মনৰ কথা কয় কিন্তু শুনা মানুহ নাই !

Share This Article

মোডীৰ মন কী বাত কোনেও নুশুনে !উত্তৰ – দক্ষিণ – পূৱ সকলোতে মন কী বাতলৈ অনীহা।চি এছ ডি এছৰ সমীক্ষাই উদঙালে ভুৱা দাবীৰ স্বৰূপ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কী বাতৰ ১০০ সংখ্যক এপিচোড সম্প্ৰচাৰ হ’ব দেওবাৰে । তাৰ বাবে দেশজুৰি ব্যাপক আয়োজন কেন্দ্ৰীয় চৰকাৰৰ । ৰংঘৰৰ বাকৰিতো সম্প্ৰচাৰ হ’ব মন কী বাত ।মন কী বাতৰ প্ৰাক সন্ধ্যা যি বিকৃত প্ৰদৰ্শনী কৰা হ’ল তাক লৈ উত্তাল সমগ্ৰ ৰাজ্য ।একেসময়তে প্ৰধানমন্ত্ৰী মোডীৰ মন কী বাতক লৈ কেতবোৰ ভুৱা দাবীও কৰা হৈছে চৰকাৰী সংস্থাৰ দ্বাৰা ।১০০ কৌটি ভাৰতীয়ই শুনিছে মন কী বাত- এই দাবী কৰি আহিছে আই আই এম ৰোহটকৰ।প্ৰচাৰ ভাৰতীৰ অধ্যক্ষৰ উপস্থিতিত দাবী আই আই এমৰ।কিন্তু চৰকাৰৰ এই দাবীৰ বিপৰীতে চি এছ ডি এছৰ সমীক্ষাই স্পষ্ট কৰি দিছে যে আচলতে অধিকাংশ ভাৰতীয়ৰে অনীহা মোডীৰ মন কী বাতলৈ ।চি এছ ডি এছৰ সমীক্ষা অনুসৰি উত্তৰ পশ্চিম ভাৰতৰ ৬৩ শতাংশই শুনা নাই মন কী বাত।
দক্ষিণ ভাৰতৰ ৭৫ শতাংশ জনতাই শুনা নাই মন কী বাত।অহিন্দীভাষী ৰাজ্যৰ ৬২ শতাংশই শুনা নাই মন কী বাত৷ উত্তৰ ভাৰতৰ ৫৪ শতাংশ জনতাই শুনা নাই মন কী বাত।এইদৰে অধিকাংশ ভাৰতীয়ই আজিলৈকে এবাৰো শুনা নাই প্ৰধানমন্ত্ৰী মোডীৰ মন কী বাত । অথচ প্ৰতি মাহে নৰেন্দ্ৰ মোডীয়ে আকাশবাণী যোগে দেশবাসীক শুনাই আহিছে মন কী বাত । চি এছ ডি এছৰ ‘ মেডিয়া ইন ইণ্ডিয়া ‘ সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি , দক্ষিন ভাৰতৰ লোকসকলৰ মন কী বাতৰ প্ৰতি কোনো আগ্ৰহেই নাই । ঘৰত ৰেডিও , টেলিভিছন , ইণ্টাৰনেটৰ সা সুবিধা থকা লোকেও শুনা নাই প্ৰধানমন্ত্ৰী মোডীৰ মন কী বাত । আনকি বিজেপিৰ প্ৰতি সমৰ্থন থকা লোকসকলৰো ৫০ শতাংশই শুনা নাই মন কী বাত । হিন্দীভাষী ৰাজ্যৰো ৫০ শতাংশ লোকে মন কী বাত নুশুনাতো একপ্ৰকাৰ আশ্চৰ্যকৰ কথাই । কিয়নো এই ৰাজ্যসমূহতেই বিজেপিৰ প্ৰধান সমৰ্থকসকল আছে । তাৰ পাছতো তেওঁলোকক আকৰ্ষণ কৰিব পৰা নাই মন কী বাতে । এই সমীক্ষাৰ অন্তত লিখা হৈছে যে দেশৰ সকলো প্ৰান্তৰ অধিকাংশ লোকেই বিগত বৰ্ষত মন কী বাত শুনা নাই । দক্ষিন ভাৰতৰ লোকসকলে হয়তো হিন্দীত সম্বোধন কৰা বাবেই কোনো আগ্ৰহ অনুভৱ কৰা নাই । কিন্তু হিন্দীভাষী ৰাজ্যতো মন কী বাত শুনা লোকৰ সংখ্যা তেনেই তাকৰ ।আনকি যিসকলৰ ঘৰত টি ভি ইণ্টাৰনেটৰ পৰ আৰম্ভ কৰি সকলো অত্যাধুনিক সুবিধা আছে , তেওঁলোকৰ মাজতো মন কী বাতৰ প্ৰতি আগ্ৰহ নাই ।এনে পৰিয়ালৰ দুই তৃতীয়াংশই শুনা নাই মন কী বাত ।এনে এটা অজনপ্ৰিয় অনুষ্ঠানৰ ১০০ সংখ্যক এপিছোড উপলক্ষ্যে যি ঢাক ঢোল বজোৱা হৈছে , সেয়া সঁচাকৈয়ে এক আশ্চৰ্যকৰ পৰিঘটনা হিচাপে বিবেচিত হৈছে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.