“মামা,আমাক খেলিবলৈ দিয়ক !”

Share This Article

উৰিয়াগাঁও বালিকা মজলীয়া বিদ্যালয়ৰ একাংশ কণ কণ ছাত্ৰীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ জনালে বিশেষ আহ্বান ।উৰিয়াগাঁও বাইপাছ চ’কৰ কাষৰ চৰকাৰী ভূমি বহিৰাগত বণিক গোষ্ঠীক হস্তান্তৰ কৰাৰ বিৰুদ্ধে উৰিয়াগাঁৱত AJYCPৰ আমৰণ অনশন চলি থকাৰ সময়তে উৰিয়াগাঁও বালিকা মজলীয়া বিদ্যালয়ৰ ছাত্ৰীসকলে বুধবাৰে উৰিয়াগাঁৱত এখন খেলপথাৰৰ বাবে চৰকাৰক ভূমি এৰি দিবলৈ মুখ্যমন্ত্ৰীলৈ জনালে আহ্বান ।উৰিয়াগাঁও বাইপাছ চ’ক নিৰ্মাণৰ পাছত উৰিয়াগাঁৱৰ ঐতিহ্যমণ্ডিত খেলপথাৰখনো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অধিগ্ৰহণ কৰে । যাৰ ফলত বৰ্তমান কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ খেলা-ধূলাৰ লগতে অঞ্চলটোৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে ।ইয়াৰ পৰিপ্ৰেক্ষিততে বাৰ্ষিক খেল-ধেমালিৰ মাজতে একাংশ ছাত্ৰীয়ে মামা সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মালৈ জনালে বিশেষ আহ্বান ।লগতে উৰিয়াগাঁও বালিকা মজলীয়া বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষয়ত্ৰীয়েও খেলপথাৰ খনৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনালে আহ্বান।আনহাতে, উৰিয়াগাঁৱত AJYCP ৰ আমৰণ অনশনে তিনি দিনত ভৰি দিলে যদিও বৰ্তমানেও চৰকাৰী পক্ষৰ পৰা কোনো ধৰণৰ সুদুত্তৰ লাভ কৰা নাই সংগঠনটোৱে। যাৰবাবে সংগঠনটোৱে বুধবাৰে বিয়লি উৰিয়াগাঁৱত অনুষ্ঠিত কৰে এক বিশাল ৰাজহুৱা সভা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.