মধ্যাহ্ন ভোজনত সাপ !

Share This Article

এক অকল্পনীয় ঘটনা সংঘটিত হৈছে এখন প্ৰাথমিক বিদ্যালয়ত।মধ্যাহ্ন ভোজনৰ আহাৰ গ্ৰহণ কৰি অসুস্থ প্ৰায় ৩০ গৰাকী শিক্ষাৰ্থী।পশ্চিম বংগৰ বীৰভূম জিলাৰ ময়ুৰেশ্বৰ ব্লকৰ অধীনৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।বিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে সকলো আক্ৰান্ত শিক্ষাৰ্থীক ৰামপুৰহাট মেডিকেল কলেজত ভৰ্তি কৰিছে ।বিদ্যালয়ৰ এগৰাকী কৰ্মচাৰীৰ মতে ডাইল থোৱা কণ্টেইনাৰত তেওঁ এডাল সাপ দেখিছিল।সেই ডাইলখিনিয়েই তেওঁ মধ্যাহ্ন ভোজনৰ বাবে ৰান্ধিছিল ।দীপাঞ্জন জানা নামৰ উন্নয়ন খণ্ড বিষয়া গৰাকীয়ে জনোৱা মতে গাঁওখনৰ বিভিন্ন লোকে তেওঁক এই সংক্ৰান্তত অভিযোগ দিছে।ইতিমধ্যে আৰক্ষীয়ে বিষয়টো সম্পৰ্কত তদন্ত আৰম্ভ কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.