মেঘালয়ত ১০০ প্ৰতিশ্ৰুতি মমতা বেনাৰ্জীৰ

Share This Article

বহু প্ৰতীক্ষিত মেঘালয় বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা হ’ল বুধবাৰে।নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ দিনা মেঘালয়ত উপস্থিত হয় পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী মমতা বেনাৰ্জী।উল্লেখ্য যে উত্তৰ পূবৰ ৰাজ্যবোৰৰ ভিতৰত মেঘালয়ত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূলৰ শক্তি সবল৷মেঘালয়ত ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন৷ইতিমধ্যে মমতা বেনাৰ্জীয়ে মেঘালয়ত বজালে নিৰ্বাচনী ৰণদুন্দুভি।মেঘালয়ত যদি তৃণমূল চৰকাৰ ক্ষমতালৈ আহে তেন্তে মেঘালয়ত অগ্ৰাধিকাৰ পাব ইয়াৰ স্থানীয় লোকে৷নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মেঘালয়ত উপস্থিত হোৱা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় “ মেঘালয়ে নিজে নিজৰ সিন্ধান্ত ল’ব নোৱাৰে।মই পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে আৰক্ষী বাহিনী বিচাৰিছিলোঁ,তেওঁ জনাইছিল যে তেওঁ দিল্লীত কথা পাতিহে সিন্ধান্ত জনাব পাৰিব৷তেওঁ কিয় দিল্লীত সুধিব আৰু তেওঁ যদি দিল্লীতেই সুধিব লাগে তেন্তে তেওঁ শ্বিলঙৰ পৰিবৰ্তে দিল্লীত থকাই ভাল।”মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা বৰ্তমান ৰাজ্যখনৰ তৃণমূল কংগ্ৰেছৰ সভাপতি৷তেওঁ কয়“ আমি আমাৰ জাতিটোৰ কাৰণে বিজেপিৰ বিৰুদ্ধে যুঁজিব লাগিব।আমাৰ এই যুঁজ অস্ত্ৰশস্ত্ৰৰে নহয় বৰঞ্চ আমি ঐক্যবদ্ধভাৱে দিব লাগিব এই যুঁজ৷মেঘালয়-অসম সীমান্তৰ ক্ষেত্ৰত আমি দেখিছোঁ আমাৰ ভূমি অসমক চমজাই দিয়া হৈছে।এই কথা সম্ভৱ হৈছে কেৱল দিল্লীৰ পৰা চলি থকা ৰিম’ট কণ্ট্ৰল চৰকাৰৰ প্ৰতিনিধিৰ বাবে৷প্ৰায় ১৩,৮৫০ একৰ ভূমি ইতিমধ্যে অসমক চমজাই দিয়ে মেঘালয় চৰকাৰে।”মমতা বেনাৰ্জীয়ে অংশ লোৱা এই সভাখন উত্তৰ গাৰো হিলচত অনুষ্ঠিত হৈছিল।গাৰো হিলচত মুঠ ২৪ টা বিধানসভা সমষ্টি আছে।মেঘালয়ত মুঠ ৬০ টা বিধানসভা সমষ্টি আছে।সভাত অংশগ্ৰহণ কৰি তৃণমূল নেত্ৰী মমতা বেনাৰ্জীয়ে ঘোষণা কৰে ‘১০০ দিনৰ প্ৰতিশ্ৰুতি’।পশ্চিম বংগৰ আৰ্হিত মেঘালয়ত আৰম্ভ কৰিব লক্ষ্মী ভাণ্ডাৰ।তদুপৰি মহিলা আৰু ছাত্ৰছাত্ৰীৰ বাবে বিশেষ আঁচনিৰ কথা ঘোষণা কৰে মমতা বেনাৰ্জীয়ে।তেওঁ কয় “বিজেপিৰ প্ৰতিটো স্থিতিয়েই দুমুখীয়া।নিৰ্বাচনৰ আগত এটা আৰু পিছত বেলেগ এটা ৰূপ লয় বিজেপিয়ে।কেন্দ্ৰৰ বিজেপি চৰকাৰে কেৱল বিজেপি শাসিত ৰাজ্যলৈহে সাহাৰ্য পঠিয়ায়।”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.