মেয়ৰ লাগে,ন্যায়াল য়লৈ আপ

Share This Article

দিল্লীত পৌৰ নিৰ্বাচন অনুষ্ঠিত হোৱা দুটা মাহ পাৰ হ’ল।নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল আম আদমি পাৰ্টিয়ে।কিন্তু ৩ বাৰ চেষ্টা চলায়ো মেয়ৰ নিৰ্বাচন কৰিব পৰা নাই আপ দলে।উল্লেখযোগ্য যে সোমবাৰে তৃতীয়বাৰৰ বাবে মেয়ৰ নিৰ্বাচনৰ যোজা চলায়ো মেয়ৰ নিৰ্বাচন কৰিব নোৱাৰিলে দলটোৱে।ইয়াৰ আগতে বিগত ৬ আৰু ২৪ জানুৱাৰীত মেয়ৰ নিৰ্বাচনৰ যোজা চলোৱা হৈছিল যদিও বিজেপিৰ মনোনীত সদস্যই মেয়ৰ নিৰ্বাচনত অংশ লোৱাৰ বিৰোধিতা কৰিছিল আপে।মিউনিচিপাল কৰ্পৰেশ্যন অব দিল্লীৰ কাৰ্যালয়ত সোমবাৰে দিনৰ ১১বাজি ৩০ মিনিটত সকলো সমবেত হোৱাৰ পিছতে প্ৰিজাইডিং অফিচাৰ সত্য শৰ্মাই মনোনীত সদস্য সকলে ভোট দিব বুলি ঘোষণা কৰাৰ লগে লগে পৰিস্থিতি উত্তপ্ত হৈ পৰে৷সোমবাৰে প্ৰথমে মেয়ৰ,ডেপুটি মেয়ৰ আৰু ষ্টেণ্ডিং কমিটিৰ সদস্য সকলৰ নিৰ্বাচন অনুষ্ঠিত হোবাৰ কথা আছিল ।আপৰ নেতা মুকেশ গোৱেলে মনোনীত সদস্যই ভোট দিয়া বিষয়টো সম্পৰ্কত তীব্ৰ প্ৰতিবাদ কৰে।ইয়াৰ পিছতেই আপ নেত্ৰী আতিছীয়ে সাংবাদিকক কয় ‘ আমি মেয়ৰ নিৰ্বাচনৰ বিষয়টো সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম শীঘ্ৰেই।’উল্লেখ্য যে দিল্লী মিউনিচিপাল কৰ্পৰেশ্যন আইন ১৯৫৭ অনুসৰি মেয়ৰ অথবা ডেপুটী মেয়ৰ হাউছৰ প্ৰথম বৈঠকতে নিৰ্বাচিত হ’ব লাগে। কিন্তু দুটা মাহ পাৰ হোৱাৰ পিছতো এতিয়ালৈকে মেয়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা নাই৷বিগত ৪ ডিচেম্বৰতে দিল্লীত পৌৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.