন্তাত পৰিছে।হিন্দেনবাৰ্গৰ ৰিপৰ্ট সম্পৰ্কত বৰ্তমানলৈকে কোনো মন্তব্য প্ৰকাশ কৰা নাই শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনে।তাৰ বিপৰীতে ইয়াৰ বিৰুদ্ধে সৰৱ হৈছে বিৰোধী দলবোৰ।আপৰ সাংসদ সঞ্জয় সিঙে কয় যে কেৱল গৌতম আদানীৰ বাবেই সাধাৰণ জনতাই এলআইচিত বিনিয়োগ কৰা ধন অথলে গ’ল৷সাংসদগৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীক প্ৰশ্ন কৰি কয় ‘ক’ত গ’ল আপোনাৰ ED,CBI,IT,SEBI ?’সাংসদগৰাকীয়ে লগতে কয় যে শীঘ্ৰে আদানী আৰু তেওঁৰ পৰিয়ালৰ লোকৰ পাছপৰ্ট জব্দ কৰিব লাগে আৰু সকলো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত চোকা দৃষ্টি দিব লাগে৷অন্যথা আদানী দেশ এৰি পলায়ন কৰিব।’আনহাতে আন এগৰাকী সাংসদ কীৰ্তি আজাদে লিখিছে “ আদানীৰ যদি ঋণ ৰেহাই নিদিয়ে,তেন্তে আদানিয়ে যিকোনো মুৰ্হুতত দেশ এৰি পলাব৷লিখি ৰাখক এই কথা।”উল্লেখ্য যে আদানিৰ ৫ টা কোম্পানীত মুঠ ৯% শ্বেয়াৰ আছে এলআইচিৰ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.